চিকাৰীৰ চিকাৰ

বিগত ২০ ছেপ্তেম্বৰত মুক্তিপ্ৰাপ্ত চিকাৰ ছবিখনৰ নাম হয়তো বৰ্তমান অসমৰ সকলোৰে বিদিত। ছবিখন পৰিচালনা কৰিছে দেৱাংকৰ বৰগোহাঁইয়ে। কাহিনীভাগ লিখিছে চাৰা বৰ্ডিনাৰ আৰু বিষ্ণুজ্যোতি সন্দিকৈয়ে। চিত্ৰনাট্য দেৱাংকৰ বৰগোহাঁইৰে। মুখ্য ভূমিকাত জুবিন গাৰ্গে অভিনয় কৰা এই ছবিখন বৰ্তমানেও অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

ছবিৰ আৰম্ভণিতে জুবিন গাৰ্গ অৰ্থাৎ শংকৰৰ নায়কসুলভ আগমণেৰে। আৰম্ভণিতে কাহিনীভাগ গতিশীল যেনেই অনুভূত হয়। উজনি অসমৰ এখন চাহ বাগানৰ পটভূমিত কাহিনী আৰম্ভ হয়। শংকৰ যি চাহ বাগানৰ কৰ্মীসকলৰ মাজত নেতৃত্ব দিয়ে আৰু শংকৰৰ প্ৰেয়সী অষ্টমীৰ প্ৰেমৰ উপস্থাপনৰ লগতে গীতৰো ব্যৱহাৰ কৰা হৈছে। বাগানৰ মালিক থাকে লণ্ডনত। বাগানত হোৱা অন্যান্য সমস্যাৰ বাবে হোৱা কৰ্মচাৰীৰ ধৰ্মঘটত লণ্ডনত তেওঁ অতিষ্ঠ হৈ পৰে আৰু পুত্ৰ ভিভান্তক অসমলৈ প্ৰেৰণ কৰে। ভিভান্তই আহি বাগানৰ দ্বায়িত্ব তেওঁৰ লগত অহা তিনি বন্ধুক অৰ্পণ কৰে। উভতিবৰ সময়ত শংকৰহঁ‌তে ঝুমুৰৰ আয়োজন কৰে অতিথিসকলৰ বাবে। তেনেতে সংঘটিত হয় এটি অঘটন। আৰু এই দুৰ্ঘটনাটোৱেই শংকৰৰ জীৱনৰ লগতে ছবিখনৰ গতিও সলনি কৰে। আৰু এইখিনিৰ পৰাই ছবিখনৰ গতিত চিত্ৰনাট্যখন বাধক হৈ পৰে।

প্ৰথমাৰ্দ্ধতো ছবিখনৰ কোনো অংশতে কোনোধৰণৰ আৱেগ জগাই তুলিব পৰা নাই। লগতে,যদিওবা একচন তথা শিহৰণধৰ্মী ছবিৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছিলে,কিন্তু ছবিখনৰ কোনো অংশতেই পৰৱৰ্তী অংশত কি হ’ব সেয়া জানিবলৈয়ো কোনো আগ্ৰহ বা উৎকন্ঠা নজন্মে। চিত্ৰনাট্যৰ গাঠনিৰ লগতে পৰিচালনাৰ দুৰ্বলতাৰ বাবে এইখিনি সম্ভৱ হৈ নুঠিল সমগ্ৰ ছবিখনতেই। লণ্ডনৰ বাট-পথৰ দৃশ্যায়ন অধিক পৰিমাণে কৰাতো আমনিদায়ক হৈ পৰিছিলে।

সমগ্ৰ ছবিখনতেই কম্পিউটাৰ জেনেৰেটেড ইমেজ,বা চি জে আইৰ প্ৰয়োগ অতি দুৰ্বল। প্ৰধানতঃ লণ্ডনৰ পশ্চাদপটৰ দৃশ্যসমূহৰ। প্ৰথমাৰ্দ্ধত ঝুমুৰৰ ব্যৱহাৰ পৰিস্থিতি সাপেক্ষ তথা সুমধুৰ। ছবিখনত লণ্ডনৰ দৃশ্যাৱলী অধিক দীঘলীয়া হৈছে। সংগীত পৰিচালনাত জুবিন গাৰ্গ সফল। সম্পাদনা বহুলাংশে দুৰ্বল চিকাৰৰ।

অভিনয়ৰ ক্ষেত্ৰত মুখ্য ভূমিকাত অভিনয় কৰা মন যায়,দীনবন্ধুৰ সু-অভিনেতা জুবিন গাৰ্গজনক বিচাৰি পোৱা নগ’ল। কম সময়ৰ বাবে হ’লেও আদিল হুছেইনৰ অভিনয়ৰ কথা ন কৈ ক’ব নেলাগেই। উৰ্মিলা মহন্তৰ অভিনয়ো স্বাভাৱিক। ছবিখন নাতিদীৰ্ঘ কৰাৰ লগতে চিত্ৰনাট্যখনত আৰু অধিক গুৰুত্ব প্ৰদান কৰাহয়,চিকাৰো এখন উপভোগ্য ছবি হৈ উঠিলেহেঁ‌তেন।

-ৰিমলী বৰকটকী।
mail- rimli.borkotoky1985@gmail.com