চিনেমাখনৰ নাম দেখিয়েই নিশ্চয়কৈ সকলোৱে বুজিব পাৰিছেই আজিৰ এই কলমৰ বিষয়ে। হয়, গত ২৭ অক্টোবৰত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি ৰাঘৱৰ বিষয়েই আজিৰ এই লিখা। ছবিখনৰ পৰিচালনা যতীন বৰাৰ আৰু কাহিনী আৰু চিত্ৰনাট্য অভিজিত ভট্টাচাৰ্যৰ। অভিনেতা যতীন বৰাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি ৰাঘৱ বৰ্তমানেও ছবিগৃহত চলি আছে।
চিনেমাৰ আৰম্ভণি হয় এক হুলস্থূলীয়া পৰিবেশ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হোৱা এক অপহৰণৰ দৃশ্যৰে। আৰম্ভণিতেই খলনায়ক এজনক নায়কে গুৰুলা-গুৰুলকৈ পিটি এই কথা স্পষ্ট কৰি দিয়ে যে,চিনেমাৰ পৰৱৰ্তী পৰ্যায়ত খলনায়কৰ লগত কোনো বিবাদ হ’লেও তাক লৈ দৰ্শকৰ কোনো উৎকন্ঠাৰ অৱকাশ নাই। চিনেমাখনৰ আৰম্ভণিৰে পৰাই কাহিনীভাগে কোনদিশে গতি কৰিছে,তাৰ কোনো এক সুস্থিৰতা বা সংগতি নাই। ৰাঘৱৰ আটাইতকৈ দুৰ্বল অংশটোৱেই হৈছে চিনেমাখনৰ সংগতিহীন,জোৰা-টাপলি মৰা কাহিনী আৰু তাতোকৈ দুৰ্বল চিত্ৰনাট্য। “মই আপোনাৰ নিমখ খাইছো”-“এতিয়া গুলী খা”-ধৰণৰ সম্পূৰ্ণ পুৰণি বলীউডী চিনেমাৰ নকল কৰা সংলাপে ছবিখনৰ প্ৰতি বিৰক্তি বঢ়াই তোলে। আৰম্ভ হোৱাৰ ২০ মিনিটৰ পিছলৈকে ছবিখন চাবলৈ কোনোধৰণৰ আগ্ৰহ নজন্মে। আনহাতে ছবিৰ অতি মহান নায়কৰ লগত আশৈশৱ হৈ অহা ঘটনাবোৰত,অৱহেলাবোৰত,ছবিৰ আৰম্ভণিত নায়কৰ প্ৰতিক্ৰিয়া দেখি এনে লাগে যেন নায়কে সেইবোৰ সেই প্ৰথমবাৰৰ বাবেহে পাইছে,মাকৰ লগত সুস্থিৰ সম্পৰ্ক থকা ভায়েকে হঠাতে বিয়া পাতি আনি ঘৰ এৰা,সমাজৰ ভয়ত বিয়া ভঙা কইনাজনীৰ অচেতন অৱস্থাতে আনক বিয়া দি দিয়া,মাকে ৰাঘৱৰ আগত সত্য উদঙাই দিয়াৰ পিছত মাকৰ চিকিৎসাৰ বাবে বহু অৰ্থৰ প্ৰয়োজনৰ সময়ত,নায়কে নিজ একমাত্ৰ উপাৰ্জনৰ আহিলা নিজৰ গাড়ীখন জ্বলাই দিয়া-কাহিনীৰ এইবোৰ অংশৰ কোনো গ্ৰহণযোগ্যতাই নাই। এনেবোৰ দিশে চিত্ৰনাট্য আৰু কাহিনীৰ দুৰ্বলতাক দৰ্শাই। তদুপৰি ছবিখনৰ আন এক দুৰ্বল অংশ হৈছে,সময় সাপেক্ষে জোৰ কৰি উপস্থাপন কৰিবলৈ চেষ্টা কৰা হাস্যৰস-যিয়ে হাঁহিৰ খোৰাক যোগোৱাৰ পৰিৱৰ্তে বিৰক্তিহে জন্মাই। ছবিখন চাই থাকোতে এনে অনুভৱ হৈছিল যেন ৮০-৯০ দশকৰ কেইবাখনো হিন্দী ছবিৰ অংশকহে সংযুক্ত কৰা হৈছে। চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনাৰ দুৰ্বলতাৰ লগতে আন এক অতি দুৰ্বল দিশ হৈছে ৰাঘৱৰ সম্পাদনাৰ দিশটো। বৰ্তমান সময়ৰ প্ৰচলিত তড়িৎ গতিৰ চিনেমাৰ ধাৰাৰ লগত সংগতি ৰাখিবলৈয়েই হয়তো,ছবিখনৰ দৃশ্যাংশবোৰৰ প্ৰায়বোৰ সময়তেই হঠাৎ কাট কৰি দিছে বা চুটি কৰি দিছে। অপ্ৰত্যাশিত বা পৰৱৰ্তী পৰ্যায়ত কি হ’ব, সেই লৈ আগ্ৰহ জন্মাব পৰা কোনো উপাদান নাই চিনেমাখনত।
মেল’ড্ৰামা বা নাটকীয়তা ইমানেই বেছি হৈ পৰে যে, মাজভাগৰ পৰা ছবিখন চাই থকা অতি অসহ্যকৰ হৈ পৰে। এষাৰ কথা আছে-“নাটক অভিনেতাৰ মাধ্যম আৰু চিনেমা পৰিচালকৰ মাধ্যম”। ৰাঘৱত পৰিচালক যতীন বৰা অসফল। আনকি সু-অভিনেতা যতীন বৰাজনকো তেওঁৰ অভিনয় কুশলতাক প্ৰদৰ্শন কৰোৱাত ব্যৰ্থ হয় পৰিচালক যতীন বৰা। মুঠতে ৰাঘৱ চাবলৈ গৈ সম্পূৰ্ণৰূপে নিৰাশ হোৱাৰ বাদে আন কোনো কথাই নেথাকিল।
-ৰিমলী বৰকটকী।
mail- [email protected]