অসমীয়া জাতীয়তাবাদ কোন দিশে? যোৱা চাৰিটা দশক অসমৰ ৰাজনীতি কম-বেছি পৰিমাণে জাতীয়তাবাদী চিন্তাই প্ৰভাৱিত কৰি আহিছে। যিবোৰ সংগঠনে ইমানদিনে অসমীয়া জাতীয়তাবাদৰ কথা কৈ আহিছিল সেই সংগঠনসমূহৰ এতিয়া কি অৱস্থান? এই সংগঠনসমূহ কোন আছিল? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ আমি আজিৰপৰা চাৰি দশক পিছলৈ ওভতি যাব লাগিব।
সেই সময় আছিল অসম আন্দোলনৰ সময়। সেই সময় আছিল যুৱ শক্তিৰ উত্থানৰ সময়।প্ৰফুল্ল মহন্ত, ভৃগু ফুকনৰ সময়।অসম আন্দোলনত দেখাত কোনো ৰাজনৈতিক দল নাছিল। সদৌ অসম গণ সংগ্ৰাম পৰিষদ অসম আন্দোলনৰ লগত আছিল। সদৌ অসম গণ সংগ্ৰাম পৰিষদত অসম সাহিত্য সভাকে ধৰি ভালেমান অৰাজনৈতিক সংগঠন জড়িত হৈ আছিল। তেওঁলোকৰ অফিচ জিলা পুথিভঁৰালৰ ওচৰৰ সাহিত্য সভা ভৱনত আছিল।সেই সময় আছিল জাতীয়তাবাদী আবেগৰ সময়। নামত চৰকাৰ আছিল। কামত ছাত্ৰ সন্থাৰ ৰাজহে চলিছিল। ছাত্ৰ সন্থাই বন্ধ বুলিলে স্কুল-কলেজ বন্ধ হৈছিল। ছাত্ৰ সন্থাই বন্ধ বুলিলে অফিচ-কাছাৰী বন্ধ হৈছিল। ছয় বছৰ আন্দোলন কৰি কৰি এসময়ত আন্দোলন জামৰি গৈছিল।
আন্দোলন জামৰিলেও, সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কোনো ফলাফল নোহোৱাকৈ আন্দোলনটোৰ ইতি পৰাটো নিবিচাৰিছিল। অসমীয়া মানুহৰ অসন্তোষ অমীমাংসিত হৈ থকাটো তেওঁ নিবিচাৰিছিল।সেয়ে, ১৯৮৫চনৰ ১৫ আগষ্টৰ দিনা ভাৰত চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগত এখন চুক্তি কৰিছিল। সেইখনেই আছিল ঐতিহাসিক অসম চুক্তি। অসম চুক্তিৰ পিছতে, ছাত্ৰ সন্থাৰ পৰা অসম গণ পৰিষদৰ জন্ম হ’ল। অসমীয়া জাতীয়তাবদৰ হোতা প্ৰফুল্ল মহন্ত দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হ’ল। কিন্তু বিদেশী নাগৰিকৰ সমস্যা যেনে আছিল তেনেই থাকিল। এইবাৰ আহিল আলফা। তেওঁলোকে অসমক ভাৰতৰপৰা স্বাধীন কৰাৰ ধ্বনি দিলে।সময়ত আলফাৰ পৰা ছালফা ওলাল। আলফা, ছালফাই অসমখন কিমান নদন-বদন কৰিলে আমি দেখিলোঁ।কিমান ব্যক্তিৰ আলফাৰ হাতত মৃত্যু হ’ল? যিসকল ব্যক্তিয়ে অসম আন্দোলন হৈ এজিপি কৰি চৰকাৰ কৰিলে, পিছত যিসকল আকৌ বিজেপিত সোমাল, তেওঁলোকে সম্পত্তিৰ পাহাৰ গঢ়িলে।এতিয়াও গঢ়িয়ে আছে। কিন্তু অসমৰ সাধাৰণ মানুহৰ একো নহ’ল। তেওঁলোক য’তে আছিল ত’তে থাকিল। ওপৰঞ্চিকৈ যোৱা সময়ছোৱাত উন্নয়নৰ নামত অসমৰ পৰিবেশতন্ত্ৰ ছেদেলি-ভেদেলি কৰি দিয়া হ’ল।
এই পৰিচয়কেন্দ্ৰিক ৰাজনীতিয়ে কেতিয়াবা ভাষিক আৰু কেতিয়াবা ধৰ্মীয় ৰূপ লয়। কেতিয়াবা দুয়োটা লগ লাগে।পৰিচয় অদৰকাৰী নহয়।দৰকাৰী। কিন্তু পৰিচয়কেন্দ্ৰিক ৰাজনীতি যেতিয়া এচাম মানুহৰ ক্ষমতা দখলৰ হাতিয়াৰ হৈ পৰে তাৰ দ্বাৰা সেই পৰিচয়ৰ সাধাৰণ ৰাইজৰ একো উপকাৰ নহয়।অসমত যোৱা সময়ছোৱাত সেইটোৱেই হৈ থকা নাই জানো! সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদ, সংযুক্ত মুক্তি বাহিনী, অসম, আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টি। চাবলৈ গ’লৈ ভাৰতীয় জনতা পাৰ্টিৰ লগত এই স্থানীয় পৰিচয়কেন্দ্ৰিক ৰাজনৈতিক দল আৰু সংগঠন কেইটাৰ কোনো সম্পৰ্ক থাকিব নালাগিছিল।এই পৰিচয়কেন্দ্ৰিক সংগঠনবোৰৰ কংগ্ৰেছ আৰু বামপন্থী দলবোৰৰ লগত কিন্তু কেতিয়াও ৰাহি জোৰা নাহে।কিয়? হাজাৰটা খেলিমেলি থাকিলেও, কংগ্ৰেছত বহু দুৰ্নীতিপৰায়ণ লোক থাকিলেও, কংগ্ৰেছ এক উদাৰ গণতন্ত্ৰ আৰু সমাজবাদী আদৰ্শত বিশ্বাসী দল।আনহাতে দোষ-দুৰ্বলতা যিমানেই নাথাকক কিয় বামপন্থী দলবোৰৰ মূল আদৰ্শ কিন্তু অৰ্থনৈতিক সমতা।তাৰ বিপৰীতে পৰিচয়কেন্দ্ৰিক দল সংগঠনবোৰৰ মূল কথাটো হ’ল পৰিচয়। তাত অৰ্থনৈতিক সমতাৰ কথা আৰু উদাৰ গণতন্ত্ৰৰ কথাটো নাই।সেয়ে পৰিচয়কেন্দ্ৰিক ৰাজনীতিৰে সাধাৰণতে সেই পৰিচয়বিশিষ্ট অতি মুষ্টিমেয় অংশ এটাৰহে লাভ হয়।
যিকোনো পৰিচয়কেন্দ্ৰিক ৰাজনীতিৰ নেতা সকললৈ চাওক, আমাৰ অসমৰ তথাকথিত জাতীয় সংগঠনৰ নেতাবোৰলৈ চাওক। তেওঁলোকৰ কি মসৃণ ছাল, কি দামী গাড়ী।আৰু তেওঁলোকৰ কি দালালী? এই আদৰ্শগত বিচ্যুতিৰ বাবেই পৰিচয়কেন্দ্ৰিক দল, সংগঠনবোৰ সকলো পৰিচয় গিলি পেলোৱা হিন্দু-হিন্দী সম্প্ৰসাৰণবাদী বিজেপিৰ বহতীয়া হৈ পৰে। নাইবা বিজেপিয়ে তেওঁলোকক আত্মসাৎ কৰে। গতিকে আজি ৪০ বছৰে তেওঁলোকে কেতিয়াবা বহিৰাগত, কেতিয়াবা বিদেশী আৰু এতিয়া মিঞাক লৈ ৰাজনীতি কৰি আহিছে। এওঁলোক অত্যন্ত ধূৰন্ধৰ। এওঁলোকক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব নোৱাৰালৈকে অসমৰ উন্নতি নাই। সেয়ে, লুৰীণ,অখিল, বামপন্থী আৰু কংগ্ৰেছৰ মাজৰ ঐক্যমঞ্চখন সফল হোৱাটো অসমৰ ভৱিষ্যতৰ বাবে কল্যাণকৰ। অসমৰ কাৰণে আশা, ভৰসা।এতিয়ালৈকে অসমীয়া জাতীয়তাবাদৰ ইতিহাস এক বিফলতাৰ ইতিহাস।অসমৰ সকলো অংশৰ সাধাৰণ ৰাইজ উপকৃত হোৱাকৈ প্ৰস্তুত কৰা এক অৰ্থনৈতিক কাৰ্যসূচী আৰু গণতান্ত্ৰিক দৃষ্টিভংগী অবিহনে অসমীয়া জাতীয়তাবাদ সফল হ’ব নোৱাৰে।