• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

প্ৰাসংগিক প্ৰশ্ন : পাহাৰ পৰ্বতৰ সকলো সম্পদ মুষ্টিমেয় দালাল আৰু তেওঁলোকৰ চৰ্দাৰৰ হাতত!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 10, 2025 8:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাও জিলাৰ উমৰাংচুত আৱদ্ধ শ্ৰমিক সকলৰ কি হৈছে আমি এতিয়ালৈ সঠিককৈ নাজানোঁ। যদিও এজন শ্ৰমিকৰ মৃতদেহৰ সম্ভেদ পোৱা গৈছে। কিন্তু এতিয়ালৈকে তাত কিমান শ্ৰমিকৰ মৃত্যু হৈছে তাৰ প্ৰকৃত তথ্য আমি নাজানোঁ। খনিত আৱদ্ধ বাকী কেইজন শ্ৰমিক কি অৱস্থাত আছে সেই বিষয়েও আমি খাটাঙকৈ একো নাজানো।কয়লা খনিৰ দুৰ্ঘটনাটোৰ খবৰ সদৰি হোৱাৰ লগে লগে ৬ জানুৱাৰীৰ দিনা দিল্লীত থকা অসমৰ মুখ্যমন্ত্ৰীয়ে মাত্ৰ ৯ জন শ্ৰমিক ৰেট-হল খনিত আৱদ্ধহৈ পৰা বুলি X যোগে জনাইছিল। কিন্তু আজি বাতৰিকাকতত খবৰ ওলাইছে যে এতিয়ালৈকে তাত ১৫/২০ জন শ্ৰমিক আৱদ্ধহৈ আছে। এই সংখ্যা ১৫/২০ তে সীমাবদ্ধহৈ থাকিব নে আৰু বাঢ়িব ? সেইদিনা দিল্লীত মুখ্যমন্ত্ৰীয়ে তিনি কিলোত দুৰ্ঘটনা ঘটা খনিটো অবৈধ বুলি কৈছিল। কিন্তু অবৈধ খনি কেনেকৈ চলি আছে বুলি সাংবাদিকে সোধোতে তেওঁ ষষ্ঠ অনুসূচী আৰু স্বায়ত্ব শাসিত জিলা পৰিষদৰ কথা কৈ বিষয়টো এৰাই গৈছিল। খবৰত প্ৰকাশ যে যিটো খনিত এই দুৰ্ঘটনাটো ঘটিছে সেই খনিটো ১৯ নং কুৱেৰীৰ ওচৰৰ।এই অঞ্চলটো খাংডংগ ৰিজাৰভাৰৰ ওচৰৰ।

জানিবপৰা মতে সেই ঠাইত আৰু কেইটামান কয়লাৰ খনি পৰিত্যক্ত অৱস্থাত আছে। সন্দেহ কৰা হৈছে, ভূপৃষ্ঠৰ কেইবাশ ফুট তলত কয়লা খানি গৈ থাকোতে গম নোপোৱাকৈয়ে শ্ৰমিক কেইজনে পৰিত্যক্ত খনিৰ সীমা পাইছিলগৈ নেকি? আৰু তাত খনন কৰি থাকোতে হঠাৎ পুৰনা খনিৰ বান্ধ ভাগি পানী সোমাই আহিলনেকি?  বা ঠাইখিনি কপিলি প্ৰকল্পৰ ওচৰত হোৱা বাবে তাৰ পৰাও কিবা প্ৰকাৰে  খনিটোলৈ পানী সোমাই আহিল নেকি? পৰিত্যক্ত খনি এটা কেনেকৈ ৰাখিব লাগে তাৰ  নিয়ম, ব্যৱস্থা আৰু প্ৰক্ৰিয়া আছে।এই পৰিত্যক্ত খনি কেইটাৰ ক্ষেত্ৰত সেই যাৱতীয় ব্যৱস্থাবোৰ মানি চলা হৈছিল নে নাই?

Apply Now

এতিয়া এটা কথা ফাদিল হৈছে যে ডিমা হাচাওত অসম খনিজ উন্নয়ন নিগমৰ অধীনত থকা প্ৰায় সকলো খনিৰ গৰাকী হৈছে ডিমা হাচাও স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, তেওঁৰ পত্নী  কনিকা হোজাই আৰু তেওঁলোকৰ নিকটাত্মীয়। অসম খনিজ উন্নয়ন নিগমে কনিকা হোজাইৰ নামত দিয়া চালান এখন সামাজিক মাধ্যমত চাৰিওফালে ঘূৰি ফুৰিছে। কি এই চালানখন সেই অভিশপ্ত বেনামী খনিৰ বাবে দিয়া হৈছিলনেকি? বহুতেই এতিয়া সেই প্ৰশ্নটোও কৰিবলৈ আৰম্ভ কৰিছে। অভিযোগ আহিছে এখন খনিৰ ট্ৰাক পাৰ হ’বলৈ দিওতে অসম চৰকাৰে পায় মাত্ৰ ২৫.০০০ হাজাৰ টকা। কিন্তু ট্ৰাকখনৰ বাবে হেনো  কয়লা চিণ্ডেকেট চক্ৰই পায় ১,৬৫০০০.০০ টকা। এই পইছা ক’লৈ যায়? কোন  ৰাজনীতিক এই চক্ৰৰ লগত জড়িত? ডিমা হাচাওৰ পৰা দিশপুৰৰ কোন কোন ৰাজনীতিক ইয়াৰ লগত জড়িত? এই দুৰ্ঘটনাটোৰ বাবে এতিয়ালৈকে মাত্ৰ পুনুচ নুনিচা নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।এই পুনুচ নুনিচাও কনিকা হোজাইৰ সম্পৰ্কীয়।

এতিয়া হানান লস্কৰ বোলা এজনকো গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ ওলাইছে মাটি দখলৰ বাবে এবাৰ গৈঞা ৰাইজৰ ওপৰত  গুলী চলোৱা বিতৰ্কিত মনজিত নাইদিঙো বোলে ঘটনাৰ লগত জড়িত।এইখিনিতে উল্লেখযোগ্য যে ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ মাজত থকা ৯০০০ হাজাৰ বিঘা মাটি চূণ শিলৰ খনিৰ বাবে অধিগ্ৰহণ কৰাৰ অভিযোগ উঠিছে।এই সমগ্ৰ অঞ্চলটো হেনো ৮ টা খণ্ডত ভগোৱা হ’ব। তাৰে চাৰিটাৰ  বাবে হেনো মুকলিকৈ নিবিদা জাৰি কৰা হ’ব আৰু বাকী চাৰিটা আদানীক গতাই দিয়া হ’ব।এই ভূমি অধিগ্ৰহণৰ দ্বাৰা ১২ খন কাৰ্বি গাওঁ আৰু ৬/৭ খন ডিমা হাচাও গাওঁৰ ৰাইজ ক্ষতিগ্ৰস্ত হ’ব। এই গাওঁবোৰৰ কিছু সংখ্যক লোক ১৯৭৬ চনত কাৰ্বি-লংপি প্ৰকল্পৰ বাবে গৃহহাৰা হোৱা লোক বুলি কোৱা হৈছে। এই গোটেই দুৰ্ঘটনাটোৰ পৰা কি কথা স্পষ্টকৈ ওলাই আহিছে? এটা কথাই জলজল-পটপটকৈ ওলাই আহিছে।সেইটো হ’ল কোনো আইন কানুনলৈ ভ্ৰুক্ষেপ নকৰি,  সাধাৰণ ৰাইজৰ কথা এবাৰলৈও  নভাবি আৰু পৰিবেশৰ কথা নভাবি কেৱল অসমৰ প্ৰাকৃতিক সম্পদ লুন্ঠন কৰা হৈছে। বহুতেই সন্দেহ কৰিছে যে এই লুন্ঠনৰ কাণ্ডাৰী সকল হৈছে শাসকীয় দলৰ ক্ষমতাশালী ৰাজনীতিক আৰু তেওঁলোকৰ স্থানীয় দালাল।

আচৰিত কথা যিবোৰ শ্ৰমিক এতিয়াও খনিত আৱদ্ধহৈ আছে বা কাৰ  মৃত্যু হৈছে সেই কথাবোৰ  কিন্তু  এতিয়াও স্পষ্ট হোৱা নাই? কোনোবাই দুৰ্ঘটনাটোৰ প্ৰকৃত তথ্য আৰু সত্য ঢাকিবলৈ অনবৰতে চেষ্টা কৰি আছেনেকি? গোটই ঘটনাটোৰ কোনোবা স্বতন্ত্ৰ সংস্থাৰ দ্বাৰ এক তদন্ত কৰিলেহে বোধহয় সেই সকলো কথা পোহৰলৈ আহিব। কিন্তু দেশখনত তেনে কিবা সংস্থা বাকী ৰৈছেগৈনে? এই ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকাও গুৰুত্বপূৰ্ণ। তেওঁলোকে কেৱল নিয়মমাফিক প্ৰতিবাদ কৰিলেই নহ’ব।নিজাববীয়াকৈ ঘটনাৰ সবিশেষ উলিয়াই তাৰ লগত জড়িত ব্যক্তি বিশেষৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰিব পাৰিব লাগিব। আশা কৰা হৈছিল ষষ্ঠ অনুসূচীৰ যোগেদি জনজাতীয় ৰাইজলৈ ক্ষমতা হস্তান্তৰ কৰি তেওঁলোকৰ কল্যাণ কৰা হ’ব। এতিয়া দেখিছোঁ স্বায়ত্ব শাসনৰ নামত পাহাৰ পৰ্বতৰ সকলো সম্পদ মুষ্টিমেয় দালাল আৰু তেওঁলোকৰ চৰ্দাৰবোৰে হস্তাগত কৰিছে। সাধাৰণ ৰাইজৰ দুখ-দুৰ্দশা কুলাই পাচিয়ে নধৰা হৈছে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd