আমি আৰু কিমান কৰিম?

আমি পৰাতকৈ অলপ বেছিয়ে কৰিছোঁ নেকি? যোৱা ২২ এপ্ৰিলৰ দিনা আমি নগাঁও আৰু মৈৰাবাৰীলৈ গৈছিলোঁ ‘ভাৰত জোড়ো অভিযান’ আৰু ‘অসম নাগৰিক সমাজ’ৰ পৰা দুখন নাগৰিক সভা কৰিবলৈ। আমি মানে সাংসদ শ্ৰীযুত অজিত কুমাৰ ভূঞা, অধ্যাপক আব্দুল মান্নান আৰু মই। নগাঁওৰ সভাখন আছিল আবেলি ৩ঃ৩০ বজাত। অজিতদাৰ গাড়ীত মই। মান্নানদা অকলে তেখেতৰ গাড়ীত। গৈ আছোঁ, হঠাৎ সীতাজখলাত আমাৰ গাড়ীখনৰ পৰা অদ্ভুৎ এটা শব্দ ওলাইছে। ড্ৰাইভাৰে গাড়ীখন ৰখালে।কি টায়াৰ ফুটিল নেকি? নাইতো। এনেতে এজন ডেকা ল’ৰা মটৰ চাইকেল এখনেৰে আহি গাড়ীখনৰ পিছফালে ৰৈ হেঁপাইফেপাই ক’বলৈ ধৰিলে। মই দূৰৰ পৰাই দেখি আছোঁ পিছৰ এই চকাটো কেনেকৈ লৰি আছিল। কথাটো সঁচা। চকাটোৰ সকলো নট খুলি গৈছে। গাড়ী আগ নাবাঢ়ে। উস,আমি এক ভয়াবহ বিপদৰ পৰা ৰক্ষা পৰিলোঁ। কিন্তু কি হ’ব এতিয়া? এনেদৰে সাত পাঁচ ভাবি ওচৰৰ চাহৰ দোকান এখনত বহি থাকোঁতে ডেকা ল’ৰা এজন মটৰ চাইকেলেৰে আহি আমাৰ ওচৰত ৰ’ল। অজিতদাক চিনি পায়। তেওঁৰ নাম ফাৰুক। অজিতদাৰ বিষয়ে ফাৰুকে বৰ সাংঘাটিক  কথা এষাৰ  ক’লে। তেওঁ কৈছিল- আপোনাৰ লিখা পঢ়ি আমি কিমান ভাল পাওঁ। আপোনালোকে ৰোৱা পুলিৰ গছৰ ছাতে আমি ডাঙৰ হৈছোঁ। বাপৰে কি কথা! তেওঁ তৎক্ষণাৎ আমাক ভাৰাৰ গাড়ী এখনৰ ব্যৱস্থা কৰি দিলে।অজিতদাৰ লগত থাকিলে আপোনাৰ বিপদ নাই। তেখেতক চিনি নোপোৱা মানুহ নাই। আমি নগাঁও পাওঁ মানে আমাৰ কাৰণে তাত দুখন গাড়ী ৰৈ আছিল। পানীখাইতীৰ সভাখনত মানুহৰ উপস্থিতি ভালেই আছিল। সভাত উপস্থিত থকা লোক সকল সজাগ আৰু সতৰ্ক নাগৰিক যেন অনুমান হৈছিল।  বিৰিঞ্চি, দুলাল আৰু  বজাৰ কমিটিৰ বকুল হুছেইনে সভাখন সফল কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সভাখনতে মোৰ বন্ধু টেলিগ্ৰাফৰ সাংবাদিক উমানন্দকো পালোঁ। উমানন্দ এজন নামী সাংবাদিক। তেওঁ কেনেকৈ অৰঙে দৰঙে ঘূৰি ফুৰিছে নিৰ্বাচনৰ খবৰ বুটলি। সভাৰ পিছত বিৰিঞ্চিৰ ঘৰত চাহ-জলপান খাই এইবাৰ আমি ধিং হৈ মৈৰাবাৰীলৈ ৰাওনা হ’লোঁ। বিৰিঞ্চি তেজাল বক্তা। কিন্তু বিৰিঞ্চিৰ কথা কোৱাৰ ধৰণটোৱে মোক সদায় অলপ বিব্ৰত কৰে, বিশেষকৈ তেওঁৰ  আনুষ্ঠানিকতাই। বিৰিঞ্চিৰ দেউতাকক লগ পাইহে বুজিলোঁ তাৰ অৰ্থ। তেওঁ দেখোন আৰু এখোপ চৰা! তেওঁ কবিতাৰেহে কথা কয়। দুলালে এতিয়াও এটকাত কিতাপ উলিয়ায়।

এইবাৰ নগাঁও চহৰ হৈ, ধিঙেৰে মৈৰাবাৰীলৈ। ইচ ৰাম এইটো কি ৰাস্তা! হিমন্ত বিশ্ব আৰু আমিনুলৰ বিকাশৰ কি নমুনা! মোৰে কমৰৰ অৱস্থা কাহিল। অজিতদা আৰু মান্নানদাৰ কথা ভাবক তেনেহ’লে। ৰাস্তা-পদূলিৰ বিষয়ে কি ফুলজাৰি মৰা কথা! চাৰিওফালে বিকাশে খাই মাৰে, অথচ ৰাস্তা হ’ল এইটো। বাটত অজিতদাৰ শৈশৱৰ এচোৱা শুনিলোঁ। মানুহজনচোন বৰ দুখ কষ্টৰ মাজেৰে ডাঙৰ হৈছিল। তেৱোঁ এটা অমৰ বাক্য ক’লে- ‘তাতেই মই কিতাপৰ পাত লুটিয়াবলৈ শিকিলোঁ।’ 

মৈৰাবাৰীৰ সভাখনৰ সময় দিয়া আছিল সন্ধিয়া ৫:৩০। মহচিনৰ ফোনৰ উপৰি  ফোন। গন্তব্য স্থান নাপাওঁহে নাপাঁও।ক’ব নোৱাৰোঁ মানুহবোৰ ৰৈ থাকিবনে ইমান দেৰিলৈ! মৈৰাবাৰী পাওঁতে আমাৰ চাৰে সাত বাজিল। আচৰিত কথা যে তেতিয়াও প্ৰায় ৫০০ মান মানুহ আমাৰ বাবে ৰৈ আছিল। আমি গৈ পোৱাৰ লগে লগে  সভা আৰম্ভ হ’ল। মুছলমান সকলে মোদীৰ ৰাজত্বত যোৱা দহ বছৰে কিমান অপমান, তিৰস্কাৰ আৰু অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছে। অথচ এই মুছলমান সকলৰে প্ৰতিনিধি বুলি কৈ বদৰুদ্দিন আজমলৰ এ ইউ ডি  এফে বিজেপিৰ দালালী কৰিবলৈ কুন্ঠাবোধ কৰা নাই। এই কথাটোকে আমি তিনিওজনে বিভিন্ন ধৰণে সভাত উপস্থিত থকা লোক সকলক ক’লোঁ।

মানুহখিনিৰ আগ্ৰহ আৰু একাগ্ৰতাই আমাৰ মন মুহিলে। সভাৰ পিছত মহচিনৰ ঘৰত বহুত কিবাকিবি খাই মৈৰাবাৰী এৰোঁ মানে ১১টা বাজি গ’ল। বহু হৰকতৰ পিছত ইতিমধ্যে অজিতদাৰ গাড়ীখন ভাল হৈছিল যদিও অজিতদাই তেওঁৰ ড্ৰাইভাৰ আৰু নিৰপত্তা ৰক্ষীক গাড়ীখন লৈ গুৱাহাটীলৈ ওভতি যাবলৈ কৈছিল। আমি মান্নানদাৰ গাড়ীত উঠিছিলোঁ। ঘৰ পাইছিলোঁহি  নিশা এক বজাত।পিছদিনা আমাৰ তিনিজনৰে অৱস্থা কাহিল। তেও কিবা এটা হওক। দেশখন বাচক।