পুলিচৰ লগত অপৰাধীৰ কেতিয়াবা সংঘৰ্ষ হ’ব পাৰে।যদি অপৰাধী দুধৰ্ষ হয়, অপৰাধীক কৰায়ত্ত কৰিবলৈ যাওঁতে কেতিয়াবা পুলিচ আৰু অপৰাধীৰ মাজত তেনে সংঘৰ্ষ হ’ব পাৰে। বা অপৰাধী পুলিচৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ বিচৰাৰ সময়তো তেনে সংঘৰ্ষ হ’ব পাৰে। সংঘৰ্ষত অপৰাধী আৰু পুলিচ দুয়োটা পক্ষৰে জখম হ’ব পাৰে। অপৰাধীক নিয়ন্ত্ৰণ কৰাৰ সময়ত পুলিচে নিজৰ সুৰক্ষাৰ কাৰণেও কেতিয়াবা হাতিয়াৰ ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। কিন্তু, পুলিচ এনকাউন্টাৰ ব্যতিক্ৰমহে, নিয়ম নহয়। পুলিচৰ মূল কাম হ’ল, জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা দিয়া, যিসকল লোকে আইন উলংঘা কৰে তেওঁলোকক আইনৰ অধীনলৈ অনা। সমাজত শান্তি-শৃংখলা বজায় ৰখা। জনসাধাৰণৰ সকলো অংশৰ মাজতে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ ব্যৱস্থা লোৱা।
পুলিচে এই কৰ্তব্যবোৰ পালন কৰোঁতে নিজৰ ইচ্ছা-খুচি মতে একো কৰিব নোৱাৰে।সেইবোৰ কৰিব লাগিব প্ৰচলিত আইনৰ বিধান-ব্যৱস্থা মতে। চমুকৈ ক’বলৈ হ’লে পুলিচৰ মূল কাম হ’ল অপৰাধ নিয়ন্ত্ৰণ, অপৰাধৰ অনুসন্ধান আৰু অপৰাধৰ ধৰণ-কৰণৰ ওপৰত নিৰ্ভৰ কৰি অপৰাধীৰ বিৰুদ্ধে আইনৰ কি ধাৰা প্ৰয়োগ কৰা হ’ব সেইটো নিৰ্ধাৰণ কৰা। অপৰাধীৰ ‘বিচাৰ কৰা’ৰ দায়িত্ব পুলিচৰ নহয়। বিচাৰৰ কথা বাদেই, পুলিচে এজন অপৰাধীক আইনৰ সঠিক ধাৰাত গ্ৰেপ্তাৰ কৰিছেনে নাই তাৰো বিচাৰ কৰিব ন্যায়ালয়েহে,পুলিচে নহয়।
অসমত যে এতিয়া ধাৰাবাহিকভাবে পুলিচ এনকাউন্টাৰবোৰ হৈ আছে তাক পুলিচৰ এই দায়-দায়িত্বৰ ভিতৰত আমি কেনেকৈ ব্যাখ্যা কৰিম? আগতেই কৈছোঁ যে পুলিচ এনকাউন্টাৰ ব্যতিক্ৰমহে, নিয়ম নহয় বা হ’ব নোৱাৰে। কিন্তু, এনকাউন্টাৰ হত্যাৰ ঘটনা ভাৰতত নতুন নহয়। ভাৰতৰ কোনো কোনো ৰাজ্যত যোৱা তিনি/চাৰি দশক জুৰি এনকাউন্টাৰ হত্যাৰ ঘটনা ঘটি আহিছে। এসময়ত আশীৰ দশকত পঞ্জাৱত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ নামত বহু যুৱকক পুলিচে এনকাউন্টাৰ কৰি হত্যা কৰিছিল। সংযুক্ত মুক্তি বাহিনীৰ হিংসাত্মক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ নামত, অসমতো এসময়ত কুখ্যাত মুক্তহত্যাৰ পাতনি মেলা হৈছিল। এতিয়া যেন অন্য ৰূপত অসমলৈ আকৌ তেনে এটা পৰিবেশ ঘূৰি আহিছে। তেতিয়া সন্ত্ৰাসবাদী হিংসা নিয়ন্ত্ৰণৰ নামত ৰাষ্ট্ৰৰ পোষকতাত মুক্তহত্যা চলিছিল।এতিয়া অপৰাধ নিয়ন্ত্ৰণৰ নামত ৰাজ্যখনত এটাৰ পিছত এটাকৈ এনকাউন্টাৰ হত্যা ঘটিবলৈ লৈছে। অপৰাধৰ ৰোমহৰ্ষকতা আৰু বীভৎসতাই সাধাৰণ মানুহৰ একাংশৰ মাজতো পুলিচৰ এই এনকাউন্টাৰ হত্যাবোৰক জনপ্ৰিয় কৰি তুলিছে। এইবোৰ আইনৰ শাসনৰ বাবে বৰ বিপজ্জনক কথা।
এই ক্ষেত্ৰত আমি দুটা কথা মন কৰা উচিত। প্ৰথমটো হ’ল, পুলিচৰ মূল কাম কি? অপৰাধ নিয়ন্ত্ৰণ। অপৰাধীয়ে যাতে অপৰাধ কৰিব নোৱাৰে তাৰ কাৰণে প্ৰতিৰোধমূলক (preventive measures ) ব্যৱস্থা লোৱা। তাৰ বাবে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা, তালাচী চলোৱা ইত্যাদি ইত্যাদি। আমি সমগ্ৰ অসমতে আজি কি দেখিছোঁ? চাৰিওফালে যেন অপৰাধীৰ দৌৰাত্ম্য, দপদপনি। চোৰ-ডকাইতি,হত্যা-অপহৰণ-লুন্ঠণ-ধৰ্ষণ আদি যেন এতিয়া তেনেই সাধাৰণ কথা হৈ পৰিছে। সেইবোৰ বাধা দিয়াত পুলিচৰ বা প্ৰশাসনৰ বিশেষ কিবা তৎপৰতা আমি দেখিছোঁনে? তেনে খবৰ ওলাইছেনে? গতিকে অপৰাধ নিয়ন্ত্ৰণত পুলিচ এক প্ৰকাৰ ব্যৰ্থ হৈছে বুলিয়ে ক’ব পাৰি। তাৰ পিছৰ কথাটো হৈছে অপৰাধীৰ বিচাৰ। হয়, পুলিচে অপৰাধ সংঘটিত হোৱাত বাধা দিব নোৱাৰিলে। কিন্তু, তাৰ পিছত অনুসন্ধান কৰি অপৰাধীক গ্ৰেপ্তাৰ কৰিলে।এবাৰ অপৰাধী পুলিচৰ জিম্মালৈ অহাৰ পিছত, অপৰাধৰ অনুসন্ধান কৰা, অপৰাধীৰ বিৰুদ্ধে আইন ভংগৰ কি কি দফা লগোৱা হ’ব সেইবোৰ পুলিচৰ কাম।কিন্তু, অপৰাধীয়ে কি শাস্তি পাব তাক পুলিচে নিৰ্দ্ধাৰণ নকৰে। সেইটো নিৰ্দ্ধাৰণ কৰিব ন্যায়ালয়ে, বিচাৰকে।
এনকাউন্টাৰ কৰি অপৰাধীক হত্যা কৰাৰ অধিকাৰ পুলিচৰ নাই। ই সম্পূৰ্ণ বেআইনী।আকৌ পুলিচৰ হাতৰ পৰা ইমান সহজে আৰু প্ৰায়ে অপৰাধী পলায় কেনেকৈ? এই ৰহস্যটো কি? ইয়াৰ বাবে পুলিচ দায়ী নহয়নে? এই ক্ষেত্ৰত এসময়ৰ কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান এইচ টি চাংগলিয়নে পুলিচৰ গাফিলতিৰ বাবে পুলিচৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছিল তাক, বিবেকী সাংবাদিক ললিত গগৈয়ে কেইদিনমান আগতে সামাজিক মাধ্যমত লিখিছিল। এতিয়া অইন এটা কথা লক্ষ্য কৰক। অপৰাধীজন যদি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক হয় তেতিয়া এনকাউন্টাৰ হত্যাৰ চোক বাঢ়ে নেকি? পৰিসংখ্যাই তাকেই কয়।তেনেহ’লে পুলিচ এনকাউন্টাৰ, বাল্য-বিবাহ, আৰু উচ্ছেদ -এই তিনিওটা পৰিঘটনাৰ মাজত কিবা এটা মিল আছে নেকি? এই তিনিওটাই যোৱা সময়ছোৱাত অসমত খলকনি তুলি থকা নাই জানো? আচলতে এই তিনিওটাৰে লক্ষ্য হৈছে বা প্ৰচাৰ মাধ্যমতো লক্ষ্য কৰি দেখুৱাব বিচৰা হৈছে ধৰ্মীয় সংখ্যালঘু আৰু স্পষ্টকৈ ক’বলৈ হ’লে মিঞা সকল। কিন্তু, বাস্তৱত কেৱল মিঞা সকলে নহয়।মিঞা সকলৰ লগতে আছে সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা জনজাতীয়, অনুসূচিত আৰু অন্যান্য প্ৰান্তীয় বৰ্গৰ লোক সকল।
এনকাউন্টাৰ হত্যা,বাল্য-বিবাহ আৰু উচ্ছেদ সম্পৰ্কে বিভিন্ন উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে কি কৈছে? ন্যায়ালয়ৰ মতে এইবোৰ সম্পূৰ্ণৰূপে বেআইনী, মানৱ অধিকাৰ ভংগ কৰা আইনৰ শাসনৰ পৰিপন্থী ঘটনা। অতি স্পষ্ট ভাষাত দেশৰ আইন-আদলতে এইবোৰক এবাৰ নহয়, বাৰে বাৰে গৰিহণা দি থৈছে। কিন্তু, ধৰ্মীয় সংখ্যালঘু, অন্যান্য পিছপৰা সম্প্ৰদায়, জনজাতীয় বা সমাজৰ নিম্নবৰ্গৰ মানুহৰ বাবে আইনৰ শাসনৰ কি প্ৰয়োজন? তেওঁলোককতো আমি মানুহ বুলিয়ে গণ্য নকৰোঁ! পিছে, এই কুশাসনৰ ভৰণি কিন্তু আমি সকলোৱে ভৰিব লাগিব। আমাৰ এই নিৰ্লিপ্ততা আৰু উদাসীনতাৰ ফল আমি ভুগিব লাগিব। মৰুভূমিৰ দৰে বাঢ়ি অহা অপশাসনে যিদিনা আমাক সকলোকে গ্ৰাস কৰিব সেইদিনাহে আমি ইয়াৰ ভয়াবহতা উপলব্ধি কৰিম।