• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমি আৰু কিমান কৰিম?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 24, 2024 11:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি পৰাতকৈ অলপ বেছিয়ে কৰিছোঁ নেকি? যোৱা ২২ এপ্ৰিলৰ দিনা আমি নগাঁও আৰু মৈৰাবাৰীলৈ গৈছিলোঁ ‘ভাৰত জোড়ো অভিযান’ আৰু ‘অসম নাগৰিক সমাজ’ৰ পৰা দুখন নাগৰিক সভা কৰিবলৈ। আমি মানে সাংসদ শ্ৰীযুত অজিত কুমাৰ ভূঞা, অধ্যাপক আব্দুল মান্নান আৰু মই। নগাঁওৰ সভাখন আছিল আবেলি ৩ঃ৩০ বজাত। অজিতদাৰ গাড়ীত মই। মান্নানদা অকলে তেখেতৰ গাড়ীত। গৈ আছোঁ, হঠাৎ সীতাজখলাত আমাৰ গাড়ীখনৰ পৰা অদ্ভুৎ এটা শব্দ ওলাইছে। ড্ৰাইভাৰে গাড়ীখন ৰখালে।কি টায়াৰ ফুটিল নেকি? নাইতো। এনেতে এজন ডেকা ল’ৰা মটৰ চাইকেল এখনেৰে আহি গাড়ীখনৰ পিছফালে ৰৈ হেঁপাইফেপাই ক’বলৈ ধৰিলে। মই দূৰৰ পৰাই দেখি আছোঁ পিছৰ এই চকাটো কেনেকৈ লৰি আছিল। কথাটো সঁচা। চকাটোৰ সকলো নট খুলি গৈছে। গাড়ী আগ নাবাঢ়ে। উস,আমি এক ভয়াবহ বিপদৰ পৰা ৰক্ষা পৰিলোঁ। কিন্তু কি হ’ব এতিয়া? এনেদৰে সাত পাঁচ ভাবি ওচৰৰ চাহৰ দোকান এখনত বহি থাকোঁতে ডেকা ল’ৰা এজন মটৰ চাইকেলেৰে আহি আমাৰ ওচৰত ৰ’ল। অজিতদাক চিনি পায়। তেওঁৰ নাম ফাৰুক। অজিতদাৰ বিষয়ে ফাৰুকে বৰ সাংঘাটিক  কথা এষাৰ  ক’লে। তেওঁ কৈছিল- আপোনাৰ লিখা পঢ়ি আমি কিমান ভাল পাওঁ। আপোনালোকে ৰোৱা পুলিৰ গছৰ ছাতে আমি ডাঙৰ হৈছোঁ। বাপৰে কি কথা! তেওঁ তৎক্ষণাৎ আমাক ভাৰাৰ গাড়ী এখনৰ ব্যৱস্থা কৰি দিলে।অজিতদাৰ লগত থাকিলে আপোনাৰ বিপদ নাই। তেখেতক চিনি নোপোৱা মানুহ নাই। আমি নগাঁও পাওঁ মানে আমাৰ কাৰণে তাত দুখন গাড়ী ৰৈ আছিল। পানীখাইতীৰ সভাখনত মানুহৰ উপস্থিতি ভালেই আছিল। সভাত উপস্থিত থকা লোক সকল সজাগ আৰু সতৰ্ক নাগৰিক যেন অনুমান হৈছিল।  বিৰিঞ্চি, দুলাল আৰু  বজাৰ কমিটিৰ বকুল হুছেইনে সভাখন সফল কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সভাখনতে মোৰ বন্ধু টেলিগ্ৰাফৰ সাংবাদিক উমানন্দকো পালোঁ। উমানন্দ এজন নামী সাংবাদিক। তেওঁ কেনেকৈ অৰঙে দৰঙে ঘূৰি ফুৰিছে নিৰ্বাচনৰ খবৰ বুটলি। সভাৰ পিছত বিৰিঞ্চিৰ ঘৰত চাহ-জলপান খাই এইবাৰ আমি ধিং হৈ মৈৰাবাৰীলৈ ৰাওনা হ’লোঁ। বিৰিঞ্চি তেজাল বক্তা। কিন্তু বিৰিঞ্চিৰ কথা কোৱাৰ ধৰণটোৱে মোক সদায় অলপ বিব্ৰত কৰে, বিশেষকৈ তেওঁৰ  আনুষ্ঠানিকতাই। বিৰিঞ্চিৰ দেউতাকক লগ পাইহে বুজিলোঁ তাৰ অৰ্থ। তেওঁ দেখোন আৰু এখোপ চৰা! তেওঁ কবিতাৰেহে কথা কয়। দুলালে এতিয়াও এটকাত কিতাপ উলিয়ায়।

এইবাৰ নগাঁও চহৰ হৈ, ধিঙেৰে মৈৰাবাৰীলৈ। ইচ ৰাম এইটো কি ৰাস্তা! হিমন্ত বিশ্ব আৰু আমিনুলৰ বিকাশৰ কি নমুনা! মোৰে কমৰৰ অৱস্থা কাহিল। অজিতদা আৰু মান্নানদাৰ কথা ভাবক তেনেহ’লে। ৰাস্তা-পদূলিৰ বিষয়ে কি ফুলজাৰি মৰা কথা! চাৰিওফালে বিকাশে খাই মাৰে, অথচ ৰাস্তা হ’ল এইটো। বাটত অজিতদাৰ শৈশৱৰ এচোৱা শুনিলোঁ। মানুহজনচোন বৰ দুখ কষ্টৰ মাজেৰে ডাঙৰ হৈছিল। তেৱোঁ এটা অমৰ বাক্য ক’লে- ‘তাতেই মই কিতাপৰ পাত লুটিয়াবলৈ শিকিলোঁ।’ 

Apply Now

মৈৰাবাৰীৰ সভাখনৰ সময় দিয়া আছিল সন্ধিয়া ৫:৩০। মহচিনৰ ফোনৰ উপৰি  ফোন। গন্তব্য স্থান নাপাওঁহে নাপাঁও।ক’ব নোৱাৰোঁ মানুহবোৰ ৰৈ থাকিবনে ইমান দেৰিলৈ! মৈৰাবাৰী পাওঁতে আমাৰ চাৰে সাত বাজিল। আচৰিত কথা যে তেতিয়াও প্ৰায় ৫০০ মান মানুহ আমাৰ বাবে ৰৈ আছিল। আমি গৈ পোৱাৰ লগে লগে  সভা আৰম্ভ হ’ল। মুছলমান সকলে মোদীৰ ৰাজত্বত যোৱা দহ বছৰে কিমান অপমান, তিৰস্কাৰ আৰু অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছে। অথচ এই মুছলমান সকলৰে প্ৰতিনিধি বুলি কৈ বদৰুদ্দিন আজমলৰ এ ইউ ডি  এফে বিজেপিৰ দালালী কৰিবলৈ কুন্ঠাবোধ কৰা নাই। এই কথাটোকে আমি তিনিওজনে বিভিন্ন ধৰণে সভাত উপস্থিত থকা লোক সকলক ক’লোঁ।

মানুহখিনিৰ আগ্ৰহ আৰু একাগ্ৰতাই আমাৰ মন মুহিলে। সভাৰ পিছত মহচিনৰ ঘৰত বহুত কিবাকিবি খাই মৈৰাবাৰী এৰোঁ মানে ১১টা বাজি গ’ল। বহু হৰকতৰ পিছত ইতিমধ্যে অজিতদাৰ গাড়ীখন ভাল হৈছিল যদিও অজিতদাই তেওঁৰ ড্ৰাইভাৰ আৰু নিৰপত্তা ৰক্ষীক গাড়ীখন লৈ গুৱাহাটীলৈ ওভতি যাবলৈ কৈছিল। আমি মান্নানদাৰ গাড়ীত উঠিছিলোঁ। ঘৰ পাইছিলোঁহি  নিশা এক বজাত।পিছদিনা আমাৰ তিনিজনৰে অৱস্থা কাহিল। তেও কিবা এটা হওক। দেশখন বাচক।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd