• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট চুৰি-ৰাহুল গান্ধীয়ে প্ৰমাণসহ দাঙি ধৰা ভয়ংকৰ অভিযোগটো

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 11, 2025 6:07 pm
ভোট চুৰি-ৰাহুল গান্ধীয়ে প্ৰমাণসহ দাঙি ধৰা ভয়ংকৰ অভিযোগটো
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে তথ্য, প্ৰমাণ দি নিৰ্বাচন আয়োগে কেনেকৈ বিজেপিৰহৈ ভোট চুৰি কৰিছে প্ৰমাণ কৰি দেখুৱালে। নিৰ্বাচন আয়োগে পালমৰা মন্তব্য দি ৰাহুল গান্ধীৰ অভিযোগ অস্বীকাৰ কৰাৰ সলনি তেওঁ দিয়া প্ৰতিটো প্ৰমাণ মিছা বুলি প্ৰমাণ কৰি দেখুৱাব পাৰিব লাগিছিল। তাৰ পৰিবৰ্তে তেওঁলোকে ৰাহুল গান্ধীকহে তেওঁ কোৱা কথাবোৰৰ বাবে শপতনামা দিয়াৰ কথা কৈছে। ৰাহুল গান্ধী নহয়, নিৰ্বাচন আয়োগহে কাঠগৰাত সোমাব লাগে নিজক দোষমুক্ত কৰাৰ কাৰণে। প্ৰকৃত সত্যটো কি?

প্ৰকৃত সত্যটো হ’ল বিজেপিয়ে নিৰ্বাচন আয়োগৰ সহায়ত বিভিন্ন কৌশল কৰি সামগ্ৰিকভাবে নিৰ্বাচন প্ৰক্ৰিয়াটো নিজৰ নিয়ন্ত্ৰণলৈ আনি স্থায়ীভাবে ক্ষমতাত থাকিব বিচাৰিছে। আজি কেইদিনমান আগতে বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা ভাৰত জোড়ো অভিযানৰ তৃতীয় বাৰ্ষিক অভিবৰ্তনত নিৰ্বাচনী আয়োগৰ জালিয়াতিৰ এটা নতুন সংজ্ঞা আৰু উপমাৰ কথা শুনিলোঁ। তেওঁলোকে ‘ত্ৰিশূল’ৰ উপমাৰে গোটেই পৰিস্থিতিটো ব্যা়খ্যা কৰিছে। এই ত্ৰিশূলক আমি স্থান, কাল, পাত্ৰ বুলিও ব্যাখ্যা কৰিব পাৰোঁ। স্থান- ‘সমষ্টি পুনৰ নিৰ্ধাৰণ’ কাল- ‘এক দেশ এক নিৰ্বাচন’, পাত্ৰ- ‘ভোটৰ তালিকা সংশোধন’।

(১) সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ব্যৱস্থা সাংবিধানিক। এটা নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে জনসংখ্যা আৰু অন্যান্য কথা বিৱেচনা কৰি সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰা হয়। কিন্তু তাৰ উদ্দেশ্য কেতিয়াও এটা ৰাজনৈতিক দলক সুবিধা কৰি দিয়াটো নহয়। এতিয়া নিৰ্বাচন আয়োগৰ যোগেদি বিজেপিয়ে কি কৰিছে? জনসংখ্যাৰ কথাটোৰ লগত  উত্তৰ আৰু দক্ষিণ ভাৰতৰ কথাটো কেনেকৈ জড়িতহৈ আছে চাওক। দক্ষিণ ভাৰতৰ ৰাজ্যে সমূহ শিক্ষা-দীক্ষাত  আগবঢ়া বাবেই তেওঁলোকৰ মাজত জনসংখ্যা  কম আৰু তেওঁলোক উত্তৰ ভাৰতৰ ৰাজ্য সমূহতকৈ উন্নত, আগবঢ়া। তেওঁলোকৰ উপাৰ্জনো বেছি। ভাৰতৰ মুঠ ঘৰুৱা উপাৰ্জনত তেওঁলোকৰ অৱদান উত্তৰ ভাৰতৰ ৰাজ্য সমূহতকৈ বেছি। এতিয়া কেৱল জনসংখ্যাৰ মাপকাঠিৰে যদি দক্ষিণ ভাৰতৰ ৰাজ্য সমূহৰ লোক সভাৰ সদস্য সংখ্যা কম কৰি দিয়া হয়, আৰু উত্তৰ ভাৰতত জনসংখ্যা  বৃদ্ধিৰ হাৰ বেছি কাৰণে লোক সভাত উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ আসনৰ সংখ্যা  বৃদ্ধি কৰা হয়, তেন্তে দেশৰ নীতি নিৰ্দ্ধাৰণত দক্ষিণ ভাৰতৰ ৰাজ্য সমূহৰ অধিকাৰ সংকুচিত কৰা নহ’বনে? তাৰমানে সম্পদ সৃষ্টিৰ দায়িত্ব দক্ষিণৰ  কিন্তু তাৰ বিতাৰণৰ অধিকাৰ উত্তৰৰ। এইটো কেনে কথা হ’ল? ই ঔপনিৱেশিক শোষণ নহ’লনে?

এতিয়া দলীয় দৃষ্টিভংগীৰে কথাটো চাওক। বিজেপি মূলতঃ শক্তিশালী উত্তৰ ভাৰতৰ ৰাজ্য সমূহত। দক্ষিণ ভাৰত সম্প্ৰতি বিজেপি শূণ্যই। দক্ষিণ ভাৰতৰ ৰাজ্য সমূহৰ আসনৰ সংখ্যা কমালে দেখ দেখকৈ বিজেপিক অধিক শক্তিশালী কৰা নহ’বনে? সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ আন ৰহস্য টো কি? হিন্দুত্বৰ মাতব্বৰিতাৰ বাবে বিজেপি ধৰ্মীয় সংখ্যালঘু আৰু পিছপৰা সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় নহয়। গতিকে ধৰ্মীয় সংখ্যালঘু আৰু  অল্প সংখ্যক সকলৰ ভোট অকামিলা কৰিবলৈ সেই লোকৰ প্ৰাধান্য  থকা সমষ্টিবোৰ এনেদৰে পুনৰ নিৰ্দ্ধাৰণ কৰিব লাগিব যাতে তেওঁলোকে বিজেপিৰ জয় পৰাজয়ত কোনো প্ৰভাৱ পেলাব নোৱাৰে। অসম তাৰ উত্তম উদাহৰণ।

(২) এতিয়া আহিল ভোটাৰ তালিকা সংশোধনৰ প্ৰশ্নটো। সমগ্ৰ বিশ্বত ভোটৰ তালিকাত নাম উঠোৱা প্ৰক্ৰিয়া দুটা। এটা হ’ল নিৰ্বাচন আয়োগৰ মানুহ ঘৰে ঘৰে গৈ উপযুক্ত বয়সৰ মানুহৰ নাম ভোটৰ তালিকাত ভৰোৱাটো আৰু আনটো হ’ল এজন ব্যক্তিয়ে নিজকে উপযুক্ত ভোটাৰ বুলি দাবী কৰি নিজৰ নাম ভোটাৰ তালিকাত সোমোৱাৰ বাবে নিৰ্বাচন আয়োগক আবেদন কৰাটো। য’ত ভোটাৰ পঞ্জীয়ন কৰাৰ দায়িত্ব চৰকাৰৰ সেইবোৰ দেশত প্ৰায় ৯৯% লোকেই ভোটাৰ, যেনে ভাৰত। য’ত, নিজে নিজৰ নাম ভোটৰ তালিকাত সোমোৱাৰ কাৰণে আবেদন কৰিব লাগে তাত এই পৰিমাণ মাত্ৰ ৬৪%। যেনে আমেৰিকা।

বিহাৰৰ Special Intensive Revision( SIR)ৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ’ল ভোটৰ তালিকাৰ বিশেষ সংশোধনী। কেনেকৈ এই সংশোধন কৰা হ’ব? এজন ব্যক্তিয়ে কেইটামান নথি আৰু প্ৰমাণৰ ভিত্তিত নিজকে ভোটাৰ বুলি প্ৰমাণ কৰিব পাৰিব লাগিব। সেই নথিবোৰ কি? পাচপ’ৰ্ট, জন্মৰ পঞ্জীয়ন, মেট্ৰিকৰ চাৰ্টিফিকেট বা চৰকাৰে দিয়া পৰিচয় পত্ৰ। গাঁওত থকা দুখীয়া কেইজন মানুহৰ এই নথি আছে? পাচপ’ৰ্ট থকাৰ কথা বাদ দিয়ক গাৱঁৰ মানুহে পাচপ’ৰ্ট খায়নে পিন্ধে তাকেই  নাজানেই। জন্মৰ পঞ্জীয়ন নতুন বস্তু। মোৰ নিজৰে জন্মৰ পঞ্জীয়ন নাই। মানে আগৰ মানুহৰ প্ৰায় কাৰোৰে জন্মৰ পঞ্জীয়ন নাই। হাইস্কুল পাচ কৰা চাৰ্টিফিকেট বহুতৰ আছে বহুতৰ নাই। আৰু চৰকাৰে দিয়া পৰিচয় পত্ৰ। চৰকাৰী চাকৰি কৰিলেহে চৰকাৰে পৰিচয় পত্ৰ দিব। আজিকালি কিমান মানুহে চৰকাৰী চাকৰি পায়? বিহাৰৰ কথা মনত পেলাওক।

বিহাৰৰ মানুহ অৰ্থনৈতিকভাবে আৰু শিক্ষা-দীক্ষাত কিমান পিছপৰা!  তাত বিশেষকৈ নিম্ন জাতৰ দলিত, গৰীৱ আৰু ধৰ্মীয় সংখ্যালঘু সকলৰ প্ৰায়ভাগ মানুহৰ হাততে এই নথিবোৰ থকাৰ প্ৰশ্নই নুঠে। গতিকে এইবোৰ নথি বিচাৰি তেওঁলোকক হাতে নামাৰি ভাতে মৰাৰ ব্যৱস্থা মানে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ নহয়নে? সেই কাৰণেই এতিয়া বিহাৰত ৬৫,০০০০০ মানুহৰ নাম ভোটৰ তালিকাৰ বাহিৰত। ইয়াৰ উদ্দেশ্য কি? এই নিম্নবৰ্গ আৰু গৰীৱ সকলৰ সৰহ সংখ্যকে ভোট দিয়ে আৰজেডি-কংগ্ৰেছ-বামপন্থী সকলক। গতিকে বিভিন্ন কায়দা কৌশল কৰি তেওঁলোকক যদি ভোট দিয়াৰ পৰাই বঞ্চিত কৰা যায় বিজেপি-জনতা দলৰ যুক্ত মৰ্চা আপোনাআপুনি নিৰ্বাচানত জিকিব। সেইকাৰণেই আৰ জে ডিয়ে নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছিল।

তাৰপিছত আহিল (৩) কাল, মানে এক দেশ এক নিৰ্বাচন। ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ। ভৌগলিক, সাংস্কৃতিক, অৰ্থনৈতিক- ৰাজ্যভেদে আমাৰ কিমান যে ভিন্নতা। তাত সকলো নিৰ্বাচন একলগে পতাটো সম্ভৱনে বা তাৰ কিবা প্ৰয়োজন আছেনে? আৰু লোক সভা নিৰ্বাচনৰ ইচ্যু বেলেগ হ’ব পাৰে। ভিন্ন ৰাজ্যত বিধানসভাৰ ইচ্যু বেলেগ হ’ব পাৰে। নিগম নিকায়ৰ সমস্যাও ঠাই ভেদে বেলেগ বেলেগ হোৱাটো তেনেই স্বাভাবিক। গতিকে সকলোকে জপটিয়াই একে সময়তে নিৰ্বাচন পতাৰ কি অৰ্থ? বিজেপিয়ে কি কাৰণে একলগে সকলো নিৰ্বাচন পাতিব বিচাৰে?

বিজেপি হাৱাত নিৰ্বাচন জিকা পাৰ্টি। আচ্চা দিনৰ হাৱা, পুলুৱামাৰ হাৱা, মোদী হায়তো মোমকিন হাইৰ হাৱা, ইচবাৰ চাৰশ পাৰৰ হাৱা। বাস্তৱত একো নাই কেৱল ভোট কিনা আৰু হাৱা।  কিন্তু বাৰে বাৰে হাৱা অনাটো ইমান সহজ নহয়। পাঁচ বছৰত যি কোনো প্ৰকাৰে এটা হাৱা আনিব পাৰি। গতিকে সকলোতে তেওঁলোকে একেলগে নিৰ্বাচন বিচাৰে। মানে ভোটাৰে বাচ বিচাৰ কৰি, ভাবি চিন্তি ভোট দিয়াটো তেওঁলোকে নিবিচাৰে, কিবা এটা হুজুগত ভোট দিয়াটোহে তেওঁলোকে বিচাৰে। সেইকাৰণে একে সময়তে সকলো নিৰ্বাচন পাতিব বিচাৰে।

সেয়ে অইন একো উপায় নাপাই তেওঁলোকে নিৰ্বাচন আয়োগকে সাৰথি কৰি লৈছে যাতে নিৰ্বাচন আয়োগৰ সহায়ত তেওঁলোকে বাৰেপতি নিৰ্বাচন জিকি থাকিব পাৰে। সেই কাৰণেই নিৰ্বাচন আয়োগ নিযুক্তি দিয়া ক্ষমতাও বিজেপি চৰকাৰে নিজৰ হাতলৈ নিছে। ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অনা অভিযোগ বোৰৰ বিষয়ে উচ্চতম ন্যাবয়ালয়ে নিৰ্বাচন আয়োগক জবাবদিহি কৰা উচিত। কিন্তু উচ্চতম ন্যায়লয়ে যদি একো নকৰে? ৰাইজৰ কাৰণে একমাত্ৰ বিকল্প হ’ব ৰাজপথৰ আন্দোলন। এতিয়াতো এচ আই  আৰ আহি অসমো পালেহি।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm
উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

September 3, 2025 4:21 pm
নিলম্বনৰ পাছত বিধান পৰিষদ আৰু বি আৰ এছৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কে কবিতাৰ

নিলম্বনৰ পাছত বিধান পৰিষদ আৰু বি আৰ এছৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কে কবিতাৰ

September 3, 2025 4:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd