The Economist Intelligence unit নামৰ বিশ্বৰ আগশাৰী অৰ্থনীতিবিদ গোষ্ঠীৰ অধীনত এটা বিভাগে বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰ সমূহৰ কাম-কাজ, নিবাৰ্চনপ্ৰক্ৰিয়া, নাগৰিকৰ স্বতন্ত্ৰতা, বৈচিত্ৰতাৰ ওপৰত ভিত্তি কৰি গণতন্ত্ৰৰ সূচাংক (Democracy Index) ৰ তালিকা বা ৰেংকিং প্ৰস্তুত কৰে আৰু এই তালিকাত ২০১৯ বৰ্ষৰ ৫১ সংখ্যক স্থানৰ পৰা ২০২০ বৰ্ষত ভাৰত ৫৩ সংখ্যক স্থানলৈ অৱনমিত হৈছে৷
উল্লেখ্য ২০১৪ চনত অথাৰ্ৎ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ প্ৰথমটো বৰ্ষত উক্ত এই তালিকাত ভাৰতৰ স্থান আছিল ২৭ সংখ্যক৷গৱেষণা আৰু বিশ্লেষণৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই প্ৰতিবেদনে স্বাভাৱিকতে গণতান্ত্ৰিক বা গণতন্ত্ৰ প্ৰেমী জনগণক চিন্তিত কৰি তুলিছে৷ অৱশ্যে এই প্ৰতিবেদনক বাদ দিলেও সাধাৰণ জনতাই নিজেও উপলদ্ধি বা প্ৰত্যক্ষ কৰিছে যে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কি দৰে স্খলন ঘটিছে৷
মত প্ৰকাশ কৰা, মুক্তমনে চলা-ফুৰা, খোৱা, উপাসনা কৰা আদি ব্যক্তিৰ স্বাধীনতাক আঘাত কৰি নাগৰিকৰ মৌলিক অধিকাৰ হৰণ কৰাৰ লগতে কিদৰে শাসকীয়বৰ্গই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ চালিকা শক্তি জনতাৰ স্বায়ত্ব অনুষ্ঠান সমূহৰ স্বকীয়তাক ধ্বংস কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে তাক সচেতন জনতাই ভালদৰে প্ৰত্যক্ষ কৰিছে৷
জনতাই প্ৰত্যক্ষ কৰিছে যে যোৱা কেইটামান বছৰত শাসকগোষ্ঠীয়ে বিভিন্ন প্ৰলোভন তথা ভয়-ভাবুকিৰে দেশৰ গৰিষ্ঠসংখ্যক সংবাদ গোষ্ঠীক নিজৰ মুখপাত্ৰৰ দৰে কিদৰে ব্যৱহাৰ কৰিছে তাকো জনতাই ভালদৰে প্ৰত্যক্ষ কৰিছে৷পিছে এনে নহয় যে গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এই চৰকাৰৰ দিনতে আক্ৰমণ চলিছে, ইয়াৰ পূৰ্বৰ চৰকাৰ সমূহৰ দিনতো এনে আক্ৰমণ চলিছিল৷
কিন্তু মন কৰিবলগীয়া আৰু চিন্তাৰ বিষয় যে, এইবাৰ পূৰ্বতকৈ অধিক ভয়াৱহভাৱে গণতন্ত্ৰৰ ওপৰত আঘাত কৰা উপৰিও দেশৰ ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদী চৰিত্ৰৰ ওপৰত একেলগে আক্ৰমণ কৰি ভাৰত ৰাষ্ট্ৰৰ মূল বুনিয়াদ দেশৰ সংবিধান খনকে সলনি কৰি দিয়াৰ অপচেষ্টাত বৰ্তমানৰ চৰকাৰখন লিপ্ত হৈছে৷
১৯৪৭ চনৰ ১৫ আগষ্টত ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ ১৯৫০ চনৰ আজিৰ এই দিনটোৰ পৰাই ভাৰত ৰাষ্ট্ৰৰ এক নতুন যাত্ৰা বা আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ আৰম্ভ হয় বৈচিত্ৰতাৰ মাজত ঐক্যৰ ভাৱদৰ্শই৷এক বাস্তৱিক আৰু নিৰন্তৰ ৰূপৰেখা তৈয়াৰ কৰি স্বাধীন আধুনিক ভাৰত কোন দিশে আৰু কি ধৰণে আগুয়াই যাব তাৰ মূল আধাৰ বা বুনিয়াদ ‘ভাৰতৰ সংবিধান’ সৰ্বগ্ৰহণযোগ্যভাৱে পূণাংৰ্গ ৰূপ পাইছিল আজিৰ এই দিনটোতে৷
এই দিনটোৰ পৰাই স্বাধীনতা সংগ্ৰামৰ মাজেদি কল্পনা আৰু সৃষ্টি হোৱা ভাৰতীয়ত্বৰ দৰ্শনে আমাৰ দেশ আগুয়াব ধৰে গণতন্ত্ৰ, বৈচিত্ৰতা আৰু উন্নয়নক আধাৰ হিচাপে লৈ৷ গণতন্ত্ৰ য’ত, মানৱতাবোধ, ধৰ্মনিৰপেক্ষতা, সাম্য আদি প্ৰমূল্য নিহিত হৈ থাকে আৰু লগতে গণতন্ত্ৰই ব্যক্তিৰ স্বাধীনতাক প্ৰতিপন্ন কৰে৷
দ্বিতীয়তে বৈচিত্ৰতাই ভাষিক, সাংস্কৃতিক তথা ধৰ্মীয় বিবিধতাক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি বহন কৰে আৰু তৃতীয়তে ৰাষ্ট্ৰৰ উন্নয়নৰ অৰ্থই হৈছে সমাজৰ শেষৰজন ব্যক্তিৰ চকুলো মচাৰ সৰ্বাঙ্গীন উন্নতি৷
এই তিনিটাওটা বিষয় গণতান্ত্ৰিক প্ৰমূল্যৰ ভিতৰত পৰে বাবে সকলো লোকক সম-অধিকাৰ প্ৰদান কৰা তথা কোনো লোকক বিশেষ শাৰীৰ মৰ্যাদা প্ৰদান নকৰা বা প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ভাগ নকৰা আমাৰ সংবিধানৰ ১৪ আৰু ১৫ নং অনুচ্চেদত মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ অন্তৰ্নিহিত নীতিসমূহক গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰৰ আৰু আইনৰ চকুত সকলোকে সমান আৰু কোনো বৈষম্য নকৰাকৈ আইনৰ দ্বাৰা সমানে সুৰক্ষা প্ৰদান কৰিছে৷
আনহাতে জাতি, বৰ্ণ-ধৰ্ম, লিংগ আৰু বংশমূলৰ আধাৰত কোনো নাগৰিকক বৈষম্যমূলক আচৰণ নকৰিবলৈ আদেশ দিছে৷ ১৪-১৫ নং এই অনুচ্চেদত সন্নিবিষ্ট সাম্যৰ এনে গতিশীল ধাৰণাই সকলো ধৰণৰ বৈষম্যমূলক আচৰণ, কাৰ্য বা স্বৈৰচাৰিতাৰ বিৰোধিতা কৰিছে৷ গতিকে সংখ্যালঘু তথা দুৰ্বল শ্ৰেণীৰ অধিকাৰৰ প্ৰশ্নই মানৱীয়, বৈচিত্ৰপূৰ্ণ আৰু গণতান্ত্ৰিক ভাৰত ৰাষ্ট্ৰৰ ধাৰণাক প্ৰতিপন্ন কৰিছে; আৰু এনে প্ৰমূল্যৰে ভৰা আধুনিক ভাৰতৰ নিৰ্মাণৰ বাবে গণতান্ত্ৰিক অনুশীলনক তীব্ৰতৰ আৰু ধাৰাবাহিকতাৰ বাবে বিধিগত ব্যৱস্থাৰ লিখিত সমষ্টিয়ে হৈছে ভাৰতৰ সংবিধান, যি দেশৰ বুনিয়াদ৷
পৰিতাপৰ বিষয় যে দেশৰ এই বুনিয়াদ আমাৰ সংবিধানক আজি অতি কৌশলগত আৰু ব্যৱস্থাগতভাৱে আক্ৰমণ কৰা হৈছে৷ সংবিধানৰ মূল চৰিত্ৰক সম্পূৰ্ণৰূপে আঘাত কৰি শাসকীয় পক্ষই কেৱল নিজৰ স্বাৰ্থ সুৰক্ষা বাবে দেশৰ সংখ্যালঘু আৰু পিচপৰা দলিত জনতাৰ ওপৰত অতি ব্যৱস্থাগতভাৱে আক্ৰমণ কৰি তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ কাৰ্যত লিপ্ত হৈছে৷ হিন্দু জাতীয়তাবাদৰ নামত পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে জাতীয় সম্পদ সমূহ বিক্ৰী কৰি অতি বৈষম্যমূলক অৰ্থনৈতিক নীতিৰে সাধাৰণ জনতাৰ ওপৰত অত্যাধিক কৰ আৰোপ কৰি এফালে যদি এক অ-সন্তুলিত আৰ্থ-সামাজিক ব্যৱস্থা তৈয়াৰ কৰিছে য’ত কৃষক শ্ৰমিক, মেহনতী জনতাৰ জীয়াই থকা অধিকাৰ লুপ্ত হ’ব ধৰিছে৷
আনফালে সাধাৰণ জনতাৰ মৌলিক দাবী সমূহ নস্যাৎ কৰি অতি হিন্দুত্বৰ নামত ধৰ্মীয় সংখ্যালঘু আৰু পিচপৰা জাতিসমূহক দ্বিতীয় শ্ৰেণী নাগৰিক সজাই তেওঁলোকৰ সাংবিধানিক অধিকাৰক খৰ্ব কৰি গণতান্ত্ৰিক ব্যৱস্থাক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়াত ব্ৰতী হৈছে৷ শ-বছৰীয়া স্বাধীনতা সংগ্ৰামৰ বিনিময়ত লাভ কৰা নাগৰিকৰ স্বাধীনতা আৰু সকলো লোকৰে জীয়াই থকা সম-অধিকাৰ সমূহ যাতে ক্ষমতাশালী মহল বা শাসকীয় গোষ্ঠীয়ে ইচ্চা কৰিলেও কাঢ়ি ল’ব নোৱাৰে তাৰ বাবে বিধি-প্ৰস্তুত কৰি বক্তিৰ স্বতন্ত্ৰতা আৰু জীৱনক প্ৰাধান্য দি মৌলিক অধিকাৰ সমূহ ত্ৰুটিহীনভাৱে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টাসকলে আমাৰ সংবিধানত সন্নিবিষ্ট কৰি গৈছে৷
সংখ্যাগুৰুৰ দ্বাৰা যাতে সংখ্যালঘু অত্যাচাৰিত নহয়, শোষিত নহয় তাৰ বাবে ৩০ নং অনুচ্চেদে সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিশেষ বিধি অন্তৰ্ভুক্ত কৰিছে৷ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সংখ্যালঘুৰ সুৰক্ষা তথা অধিকাৰ প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ অন্যতম৷ মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত ‘ব্যক্তিৰ স্বতন্ত্ৰতা’ বিষয়টো স্পষ্ট আৰু বহলভাৱে সংবিধানত ব্যাখ্যা কৰিছে৷ ‘স্বতন্ত্ৰতা’- স্বাধীনভাৱে দেশৰ যি কোনো ঠাইলৈ যাব পৰা, শান্তিপূৰ্ণভাৱে সংগঠিত হোৱা, চিন্তা, মত-অভিব্যক্তি প্ৰকাশৰ স্বাধীনতা,ধৰ্মীয় বিশ্বাসৰ স্বাধীনতা ইত্যাদি৷
আজি এই চৰকাৰে এই স্বতন্ত্ৰতাক আঘাত কৰিছে আৰু চৰকাৰৰ অপ-শাসন তথা জনবিৰোধী নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে মাত মাতিলে ভুৱা-গোচৰ জাপি দি বিভিন্ন হাৰাশাস্তি প্ৰদান কৰি গণতান্ত্ৰিক ব্যৱস্থাক ধ্বংস কৰিছে৷ দেখা গৈছে বিভিন্ন ছবি নিৰ্মাতা, লেখক-সাহিত্যিক, কবি, কৌতুকশিল্পী আদিকো নিজৰ মাধ্যমৰ যোগেদি চিন্তা প্ৰকাশৰ ক্ষেত্ৰতো এই চৰকাৰখনে বাধা আৰোপ কৰিছে যদিহে সেই চিন্তা তেওঁলোকৰ দলীয় আদৰ্শগত দৰ্শনৰ বিপৰীত বা তেওঁলোকৰ অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে হয়৷
হিটলাৰ, মুছলনিৰ দৰে শাসনৰ গাদীত বহিয়ে নীতি প্ৰস্তুত কৰিছিল যে ‘যুক্তি নকৰিবা, কেৱল আদেশ মানি লোৱা’ ঠিক সেই একে ফেচিষ্ট নীতিৰে বৰ্তমানৰ বিজেপি চৰকাৰখনে বিশেষ এক শ্ৰেণী আৰু ধৰ্মৰ পক্ষত থিয় দি ৰাজনৈতিক আৰু আৰ্থ-সামাজিক এক অসহিষ্ণু পৰিৱেশৰ সূচনা কৰি দেশৰ গণতন্ত্ৰক ধ্বংস কৰাৰ চেষ্টা চলাইছে৷ দেশৰ নাগৰিকৰ সামূহিক ইচ্চা আৰু স্বাৰ্থক সুৰক্ষা প্ৰদান কৰা আমাৰ সংবিধানৰ ওপৰত আক্ৰমণ কৰি স্বৈৰতান্ত্ৰিক ৰাষ্ট্ৰ-নিৰ্মাণৰ বাবে বৰ্তমানৰ শাসকীয় গোষ্ঠী অগ্ৰসৰ হোৱা দেখা গৈছে৷
এইয়া এক জটিল সময়, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি এক বৃহৎ প্ৰত্যাহ্বানৰ সময়৷ শাসকীয় পক্ষৰ দ্বাৰা এয়া কেৱল সংবিধান বা গণতন্ত্ৰৰ প্ৰতি আক্ৰমণ নহয়৷ দেশৰ প্ৰত্যেকজন নাগৰিকৰ সম-অধিকাৰ, ন্যায়, মৌলিক অধিকাৰ আৰু গৰিমাৰে জীয়াই থকা অধিকাৰৰ ভৱিষ্যতৰ প্ৰতি আক্ৰমণ হৈছে৷ শত সহস্ৰজনৰ তেজৰ বিনিময়ত লাভ কৰা আমাৰ স্বাধীনতা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ অটুট ৰক্ষাৰ স্বাৰ্থত, সকলোৱে সম-অধিকাৰ তথা আত্মভিমানেৰে জীয়াই থকাৰ স্বাৰ্থত আজি গণতন্ত্ৰপ্ৰেমী জনগণেদেশৰ সংবিধান ৰক্ষাৰ পক্ষত এক শক্তিশালী যুঁজ দিয়াৰ প্ৰয়োজন৷
এই যুঁজ গণতন্ত্ৰ বিৰোধীসকলৰ বিৰুদ্ধে, এই যুঁজ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে, এই যুঁজ হ’ব লাগিব মনোবাদী সকলৰ বিৰুদ্ধে৷ মনত ৰখা উচিত গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সপোন দ্ৰষ্টাৰ অন্যতম মহাত্মা গান্ধীক কোনো এজন অসুখী বা হিংসুক ব্যক্তিয়ে হত্যা কৰা নাছিল৷ গান্ধীক হত্যা কৰিছিল এটা মতাদৰ্শই৷ এটা Socio-Political মতাদৰ্শই৷ যি মতাদৰ্শ ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰ বিৰোধী৷ বৰ্তমান দেশৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানৰ বিষয় এই যে উক্ত গান্ধী হত্যাকাৰী সেই মতাদৰ্শই ইতিমধ্যে দেশৰ বহু লোকক অসুখী কৰি তুলিছে যি গণতন্ত্ৰ ৰক্ষাৰ যুঁজৰ আৰু গণতন্ত্ৰৰ বাবে অতিকে ভয়াবহ৷
গতিকে সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত চলা আক্ৰমণৰ এই জটিল সন্ধিক্ষণত আধুনিক ভাৰত ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ স্বপ্নক বাস্তৱায়িত কৰি তুলিবলৈ ভগত সিং, গান্ধী আৰু আম্বেদকাৰৰ দৰে মহান ব্যক্তিসকলৰ চিন্তাত যুৱ প্ৰজন্ম তথা সাধাৰণ ৰাইজৰ মনত পুনৰ প্ৰোথিত কৰি তুলিব লাগিব৷ গণতন্ত্ৰ ধ্বংসকাৰী চিন্তাৰ বিষবাষ্পক সমাজৰ পৰা কেৱল গণতান্ত্ৰিক চিন্তাৰে মচিব লাগিব৷ তাৰ বাবে গণতান্ত্ৰিক চিন্তাক অধিক তীব্ৰতাৰে সৰ্বব্যাপি পুনৰ জাগৰণ কৰি তোলাৰ আৰম্ভ হওক এক নতুন যাত্ৰাৰ৷ এই যাত্ৰা হওক আজিৰ এই দিনটোৰ পৰাই৷