ডিমা হাচাও জিলাৰ উমৰাংচুত আৱদ্ধ শ্ৰমিক সকলৰ কি হৈছে আমি এতিয়ালৈ সঠিককৈ নাজানোঁ। যদিও এজন শ্ৰমিকৰ মৃতদেহৰ সম্ভেদ পোৱা গৈছে। কিন্তু এতিয়ালৈকে তাত কিমান শ্ৰমিকৰ মৃত্যু হৈছে তাৰ প্ৰকৃত তথ্য আমি নাজানোঁ। খনিত আৱদ্ধ বাকী কেইজন শ্ৰমিক কি অৱস্থাত আছে সেই বিষয়েও আমি খাটাঙকৈ একো নাজানো।কয়লা খনিৰ দুৰ্ঘটনাটোৰ খবৰ সদৰি হোৱাৰ লগে লগে ৬ জানুৱাৰীৰ দিনা দিল্লীত থকা অসমৰ মুখ্যমন্ত্ৰীয়ে মাত্ৰ ৯ জন শ্ৰমিক ৰেট-হল খনিত আৱদ্ধহৈ পৰা বুলি X যোগে জনাইছিল। কিন্তু আজি বাতৰিকাকতত খবৰ ওলাইছে যে এতিয়ালৈকে তাত ১৫/২০ জন শ্ৰমিক আৱদ্ধহৈ আছে। এই সংখ্যা ১৫/২০ তে সীমাবদ্ধহৈ থাকিব নে আৰু বাঢ়িব ? সেইদিনা দিল্লীত মুখ্যমন্ত্ৰীয়ে তিনি কিলোত দুৰ্ঘটনা ঘটা খনিটো অবৈধ বুলি কৈছিল। কিন্তু অবৈধ খনি কেনেকৈ চলি আছে বুলি সাংবাদিকে সোধোতে তেওঁ ষষ্ঠ অনুসূচী আৰু স্বায়ত্ব শাসিত জিলা পৰিষদৰ কথা কৈ বিষয়টো এৰাই গৈছিল। খবৰত প্ৰকাশ যে যিটো খনিত এই দুৰ্ঘটনাটো ঘটিছে সেই খনিটো ১৯ নং কুৱেৰীৰ ওচৰৰ।এই অঞ্চলটো খাংডংগ ৰিজাৰভাৰৰ ওচৰৰ।
জানিবপৰা মতে সেই ঠাইত আৰু কেইটামান কয়লাৰ খনি পৰিত্যক্ত অৱস্থাত আছে। সন্দেহ কৰা হৈছে, ভূপৃষ্ঠৰ কেইবাশ ফুট তলত কয়লা খানি গৈ থাকোতে গম নোপোৱাকৈয়ে শ্ৰমিক কেইজনে পৰিত্যক্ত খনিৰ সীমা পাইছিলগৈ নেকি? আৰু তাত খনন কৰি থাকোতে হঠাৎ পুৰনা খনিৰ বান্ধ ভাগি পানী সোমাই আহিলনেকি? বা ঠাইখিনি কপিলি প্ৰকল্পৰ ওচৰত হোৱা বাবে তাৰ পৰাও কিবা প্ৰকাৰে খনিটোলৈ পানী সোমাই আহিল নেকি? পৰিত্যক্ত খনি এটা কেনেকৈ ৰাখিব লাগে তাৰ নিয়ম, ব্যৱস্থা আৰু প্ৰক্ৰিয়া আছে।এই পৰিত্যক্ত খনি কেইটাৰ ক্ষেত্ৰত সেই যাৱতীয় ব্যৱস্থাবোৰ মানি চলা হৈছিল নে নাই?
এতিয়া এটা কথা ফাদিল হৈছে যে ডিমা হাচাওত অসম খনিজ উন্নয়ন নিগমৰ অধীনত থকা প্ৰায় সকলো খনিৰ গৰাকী হৈছে ডিমা হাচাও স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, তেওঁৰ পত্নী কনিকা হোজাই আৰু তেওঁলোকৰ নিকটাত্মীয়। অসম খনিজ উন্নয়ন নিগমে কনিকা হোজাইৰ নামত দিয়া চালান এখন সামাজিক মাধ্যমত চাৰিওফালে ঘূৰি ফুৰিছে। কি এই চালানখন সেই অভিশপ্ত বেনামী খনিৰ বাবে দিয়া হৈছিলনেকি? বহুতেই এতিয়া সেই প্ৰশ্নটোও কৰিবলৈ আৰম্ভ কৰিছে। অভিযোগ আহিছে এখন খনিৰ ট্ৰাক পাৰ হ’বলৈ দিওতে অসম চৰকাৰে পায় মাত্ৰ ২৫.০০০ হাজাৰ টকা। কিন্তু ট্ৰাকখনৰ বাবে হেনো কয়লা চিণ্ডেকেট চক্ৰই পায় ১,৬৫০০০.০০ টকা। এই পইছা ক’লৈ যায়? কোন ৰাজনীতিক এই চক্ৰৰ লগত জড়িত? ডিমা হাচাওৰ পৰা দিশপুৰৰ কোন কোন ৰাজনীতিক ইয়াৰ লগত জড়িত? এই দুৰ্ঘটনাটোৰ বাবে এতিয়ালৈকে মাত্ৰ পুনুচ নুনিচা নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।এই পুনুচ নুনিচাও কনিকা হোজাইৰ সম্পৰ্কীয়।
এতিয়া হানান লস্কৰ বোলা এজনকো গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ ওলাইছে মাটি দখলৰ বাবে এবাৰ গৈঞা ৰাইজৰ ওপৰত গুলী চলোৱা বিতৰ্কিত মনজিত নাইদিঙো বোলে ঘটনাৰ লগত জড়িত।এইখিনিতে উল্লেখযোগ্য যে ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ মাজত থকা ৯০০০ হাজাৰ বিঘা মাটি চূণ শিলৰ খনিৰ বাবে অধিগ্ৰহণ কৰাৰ অভিযোগ উঠিছে।এই সমগ্ৰ অঞ্চলটো হেনো ৮ টা খণ্ডত ভগোৱা হ’ব। তাৰে চাৰিটাৰ বাবে হেনো মুকলিকৈ নিবিদা জাৰি কৰা হ’ব আৰু বাকী চাৰিটা আদানীক গতাই দিয়া হ’ব।এই ভূমি অধিগ্ৰহণৰ দ্বাৰা ১২ খন কাৰ্বি গাওঁ আৰু ৬/৭ খন ডিমা হাচাও গাওঁৰ ৰাইজ ক্ষতিগ্ৰস্ত হ’ব। এই গাওঁবোৰৰ কিছু সংখ্যক লোক ১৯৭৬ চনত কাৰ্বি-লংপি প্ৰকল্পৰ বাবে গৃহহাৰা হোৱা লোক বুলি কোৱা হৈছে। এই গোটেই দুৰ্ঘটনাটোৰ পৰা কি কথা স্পষ্টকৈ ওলাই আহিছে? এটা কথাই জলজল-পটপটকৈ ওলাই আহিছে।সেইটো হ’ল কোনো আইন কানুনলৈ ভ্ৰুক্ষেপ নকৰি, সাধাৰণ ৰাইজৰ কথা এবাৰলৈও নভাবি আৰু পৰিবেশৰ কথা নভাবি কেৱল অসমৰ প্ৰাকৃতিক সম্পদ লুন্ঠন কৰা হৈছে। বহুতেই সন্দেহ কৰিছে যে এই লুন্ঠনৰ কাণ্ডাৰী সকল হৈছে শাসকীয় দলৰ ক্ষমতাশালী ৰাজনীতিক আৰু তেওঁলোকৰ স্থানীয় দালাল।
আচৰিত কথা যিবোৰ শ্ৰমিক এতিয়াও খনিত আৱদ্ধহৈ আছে বা কাৰ মৃত্যু হৈছে সেই কথাবোৰ কিন্তু এতিয়াও স্পষ্ট হোৱা নাই? কোনোবাই দুৰ্ঘটনাটোৰ প্ৰকৃত তথ্য আৰু সত্য ঢাকিবলৈ অনবৰতে চেষ্টা কৰি আছেনেকি? গোটই ঘটনাটোৰ কোনোবা স্বতন্ত্ৰ সংস্থাৰ দ্বাৰ এক তদন্ত কৰিলেহে বোধহয় সেই সকলো কথা পোহৰলৈ আহিব। কিন্তু দেশখনত তেনে কিবা সংস্থা বাকী ৰৈছেগৈনে? এই ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকাও গুৰুত্বপূৰ্ণ। তেওঁলোকে কেৱল নিয়মমাফিক প্ৰতিবাদ কৰিলেই নহ’ব।নিজাববীয়াকৈ ঘটনাৰ সবিশেষ উলিয়াই তাৰ লগত জড়িত ব্যক্তি বিশেষৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰিব পাৰিব লাগিব। আশা কৰা হৈছিল ষষ্ঠ অনুসূচীৰ যোগেদি জনজাতীয় ৰাইজলৈ ক্ষমতা হস্তান্তৰ কৰি তেওঁলোকৰ কল্যাণ কৰা হ’ব। এতিয়া দেখিছোঁ স্বায়ত্ব শাসনৰ নামত পাহাৰ পৰ্বতৰ সকলো সম্পদ মুষ্টিমেয় দালাল আৰু তেওঁলোকৰ চৰ্দাৰবোৰে হস্তাগত কৰিছে। সাধাৰণ ৰাইজৰ দুখ-দুৰ্দশা কুলাই পাচিয়ে নধৰা হৈছে।