• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চিনেমা কথা: ষ্টীভেন স্পীলবাৰ্গৰ ‘দা ফেবলমেনছ্’

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
April 7, 2023 6:13 pm
The Fabelmans
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বখ্যাত পৰিচালক ষ্টীভেন স্পীলবাৰ্গৰ ছবি দা ফেবলমেনছ্- যিয়ে গত ৯৫ সংখ্যক একাডেমী বঁ‌টা প্ৰতিযোগিতালৈ শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰীকে আদি কৰি ৭ টাকৈ মনোনয়ন লাভ কৰাৰ লগতেই শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ ৮০তম গ’ল্ডেন গ্ল’ব বঁ‌টাও লাভ কৰিবলৈ সক্ষম হৈছিলে। দা ফেবলমেনছ পৰিচালক ষ্টীভেন স্পীলবাৰ্গৰেই অৰ্ধ-আত্নজীৱনীমূলক ছবি। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালছোৱাত অৰ্থাৎ ১৯৫২ চনৰ পৰা ১৯৬৪ চন পৰ্যন্ত আমেৰিকাৰ এৰিজ’না প্ৰদেশত স্পীলবাৰ্গৰ শৈশৱ-কৈশোৰ আৰু যৌৱন কালৰ এক ছবি তুলি ধৰা হৈছে এই ছবিখনৰ মাধ্যমেৰে। পৰিচালনা অৱশ্যেই স্পীলবাৰ্গৰেই। কাহিনী আৰু চিত্ৰনাট্য লিখিছে ষ্টীভেন স্পীলবাৰ্গ আৰু ট’নী কুছনাৰে। ২০২২ বৰ্ষৰ ট’ৰন্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথম প্ৰদৰ্শনী হোৱা এই ছবিখন বৰ্তমান এমেজন প্ৰাইমত উপলব্ধ।

চিনেমাৰ মাজেৰে চিনেমা-প্ৰেম-লগতে আনুষংগিক তথা পৰিস্থিতি সাপেক্ষ ঘটনাক্ৰমৰ মাজেদিয়েই চিত্ৰায়ণ কৰা এখন ছবি দা ফেবলমেনছ্। ছবিৰ আৰম্ভণি হয়, শিশু চেমী(মূখ্য চৰিত্ৰ)য়ে পিতৃ-মাতৃৰ লগত এখন বিখ্যাত চিনেমা হলত চাবলৈ যোৱাৰ দৃশ্যৰে। ছবিখনত দেখা এক ৰেল দুৰ্ঘটনাৰ ঘটনাই প্ৰভাৱান্বিত কৰা শিশুটিক পিছত মাতৃয়ে কিনি দিয়া এটি সৰু ভিডিঅ’ কেমেৰাৰে ৰেকৰ্ডিঙ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু এই প্ৰক্ৰিয়াৰ মাজেৰেই চেমীৰ বাঢ়ন্ত বয়সৰ সমান্তৰালকৈ পৰিয়ালৰ ভিন্ন ঘটনাক সততা, সৰলতাৰে তুলি ধৰা হৈছে ছবিখনত। ছবিখনৰ কাহিনীভাগ কোনো নাটকীয়তা বিহীন ভাৱে, স্বাভাৱিক গতিত আগবাঢ়ে। সচৰাচৰ ষ্টীভেন স্পীলবাৰ্গৰ ছবিত তেওঁ‌ যিদৰে কাহিনী কথন, চৰিত্ৰক প্ৰতিষ্ঠা কৰা আদিবোৰ এই ছবিখনতো অতি সাৱলীল।

মাজে মাজে ছবিখনৰ গতি অতি মন্থৰ হোৱা যেন লাগে যদিও পৰৱৰ্তী অংশই পুনৰাই মনোগ্ৰাহী হৈ পৰে। অৰ্থাৎ, সেই মন্থৰতা একঘেয়ামী নহয়। মাজে-সময়ে স্বতঃস্ফূৰ্ত হাস্যৰসৰো প্ৰয়োগ হৈছে। আৰম্ভণিৰে পৰাই আলোকশিল্পৰ কাম উচ্চ মানদণ্ডৰ আৰু পৰিস্থিতি সাপেক্ষে কৰা কেমেৰাৰ ব্যৱহাৰ উল্লেখনীয়। যেনে বিবাদময় পৰিস্থিতিত চৰিত্ৰৰ চৌপাশৰে কেমেৰাৰ ঘূৰ্ণীয়মান ব্যৱহাৰ, দুখজনক পৰিস্থিতিত হাই এংগল শ্বটৰ ব্যৱহাৰ, বৰ্ষন্মুখৰ নিশাৰ আলোছাঁ‌য়াত বেৰত বাহিৰৰ বৰষুণ আৰু চেমীৰ হাতৰ ছাঁ‌ আদি খুব ভাল লগা দৃশ্যাংশ। সম্পাদনাৰ দিশটিও ভাল লগাই।

পৰৱৰ্তী সময়ত কেমেৰাৰে চুটি চুটি ছবি নিৰ্মাণ কৰি যোৱা চেমীয়ে সেই কেমেৰাৰ ৰীলতেই আৱিস্কাৰ কৰা নিজ পৰিয়ালৰ এক ৰুঢ় সত্য আৰু সেই সত্যই আনি দিয়া এক বিশৃংখলতাৰ পিছতো কিদৰে আকৌ চিনেমা নিৰ্মাণতেই একাত্ম হৈ ৰয়-সেইখিনিক লৈয়েই কাহিনীভাগ আগুৱাই। জীৱন-বাস্তৱৰ ৰুক্ষতাৰ মাজতো কলা কিদৰে জীয়াই থকাৰ এক পথ হ’ব পাৰে, তাকো সৰসৰূপে প্ৰদৰ্শন কৰা হৈছে। কেইবাদশকৰ পুৰণি কাহিনীৰ লগত সংগতি ৰাখি ঘৰ-গাড়ী, পোছাক, চুলিৰ ষ্টাইল, বাট-পথৰ উপস্থাপন কৰা হৈছে। আৱহ-সংগীত পৰিস্থিতি-সাপেক্ষ।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব চেমীৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা মিচেল উইলিয়ামছৰ অভিনয়ৰ কথা। চেমীৰ চৰিত্ৰত গেব্ৰিয়েল লা-বেল্লেৰ অভিনয়ো স্বাভাৱিক। লগতে অন্যান্য চৰিত্ৰসমূহৰ নিৰ্বাচন আৰু অভিনয়ো যথাযথ। অন্তিম দৃশ্য আলোকসন্ধানী, অৰ্থাৎ যোগাত্মক।

(লেখিকাৰ মেইল: [email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd