• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাৰত জোড়ো যাত্ৰা বনাম ৰাহুল গান্ধী আৰু ভাৰতীয় গণতন্ত্ৰ

তাপস মালী by তাপস মালী
January 12, 2023 1:30 pm
Bharat Jodo Yatra
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই প্ৰায় ৩০০০ কিলোমিটাৰৰ যাত্ৰা সম্পূৰ্ণ কৰিলে। সততে বিৰোধীৰ অস্তিত্বক লৈ উঠা প্ৰশ্নবোৰক যাত্ৰাৰ এই সফলতাই বহুখিনি উত্তৰ দিয়াত সফল হ’ব বুলি আশা কৰিব পাৰি। কিয়নো বিগত বছৰসমূহত কংগ্ৰেছ দলত হোৱা খহনীয়া, ক্ষমতাকেন্দ্ৰিক খামখেয়ালি, নিৰ্বাচনত হোৱা বিপৰ্যয় তথা দলটোক নেতৃত্ব দিবলৈ সঠিক নেতৃত্বৰ অভাৱ ইত্যাদি এশ-এবুৰি সমস্যাই দলটোক জনমানসত বিশ্বাসহীন কৰি তুলিছিল।

আকৌ, দলটোৰ নেতা ৰাহুল গান্ধীৰ ওপৰতো সৰ্বসাধাৰণৰ বিশ্বাস প্ৰায় নোহোৱাৰ দৰেই হৈছিল। ইয়াৰ ফলত জনসাধাৰণে কংগ্ৰেছক বিকল্প হিচাপে গণ্য কৰিবলৈ টান পোৱা হৈছিল বা অন্য অৰ্থত ক’বলৈ গ’লে দলটোৰ গ্ৰহণযোগ্যতা সাংঘাটিক ধৰণে হ্ৰাস পাইছিল। ২০১৯ ৰ লোকসভা নিৰ্বাচন তাৰ এক জ্বলন্ত উদাহৰণ। বিমুদ্ৰাকৰণ, জিএছটি আদিৰ বিফলতাৰ পিছত কংগ্ৰেছ দলে যি ধৰণে ২০১৯-ত প্ৰদৰ্শন কৰিব লাগিছিল, সেই ক্ষেত্ৰত দলটো সমূলি ব্যৰ্থ হোৱা দেখা গৈছিল।

সেয়েহে যেতিয়া দলটোৱে ভাৰত জোড়ো যাত্ৰাৰ কথা উল্লেখ কৰিছিল, তেতিয়া বিৰোধীৰ লগত জনসাধাৰণেও এই যাত্ৰা কিমান দূৰ সফল হ’ব তাক লৈ সন্দেহ কৰিছিল। কিন্তু ৭ ছেপ্টেম্বৰ, ২০২২-ত আৰম্ভ হোৱা এই যাত্ৰাই যিধৰণে নিজৰ লক্ষ্যস্হানৰ ফালে আগুৱাই গৈ আছে সিয়ে এই সন্দেহ আঁতৰোৱাত যথেষ্টখিনি সফল হোৱা বুলিয়েই ক’ব লাগিব।

এই ভাৰত জোড়ো যাত্ৰাত বৰ্তমান সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ লোকে যোগ দিয়াৰ লগতে বহুতো শিক্ষাবিদ, শিল্পী, অৰ্থনীতিবিদ, সমাজকৰ্মী তথা ৰাজনৈতিক দল-সংগঠনৰ নেতাই সময়ে সময়ে অংশগ্ৰহণ কৰিছে যিয়ে এই যাত্ৰাক আৰু অধিক গতিশীলতা প্ৰদান কৰিছে। এই যাত্ৰাই অতি তীব্ৰতাৰে নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, মূল্যবৃদ্ধি, হিংসা আদি বিষয়ক দাঙি ধৰিছে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনক প্ৰশ্ন কৰিছে।

দেশত বৰ্তমান সময়ত দেখা দিয়া হিংসা-বিদ্বেষৰ মাজত এক মৰমৰ-ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি তোলাটো এই যাত্ৰাৰ লক্ষ্য বুলি সময়ে সময়ে ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে, যিয়ে এক ধনাত্মক বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিছে।

ভাৰত জোড়ো যাত্ৰাৰ সমসাময়িকভাৱে মানুহৰ মাজত এটা প্ৰশ্নই গা কৰি উঠিছে যে এই যাত্ৰাই ২০২৪ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলক সহায় কৰিব নে নাই? যদিও এই যাত্ৰাৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই বুলি প্ৰকাশ কৰা হৈছে তথাপিও ৰাজনৈতিক দল বুলি ক’লে স্বয়ংক্ৰিয়ভাৱেই ৰাজনৈতিক লাভালাভৰ কথাটো আহিয়েই পৰে।

বিভিন্নজনে এই ক্ষেত্ৰত ভিন ভিন মতামত প্ৰকাশ কৰিছে। কিন্তু ২০২৪ চনৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এতিয়াই সঠিক ৰূপত কোৱাটো টান। ইয়াৰ পৰিৱৰ্তে আন কিছুমান প্ৰাসংগিক কথা নিশ্চয়কৈ ক’ব পৰা যায়।

খুব সূক্ষ্ম দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে এই ভাৰত জোড়ো যাত্ৰাই ভৱিষ্যতে ভাৰতৰ ৰাজনীতিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে। ভাৰত জোড়ো যাত্ৰাৰ আগতে বিৰোধী দল হিচাপে কংগ্ৰেছ দলৰ ভেটি থৰক-বৰক আছিল। নিজৰ দলৰ মাজতে থকা খামখেয়ালি তথা সঠিক দলীয় নেতৃত্বৰ অভাৱৰ বাবে দলটোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। দলটোৰ সাংগঠনিক ভেটিও যথেষ্ট দুৰ্বল হৈ পৰিছিল।

কিন্তু বৰ্তমান ভাৰত জোড়ো যাত্ৰাই দেশৰ সকলো প্ৰান্ততে দলৰ তৃণমূল পৰ্যায়ৰ সদস্যসকলক একত্ৰিত কৰিছে যিয়ে দলটোৰ সাংগঠনিক ভেটি যথেষ্ট মজবুত কৰিবলৈ সক্ষম হৈছে। দেশৰ প্ৰায় সকলো প্ৰান্ততে এই যাত্ৰাত অসংখ্য মানুহে অংশগ্ৰহণ কৰিছে, যিয়ে দলটোৰ সদস্যসকলক উৎসাহ প্ৰদান কৰিছে। যি সময়ত এই যাত্ৰাই দলটোৰ প্ৰতি মানুহৰ হেৰাই যোৱা বিশ্বাসক ঘূৰাই আনিবলৈ সক্ষম হৈছে, সেই একেটা সময়তে এই যাত্ৰাই ৰাহুল গান্ধীৰ ছবিখনকো এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

বিৰোধী পক্ষৰ নেতা এজনক অকৰ্মণ্য বুলি পতিয়ান নিয়াবলৈ বিগত বছৰসমূহত যিধৰণে চেষ্টা কৰা দেখা গৈছে, সেয়া হয়তো ভাৰতীয় ৰাজনীতিৰ ইতিহাসত বিৰল। ৰাহুল গান্ধী বুলি ক’লেই মানুহৰ মনত যি এক কাৰ্টুনৰ চৰিত্ৰ নাইবা পাপ্পু বোলা ভাৱ আহিছিল, সিয়ে বিজেপিক নিৰ্বাচনৰ সময়ত যথেষ্ট সহায় কৰিছিল। একেটা সময়তে মানুহৰ মনত গঢ়ি উঠা এনে এক ছবিৰ বাবে ৰাহুল গান্ধীয়ে ৰাজনৈতিক জীৱনত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

কিন্তু ভাৰত জোড়ো যাত্ৰাই তেখেতৰ এই ছবি সম্পূৰ্ণ সলনি কৰি পেলালে। তেওঁ যি ধৰণে দেশৰ সকলোবোৰ সমস্যাৰ ওপৰত মাত মাতি সেইবোৰৰ ওপৰত বিভিন্ন মানুহৰ লগত আলোচনা কৰিছে আৰু জনসাধাৰণৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাবোৰ বুজ ল’বলৈ চেষ্টা কৰিছে, সিয়ে তেওঁক এজন জনতাৰ নেতা হিচাপে প্ৰতিষ্ঠা হোৱাত সহায় কৰিছে। আকৌ, ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ সময়ত বহুতেই ভাৱিছিল যে হয়তো যাত্ৰাৰ শুভাৰম্ভণি কৰিয়েই ৰাহুল গান্ধীয়ে নিজৰ দায়িত্ব সামৰিব।

কিন্তু যাত্ৰাৰ আৰম্ভণিৰ পৰা এতিয়ালৈ তেওঁ যিধৰণে সকলোৰে লগত ৰ’দে-বতাহে খোজকাঢ়ি প্ৰায় ৩০০০ কিলোমিটাৰৰ যাত্ৰা সম্পূৰ্ণ কৰিলে সিয়ে দলৰ কৰ্মকৰ্তাসকলৰ মাজত উৎসাহ যোগাইছে। এই গোটেই যাত্ৰাত ৰাহুল গান্ধীয়ে যিধৰণে সময়ে সময়ে নিজৰ কথা আৰু কামৰ জৰিয়তে নিজৰ নেতৃত্ব ল’ব পৰা গুণৰ পৰিচয় দিছে সিয়ে ইমান দিনে ছচিয়েল মিডিয়া তথা প্ৰায়বোৰ মুখ্য ধাৰাৰ সংবাদ মাধ্যমত দেখি থকা “পাপ্পু” ছবিখনক নস্যাৎ কৰিছে।

মুঠতে ভাৰত জোড়ো যাত্ৰাৰ একেখন মঞ্চত এফালে যিদৰে কংগ্ৰেছ দলে মানুহৰ মাজত নিজৰ হেৰাই যোৱা বিশ্বাস ঘূৰাই পাবলৈ সক্ষম হৈছে, ঠিক সেইদৰে এজন নেতা হিচাপে ৰাহুল গান্ধীৰ বিশ্বাসযোগ্যতা মানুহৰ মাজত গঢ়ি উঠিছে।

ভাৰত জোড়ো যাত্ৰাই ২০২৪-ৰ নিৰ্বাচন তথা চলিত বৰ্ষত হ’বলগা কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত দলটোক কিমান সহায় কৰিব সেয়া সময়ত স্পষ্ট হৈ পৰিব। কিন্তু এই যাত্ৰাই প্ৰায় বিৰোধীমুক্ত হৈ পৰা ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোত এক আশাৰ সঞ্চাৰ কৰিছে। শতিকা পুৰণি ৰাজনৈতিক দলটোক ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত পুনৰ প্ৰাসংগিক কৰি তুলিছে আৰু সততে কংগ্ৰেছ দলক নেতৃত্ববিহীন দল বুলি সমালোচনা কৰা বিৰোধীসকলক উচিত প্ৰত্যুত্তৰ দিছে।

আকৌ, প্ৰথমাৱস্থাত ভাৰত জোড়ো যাত্ৰাৰ বাতৰি পৰিৱেশন নকৰা মুখ্য ধাৰাৰ সংবাদ মাধ্যমসমূহো বৰ্তমান ইয়াৰ বাতৰি পৰিৱেশন কৰিবলৈ বাধ্য হৈ পৰিছে, যিয়ে এই যাত্ৰাৰ প্ৰভাৱক বাৰুকৈয়ে প্ৰতিফলিত কৰিছে।

এটা গণতান্ত্ৰিক ব্যৱস্থা সুস্থৰূপে চলিবলৈ বিৰোধীৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। বিৰোধী অবিহনে এটা গণতান্ত্ৰিক ব্যৱস্থা সুস্থিৰ ৰূপত বৰ্তি থকাটো কল্পনা কৰিব নোৱাৰি। গতিকে তেনে পৰিপ্ৰেক্ষিতত এই যাত্ৰাই ভাৰতীয় গণতন্ত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেয়া সঁচাকৈয়ে শলাগিবলগীয়া। অনাগত ভৱিষ্যতত নিশ্চয়কৈ এই যাত্ৰাই ইতিহাসৰ বুকুত নিজৰ এক সুকীয়া স্থান কৰিবলৈ সক্ষম হ’ব।

লেখকৰ যোগাযোগ: ৭৫৭৭০৯৯৩৮৩

তাপস মালী

তাপস মালী

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd