(Middle East Eyeত কেইদিনমান আগতে সম্প্ৰাচাৰিত লেখিকা সৌমায়া ঘান্নুচিৰ ভিডিঅ এটাই মোৰ অন্তৰ চুই গৈছিল। তেওঁৰ কথাখিনি কথা নহয় যেন এটি কবিতাহে। দৰ্শক সকলৰ কাৰণে মই তাৰ মুকলি অনুবাদ আগবঢ়ালোঁ।)
এতিয়া ট্ৰাম্পে গাজাকলৈ এখন আঁচনি কৰিছে। আমি তেওঁলোকৰ কাৰণে এখন বা দুখন ঠাই বাচি উলিয়াম। আৰু আমি তাত তেওঁলোকৰ বাবে ধুনীয়া ধুনীয়া ঘৰ সাজি দিম যাতে তেওঁলোক তাত সুখে সন্তোষে থাকিব পাৰে। বাহ কি বঢ়িয়া কথা! তেওঁলোকৰ ঘৰ বাৰী মাটিৰ লগত মিহলি কৰি দিয়াৰ পছত, তাৰ ধংসস্তুপত তেওঁলোকৰ শিশু সকলক জীৱন্তে কবৰ দিয়াৰ পিছত, গোটেই চহৰখন শেষ কৰি দিয়াৰ পিছত, এতিয়া ট্ৰাম্পৰ গাজাবাসীৰ প্ৰতি দৰদ উঠলি উঠিছে। ইজৰাইলে যে হাজাৰ হাজাৰ মানুহ নৃসংশভাবে হত্যা কৰিছে, লাখ লাখ মানুহক গৃহহাৰা কৰিছে, একোটা অঞ্চল সম্পূৰ্ণৰূপে শেষ কৰি পেলাইছে, ট্ৰাম্পে সেইটো দেখাই নাই। তেওঁৰ কাৰণে সেইটো কোনো সমস্যাই নহয়।
তেওঁৰ সমস্যা হ’ল গাজাবাসী এতিয়াও জীয়াই থকাটো। গতিকে এতিয়া কি কৰিব লাগিব? তেওঁলোকক গাজাৰ পৰা আঁতৰাই পঠিয়াব লাগিব। তেওঁলোকক ক’ৰবাত এটুকুৰা মাটি দি তাত সংস্থাপিত কৰিব লাগিব। ক’ত দিব পাৰি, সেইটো ভাবি চাব লাগিব। কিন্তু, গাজাত নহয়। অজুহাতটো হ’ল, ট্ৰাম্পৰ মিলয়নাৰী বন্ধু স্তীভ উইটকফে ক’বৰ দৰে গাজা আৰু এতিয়া বাসযোগ্য হৈ থকা নাই। পিছে স্তীভ, তাৰ কাৰণে জগৰীয়া কোন? গাজা কি নিজে নিজে নোহোৱা হৈ গ’ল? তাৰ ঘৰ দুৱাৰ, স্কুল, শতিকা পুৰণি মচজিদ, গীৰ্জা- সেইবোৰ সকলো নিজে নিজে খহি পৰিল? ভুঁইকঁপ বা কোনো প্ৰাকৃতিক দুৰ্যোগে নগৰখন নোহোৱা কৰিলে নেকি? নে ইজৰাইলী বোমাই? নে আমেৰিকাৰ ৫০,০০০ টন বোমাই জীয়াই জীয়াই চহৰখনৰ মানুহবোৰক পুতি পেলালে। এই বিশাল মানৱ কল্যাণৰ প্ৰকল্পৰ বাবে পইছ ক’ৰপৰা আহিব? কিয় আৰৱৰ পৰা। কিয় ট্ৰাম্পে কোৱা নাই জানো মধ্য প্ৰাচ্যৰ কথা। ট্ৰম্পৰ কাৰণে মধ্য প্ৰাচ্য হৈছে ধন, মাটি, সাৰুৱা তেল আৰু গেছ। জাতি, জনগণ, ইতিহাস, পৰিচয় এইবোৰ অৰ্থহীন কথা।সম্পদ বোৰহে আচল। কিবা কৰি সেইবোৰ হস্তগত কৰিব পাৰিলেই হ’ল।
কিন্তু ই কেৱল ব্যৱসায়ে নহয়, পুঁজিবাদৰ নামত ই হ’ল ঔপনিবশিকতাবাদ। ট্ৰাম্প কেৱল এজন মাটি খকুৱা ডেভলাপাৰে নহয়। তেওঁ বৰ্ণবাদী ঔপনিবেশিকতাবাদী আৰু এজন নিৰ্দয় ব্যৱসায়ী। ভণ্ডামী কি ভণ্ডামী! সীমান্ত বন্ধ কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰা ব্যক্তিজনেই হৈছে ট্ৰাম্প। প্ৰবজনকাৰীয়ে আমেৰিকা শেষ কৰিলে বুলি হুলস্থুল কৰা, শিশু সকলক বন্দী কৰা, প্ৰবজনকাৰী নিষদ্ধ কৰা আৰু ৰাজনৈতিক আশ্ৰয় বিচৰা লোক সকলক ধৰ্ষণকাৰী সজোৱা ব্যক্তিজনেই হ’ল ট্ৰাম্প। কিন্তু পেলেষ্টাইনী সকলৰ ক্ষেত্ৰত হঠাৎ প্ৰব্ৰজন ভালহৈ পৰিল, মানুহক স্থানান্তৰিত কৰাটোও ভালহৈ পৰিল। এতিয়া তেওঁৰ কাৰণে মানুহক পুনৰ সংস্থাপন কৰাটোও যুক্তিসংগত হৈ পৰিল। যি গৰাকী ট্ৰাম্পে শৰাণাৰ্থী সকলক আমেৰিকাৰ পৰা আঁতৰাই ৰাখিবলৈ যতপৰোনাস্তি কৰিছিল সেই ট্ৰাম্পেই এতিয়া পেলেষ্টাইনী সকলক তেওঁলোকৰ গৃহভূমিৰ পৰা আঁতৰাই পঠিয়াব বিচাৰে। ই কেৱল ভণ্ডামিয়ে নহয় এটা গোকাট কুন্ধচ কথা। আৰু কেৱল ট্ৰাম্পেই নহয় যিটো ব্যৱস্থাৰে কাৰণে ট্ৰাম্পে এইটো কৰিব পাৰিছে সেই ব্যৱস্থাটোও একেই। এটা কথা সম্পৰ্কে আমি স্পষ্ট হোৱা দৰকাৰ যে বলপূৰ্বকভাবে পেলাষ্টাইনী সকলক নিজৰ গৃহভূমিৰ পৰা আঁতৰাই পঠিয়াব বিচৰাটো এটা বাজে কথা। কিন্তু এইটো এতিয়া কেৱল সোঁপন্থী আৰু চৰমপন্থী ইজৰাইলী সকলৰ চিন্তাই নহয়, স্মট্ৰিচ আৰু বেন জিভৰ গণ বিতাৰণ এতিয়া আমেৰিকাৰ নীতি।
পেলাষ্টাইনী সকলে গাজা এৰিব লাগিব। কথাটো যাতে দেখিবলৈ ভাল হয় তাক এনেকৈ উপস্থাপন কৰিব লাগিব যেন তেওঁলোকে স্বইচ্ছাইহে গাজাৰ পৰা আঁতৰি যাব বিচাৰিছে। ট্ৰাম্পে ভাবিব পাৰে এইটো তেওঁৰ উৰ্বৰ মস্তিকৰ পৰা ওলোৱা ধাৰণা। কিন্তু ইজৰাইলে গাজা দখল কৰাৰ দিন ধৰি তেওঁলোকে তাকেই কৈ আছে। এইটো আজিৰ কথা নহয়, ১৯৬৭ চনত ইজৰাইলে গাজা দখল কৰাৰ পিছত কেৱল যে সোঁপন্থী উগ্ৰপন্থী সকলেই গাজা মুক্ত কৰিব বিচাৰিছে সেইটো নহয় তথা-কথিত নৰমপন্থী বামপন্থী সকলেও কেবিনেট মিটিঙত গাজা নিশ্চিহ্ন কৰাৰ পৰিকল্পনা কৰে। প্ৰধানমন্ত্ৰী লেভি গাজা শাসন কৰা বা গাজাক নিয়ন্ত্ৰণ কৰাৰ কথা নকয় গাজা নোহোৱা কৰি দিয়াৰ কথাহে কয়। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ম’চে দাৱানে কৈছে যে গাজাৰ চাৰিভাগৰ এভাগ মানুহহে তাত থাকিব পাৰিব আৰু বাকীবোৰক কিবা প্ৰকাৰে তাৰপৰা আঁতৰাই পঠিওৱা হ’ব। ইস্কলে কৈছে গাজাত থকা পেলাইষ্টানী সকলৰ জীৱন এনেকৈ দুৰ্বিসহ কৰি তোলা হ’ব যাতে তেওঁলোক নিজেই তাৰ পৰা গুচি যাবলৈ বাধ্য হয়। কি সুন্দৰ পৰিকল্পনা!
তেওঁ কি কৈছে চাওক, “আমি সিহঁতৰ পানী যোগান বন্ধ কৰি দিলে সিহঁতৰ বাৰীৰ গছ-গছনি মৰহি যাব তেতিয়া সিহঁত নিজেই ঘৰ বাৰী এৰি যাবলৈ বাধ্য হ’ব।” আন এজন মন্ত্ৰী জোচেফ চাপিৰে চিধাচিধি কৈ দিছে আমি ডিঙিত ধৰি সিহঁক জৰ্দন নদীৰ পূৱফালে গতিয়াই পঠিয়াব লাগে। কিন্তু মই নাজানো গাজাৰ পৰা খেদি পঠিওৱা মানুহক কোনে ল’ব।
মনত ৰাখিব ইজৰাইলৰ বাবে ঠাই মুকলি কৰোতে ১৯৪৮ চনতে গাজাৰ ৮৭ জন লোক শৰণাৰ্থী হৈ পৰিছিল।তেতিয়াও সেই একেই যুক্তি দিয়া হৈছিল। কিন্তু পাৰ্থক্য এটাই, তেতিয়া ১৯৬৭ত গাজাৰ জনসংখ্যা আছিল ৪০০০০০ আৰু আজি গাজাৰ জনসংখ্যা হ’ল ২৫০০০০০। তেতিয়া এস্কেলনৰ পৰিকল্পনা সফল হোৱা নাছিল আৰু এতিয়া ট্ৰাম্পৰ পৰিকল্পনাও সফল নহয়। গাজা বিক্ৰি কৰিব পৰা মাটি এটুকুৰা নহয়। গাজা পেলাষ্টাইনৰ অংশ আৰু গাজাই কেতিয়াও আত্মসমৰ্পণ নকৰে।গাজাই সদায় প্ৰতিৰোধ কৰি আহিছে।গাজাৰ জনসংখ্যা কম কৰিবলৈ বিচৰা ডাইনে ভাবিছিল যে ১৯৭০ৰ দশকত তেওঁ গাজাৰ প্ৰতিৰোধ সম্পূৰ্ণৰূপে দমন কৰিছিল। তেওঁ ভাবিছিল গাজা আৰু উত্তৰ চিনাইত প্ৰতিৰোধ সংগ্ৰাম চলাই থকা পেলাষ্টাইনৰ সৰ্বাধিনায়ক জিয়াদ অল হুচেইনিক হত্যা কৰিলে সংগ্ৰামৰ অন্ত পৰিব। কিন্তু তেওঁ ইমান হতাশ হৈছিল যে তেওঁ কৈছিল “ দিনত মই গাজা শাসন কৰোঁ যদিও ৰাতি অল-হুচেনীয়েহে গাজা শাসন কৰে।ইজৰালে তেওঁৰ পিছ লৈছিল। তেওঁলোকে তেওঁৰ মাক চাউদ অল-হুচেইনীক গ্ৰেপ্তাৰ কৰি তেওঁৰ ওপৰত উৎপীড়ণ চলাই তেওঁৰ চকু এটা কাঢ়ি পেলাইছিল। আৰু অৱশেষত তেওঁলোকে ১৯৭১ চনৰ ২১ নবেম্বৰৰ দিনা ৩২ বছৰীয়া জিয়াদীক হত্যা কৰিছিল।
তেওঁলোকে ভাবিছিল তাতেই সকলোৰে অন্ত পৰিব। তেওঁলোকে ভাবিছিল গাজা খণ্ড বিখণ্ড হ’ব। গাজাবাসীয়ে আত্মসমৰ্পন কৰিব আৰু তেওঁৰ লগতে প্ৰতিৰোধ সংগ্ৰামৰ অন্ত পৰিব। কিন্তু সেইটো জানো হ’ল? প্ৰতিৰোধ বন্ধ নহ’ল।বিখ্যাত কবি মহম্মদ ডাওৰিচে কোৱাৰ দৰে সি বাঢ়িলহে। তেওঁ ১৯৭১ চনত কৈছিল গাজা এতিয়া আৰু এখন চহৰ নহয়। ই হ’ল এখন যুদ্ধক্ষেত্ৰ য’ত প্ৰতিপক্ষৰ বিজয়, আশা আৰু মূল্যবোধৰ পৰীক্ষা চলে। সময় তেওঁৰ ফালে আছে বুলি তেওঁ ভ্ৰম কৰিছিল। প্ৰতিবাৰে গাজাৰ অলিয়ে গলিয়ে গাজাৰ পুত্ৰ কন্যা সকলৰ হাতত আক্ৰমণকাৰী সকলৰ পৰাজয়ে তেওঁক বিদ্ৰুপ কৰিব। সেইটো লিখা হৈছিল অৰ্ধ শতিকা আগতে। ইমান বোমা বাৰুদ, ধ্বংস আৰু হত্যা আৰু দুৰ্ভিক্ষৰ পিছত এতিয়াও কিন্তু গাজা থিয়হৈ আছে। ট্ৰাম্পে এশবাৰ এই কথা পুনৰুক্তি কৰিব পাৰে। ইয়াৰ পৰা মানুহবোৰ লৈ যোৱা, মানুহবোৰ লৈ যোৱা, মানুহবোৰ লৈ যোৱা! কিন্তু গাজাৰ মানুহে তেওঁলোকৰ জীৱনেৰে, তেওঁলোকৰ বলিষ্ঠ কন্ঠেৰে, তেওঁলোকৰ বিক্ষোভ, শোভাযাত্ৰাৰে তাৰ উত্তৰ দিব।