• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৪০০ আসন পাৰ কৰি হৈছিল প্ৰধানমন্ত্ৰী : আজি ৰাজীৱ গান্ধীৰ ৩৩ তম মৃত্যু দিৱস

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 21, 2024 2:27 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ এক শোকাৱহ দিন। ১৯৯১ চনৰ ২১ মে’ অৰ্থাৎ আজিৰ দিনটোতেই হত্যাৰ বলি হৈছিল ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী। সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমা বিস্ফোৰণত কৰুণ মৃত্যুক সাৱটি লৈছিল স্বাধীন ভাৰতৰ আটাইতকৈ সফল প্ৰধানমন্ত্ৰী হিচাপে পৰিচিত নেতাগৰাকীয়ে।

১৯৯১ চনৰ ২১ মে’ৰ নিশা তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত নিৰ্বাচনী প্ৰচাৰ সভা চলি থকাৰ মাজতেই লিবাৰেচন টাইগাৰছ অৱ তামিল ইলাম নামৰ সংগঠনটোৰ সৈতে জড়িত ব্যক্তিয়ে আত্মঘাতী বোমাৰে আক্ৰমণ কৰিছিল নেতাগৰাকীক।

Apply Now

এই ঘটনা কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্ব জোকাৰি গৈছিল ৰাজীৱ গান্ধীৰ মৃত্যুৰ বাতৰিয়ে।

উল্লেখ্য যে মাতৃ ইন্দিৰা গান্ধীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰাৰ পিছত ১৯৮৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ৰাজীৱ গান্ধী। কংগ্ৰেছৰ ৪০০ গৰাকীতকৈও অধিক সাংসদ জয়ী হৈছিল সেইবছৰ। শাসনলৈ আহিয়েই দেশৰ বিকাশত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ কাৰ্যকালত কম্পিউটাৰৰ প্ৰৱৰ্তন আৰু অৰ্থনৈতিক উদাৰীকৰণ নীতিৰ আৰম্ভণিকে ধৰি উল্লেখযোগ্য আৰ্থ-সামাজিক সংস্কাৰ আৰু প্ৰযুক্তিগত উন্নতি সাধন হৈছিল।

কিন্তু ভাৰতক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰ মাজতে ৰাজীৱ গান্ধীয়ে শ্ৰীলংকাত জাতিগত সংঘাত বৃদ্ধি পোৱাকে ধৰি অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। শ্ৰীলংকাত তামিল জাতীয়তাবাদী সংগঠন এল টি টি ই- এ সৃষ্টি কৰা যুদ্ধকালীন পৰিস্থিতি ভাৰততো বিয়পি পৰাৰ সম্ভাৱনাৰ বাবেই শ্ৰীলংকাৰ গৃহযুদ্ধত হস্তক্ষেপ কৰিছিল ভাৰতে। যাৰ বাবে উগ্ৰ সংগঠনটোৱে প্ৰতিশোধ ল’বৰ বাবে ৰাজীৱ গান্ধীক হত্যাৰ পৰিকল্পনা ৰচনা কৰিছিল।

তামিলনাদুত নিৰ্বাচিনী প্ৰচাৰ চলি থকাৰ সময়তে শ্ৰীপেৰুম্বুদুৰৰ ৰেলীত প্ৰৱেশ ৰিছিল ধনু নামৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে। ৰাজীৱ গান্ধীয়ে ৰাইজক সম্ভাষণ জনাবলৈ ওচৰ চাপি অহাৰ লগে লগে ধনুৱে নিজৰ শৰীৰত বান্ধি থোৱা বোমা বিস্ফোৰণ ঘটাইছিল। এই বিস্ফোৰণত ৰাজীৱ গান্ধীৰ লগতে প্ৰাণ গৈছিল ৰাজীৱ কেইবাজনো কংগ্ৰেছ দলৰ সদস্য আৰু নিৰীহ দৰ্শকৰ।

ইয়াৰ পিছত ব্যাপক তদন্ত আৰম্ভ হয় আৰু এলটিটিইৰ নেতা আৰু কৰ্মীকে ধৰি এই ষড়যন্ত্ৰৰ সৈতে জড়িত অসংখ্য ব্যক্তিক গ্ৰেপ্তাৰ কৰি গোচৰ চলোৱা হয়।

ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডই ভাৰতীয় ৰাজনীতি আৰু সমাজত চিৰস্থায়ী প্ৰভাৱ পেলাইছিল। ভাৰতত নেতা আৰু সাধাৰণ ৰাইজৰ নিৰাপত্তা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল। তাৰপিছতেই দুগুণ শক্তিশালী কৰা হৈছিল ভাৰতৰ নিৰাপত্তা ব্যৱস্থা।

মৃত্যুৰ ৩৩ বছৰ পিছতো আজিও দেশৰ জনগণে প্ৰধানমন্ত্ৰী জনক মনত ৰাখিছে। তেওঁৰ ৰাজনৈতিক নীতি-আদৰ্শ আৰু উন্নয়নমূলক কাম-কাজে আজিও দেশৰ নতুন ৰাজনীতিবিদ সকলক অনুপ্ৰাণিত কৰি আহিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd