গৌৰৱ আৰু লুৰীণৰ মিলন ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় মূল্যবোধৰ পৰাকাষ্ঠা!

কাইলৈ আন ঠাইৰ লগতে উজনীৰ দুটা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই সমষ্টি দুটা হৈছে যোৰহাট আৰু ডিব্ৰুগড়। এই সমষ্টি দুটাৰ বৈশিষ্ট্য কি? এই সমষ্টি দুটাৰ  প্ৰতিদ্বন্দিতাত থকা প্ৰাৰ্থী কেইজনৰ আৰু তেওঁলোকৰ দল দুটাৰ বৈশিষ্ট্য কি? কথাটো অলপ বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন। 

এই দুয়োটা সমষ্টি অসমীয়াৰ আত্ম-গৌৰৱ আৰু আত্ম-সন্মানৰ সমষ্টি। মন কৰিব ইয়াত প্ৰাৰ্থী আৰু দল সনাপোতোকা হৈ আছে। যোৰহাটতত বিজেপিৰ প্ৰাৰ্থী হ’ল তপন গগৈ। তপন গগৈ ক’ৰপৰা আহিছে? সদৌ অসম ছাত্ৰ সন্থাৰ পৰা। সদৌ অসম ছাত্ৰ সন্থাই এসময়ত সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰৰ ছাঁটোকে গছকিবলৈ টান পাইছিল। তেওঁলোকে সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰক এঘৰীয়া কৰিছিল। তেতিয়া অৱশ্যে তলে তলে নিজৰ পৰিচয় ব্যক্ত নকৰাকৈ আৰ এচ এচ অসমত বেছ সক্ৰিয় হৈ আছিল। কিন্তু বিজেপিৰ  নাম-গোন্ধেই নাছিল। তৎসত্বেও আছু গোত্ৰীয় আলফাৰ হাতত কেইবাজনো বিজেপি নেতা/পাতি নেতা পৰিছিল। সেই আছুৰ পৰা অহা তপন গগৈ পিছত গৈ বিজেপি হ’ল। নিজৰ জাতীয়তাবাদী পৰিচয় পুৰি খাই ৰাষ্ট্ৰীয়তাবাদত শৰণ ল’লে। ইমানদিনৰ আঞ্চলিকতাবাদী, জাতীয়তাবাদী শ্লোগান বতাহত মিলি গ’ল। 

এতিয়া আহিছোঁ গৌৰৱ গগৈলৈ। গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী। তেওঁ কংগ্ৰেছী ঐতিহ্যৰ ধাৰক বাহক। কংগ্ৰেছী ঐতিহ্যটো কি? দেশৰ স্বাধীনতা আন্দোলনৰ ঐতিহ্য, উদাৰ গণতন্ত্ৰ আৰু সমাজবাদৰ ঐতিহ্য। আমাৰ দেশৰ সংবিধানৰ প্ৰস্তৱনাৰ ঐতিহ্য। আৰু এটা কথা, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধী, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰীৰ পৰা শৰৎ সিংহ, আনকি তৰুণ গগৈলৈকে অসমৰ কোনোজনেই কিন্তু এতিয়াৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ দৰে দিল্লীৰ কথা মতে উঠবহ কৰা মুখ্যমন্ত্ৰী নাছিল। গোলাপ বৰবৰাৰ ব্যক্তিত্বৰ কথাতো ক’বই নালাগে। আনকি হীতেশ্বৰ শইকীয়াইও গাদী এৰি দিছিল অসমৰ স্বাৰ্থত। অসম চুক্তিৰ স্বাৰ্থত। সেই ঐতিহ্যৰ ধ্বজাবাহী গৌৰৱ গগৈ। গৌৰৱৰ সংসদত দিয়া ভাষণবোৰ চাওক। গৌৰৱৰ হস্তক্ষেপত স্বয়ং মোদীয়ে থৰকাচুটি হেৰাইছিল। কিমান কম সময়ৰ ভিতৰতে গৌৰৱে নিজকে এজন পৰিপক্ক নেতা হিচাপে পৰিচয় দিব পাৰিছে, তাকো সৰ্বভাৰতী পৰ্যায়ত।

এইবাৰ আহো ডিব্ৰুগড়লৈ। সৰ্বানন্দ সোণোৱাল কোন? একালৰ আছুৰ চৌখিন নেতা। আছুৰ পৰা এজিপি হৈ বিজেপি লৈ যোৱা তেওঁৰ ৰাজনৈতিক জীৱন অতি মসৃণ। সৰ্বানন্দ কথাবতৰাত হিমন্তবিশ্বৰ সম্পূৰ্ণ বিপৰীত। বিনয়ী। ভদ্ৰ। কিন্তু তেওঁৰ ৰাজনৈতিক জীৱন হ’ল আপোচৰ। তেওঁৰ ভদ্ৰতাৰ বাহ্যিকতা এক অৰ্থহীন অন্তঃসাৰশূণ্যতা। কা আন্দোলনৰ তীব্ৰতাই তেওঁক ক’বলৈ বাধ্য কৰিছিল- ‘ৰাইজ মোক এঘৰীয়া নকৰিব’। কিন্তু নিজৰ ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ তেওঁ অসমৰ ৰাইজক এঘৰীয়া কৰিবলৈ কেতিয়াও কুন্ঠাবোধ কৰা নাই। সৰ্বানন্দৰ আন এটা নাম আপোচ বুলিও ক’ব পাৰি। তাৰ বিপৰীতে লুৰীণ কোন? লুৰীণো আছুৰ পৰা আহিছে। কিন্তু লুৰীণে জাতীয়তাবাদী পৰম্পৰাত খামোচ মাৰি ধৰি আছে। তেওঁ কা আন্দোলনত সমুখৰ পৰা নেতৃত্ব দিছিল। আৰু ৰাজনৈতিকভাবে তাৰ মোকাবিলা কৰিবলৈ ‘অসম জাতীয় পৰিষদ’ খুলিছিল। লুৰীণে আপোচ কৰা নাই। কিন্তু সময়ৰ তাগিদাত লুৰীণে জাতীয়তাবাদী সংকীৰ্ণতাৰ বাহিৰলৈ ওলাই আহি কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী যুক্তমৰ্চাৰ অন্তৰ্ভুক্ত হৈছে। সেইটো কৰি লুৰীণে নিজৰ ৰাজনৈতিক বিচক্ষণতাৰহে পৰিচয় দিছে।

এই যে ডিব্ৰুগড়ৰ সুস্থ অসমীয়া জাতীয়তাবাদৰ লগত মানে অসম জাতীয় পৰিষদৰ লুৰীণৰ লগত যোৰহাটৰ সৰ্বভাৰতীয় ভাৰতীয় সংবিধান আৰু উদাৰ গণতন্ত্ৰ, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শত বিশ্বাসী  ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ একলগ হৈছে, তেওঁলোকে ঐক্যমঞ্চ কৰিছে সেইটো বৰ তাৎপৰ্যপূৰ্ণ। ইয়াত অসমৰ স্বাৰ্থ বিসৰ্জন দি ভাৰতীয় হোৱাৰ কথা অহা নাই। ইয়াত অসমীয়া জাতীয়তাবাদৰ লগত ভাৰতীয় জাতীয়তাবাদক সংযুক্ত কৰাৰ কথাহে আছে। ইয়াত বিজেপিৰ দৰে এক জাতি, এক ৰাষ্ট্ৰ এক ভাষা কৰাৰ কথা অহা নাই।  ইয়াত মিলে সুৰ মেৰা তোমাহাৰা কথাহে আহিছে। ইয়াত বৈচিত্ৰ্য হেৰুৱাই এক হোৱাৰ কথা অহা নাই। ইয়াত বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ কথাহে আহিছে। আমাক প্ৰদেশো লাগিব, দেশো লাগিব। আমি গৌৰৱ আৰু লুৰীণৰ মিলনত যেন ভাৰতীয় সংবিধানৰ যুক্তৰাষ্টীয় মূল্যবোধৰে পৰাকাষ্ঠাহে দেখিছোঁ।