• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই ৰেগিঙৰ বাবে কোন দায়ী?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 29, 2022 5:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপৰাধ কিছুমান মানুহৰ প্ৰিয় বিষয়।তেওঁলোক অপৰাধী নহয়।কিন্তু,অপৰাধৰ বিষয়ে পঢ়ি বা অপৰাধ বিষয়ক চিনেমা, টি ভি ধাৰাবাহিক আদি  চাই তেওঁলোকে  তৃপ্তি পায়।মোৰ সেইবোৰত ৰুচি নাই।আনকি কোনোবাই কিবা এটা দুৰ্ঘটনাৰ কথা ক’লেও বৰ্ণনাটো শেষ হোৱাৰ আগতে মই জানিব বিচাৰোঁ- দুৰ্ঘটনাত পতিত হোৱাজন শেষলৈ বাচিব নে মৰিব।যদি মৰে মই তেনে দুৰ্ঘটনাৰ বিষয়ে জানিবই নিবিচাৰোঁ।যদি বাচে, তেতিয়াহে মই তাৰ বৰ্ণনা শুনিবলৈ আগ্ৰহী হওঁ।মই বিচাৰোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ বলি হোৱা ছাত্ৰজন সুস্থহৈ উঠক।কিন্তু তেওঁৰ ওপৰত যি শাৰীৰিক আৰু মানসিক উৎপীড়ণ চলোৱা হৈছিল তাৰ সবিশেষ বৰ্ণনা শুনিবলৈ মোৰ সাহস নাই।

মোৰ প্ৰশ্নটো পোনপটীয়া।এই ঘটনাটোৰ বাবে দায়ী কোন? তাৰ আগতে আমি কেইটামান কথা জানিবলৈ চেষ্টা কৰা উচিত। এখন বিশ্ববিদ্যালয় বুলিলে আমি কি বুজোঁ? বা এটা বিশ্ববিদ্যালয় সম্প্ৰদায় বুলিলে আমি কি বুজোঁ? এখন বিশ্ববিদ্যালয়ত চাৰিটা পক্ষ থাকে।সেই চাৰিটা পক্ষ হ’ল তাৰ ছাত্ৰ-ছাত্ৰী সকল, অধ্যাপক-অধ্যাপিকা সকল, কৰ্মচাৰী সকল আৰু বিশ্ববিদ্যালয় প্ৰশাসন বা কৰ্তৃপক্ষ।এওঁলোক সকলোকে লৈ এখন বিশ্ববিদ্যালয়।বিশ্ববিদ্যালয় এটা স্বতন্ত্ৰ অনুষ্ঠান।এই চাৰিটা পক্ষ বিশ্ববিদ্যালয় এখনৰ সুখ-দুখৰ সমভাগী।এই চাৰিটাৰ মাজত মিল নাথাকিলে বিশ্ববিদ্যালয় এখন নচলে।

প্ৰতি বছৰে বিশ্ববিদ্যালয় এখনলৈ  এচাম নতুন ছাত্ৰ-ছাত্ৰী আহে, আৰু এচাম পুৰণি ছাত্ৰ-ছাত্ৰী ওলাই যায়।নতুন ছাত্ৰ-ছাত্ৰী সকলক নৱাগত আদৰণি সভাৰ যোগেদি আদৰণি জনোৱা হয় আৰু পুৰণি ছাত্ৰ-ছাত্ৰী সকলক বিদায় সভাৰ যোগেদি বিদায় সম্ভাষণ জনোৱা হয়।ই এটা ভাল পৰম্পৰা।কিন্তু, এই ৰেগিঙটো কি বস্তু? হাঁহি ধেমালি, ফূৰ্তি-ফাৰ্তাৰ যোগেদি নতুনকৈ অহা ছাত্ৰ-ছাত্ৰী সকলৰ লগত চা চিনাকি হোৱাত কোনো আপত্তি নাই।কিন্তু ৰেগিঙৰ নামত এটা শিক্ষানুষ্ঠানলৈ নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলোৱা যি কোনো মানসিক আৰু শাৰীৰিক নিৰ্যাতন এক অপৰাধ মাত্ৰ।আমাৰ শিক্ষানুষ্ঠানবোৰত এতিয়াও কেনেকৈ এই অপৰাধ চলি আছে সেইটোহে আচৰিত কথা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ঘটা এই ঘটনাটোৰ বাবে কোন দায়ী? আমি ইয়াত কোন কেইজন ব্যক্তি দায়ী সেইটো ক’ব বিচৰা নাই।ঘটনাটো যেহেতু এতিয়া মুকলিলৈ আহিছে তাৰ দায়িত্ব পুলিচৰ।পুলিচে উপযুক্ত অনুসন্ধান কৰি প্ৰত্যক্ষ, পৰোক্ষভাবে ঘটনাটোৰ লগত জড়িত ব্যক্তিক আৰু যাৰ গাফিলতিত এই ঘটনাটো ঘটিবলৈ পালে সেই সকলক বিচাৰি উলিয়াই শাস্তি বিহক।সেইটো আমাৰ বিচাৰ্য নহয়।আমাৰ বিচাৰ্য বিষয়টো হ’ল-ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যে এনে এটা ঘটনা ঘটিবলৈ পালে তাৰবাবে সমগ্ৰ বিশ্ববিদ্যালয় সম্প্ৰদায়টো দায়ী হয়নে নহয়? এইটো তেওঁলোক সকলোৰে সমূহীয়া ব্যৰ্থতা হয়নে নহয় ? ছাত্ৰ সকলে তেওঁলোকক বিপ্লৱী, বিদ্ৰোহী বুলি কয়? তেওঁলোকে নিজকে আধুনিক আৰু আলোকৰ যাত্ৰী বুলি কয়।এয়াই নেকি তেওঁলোকৰ আলোকৰ যাত্ৰা?

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ লজ্জানত হোৱা উচিত।এতিয়া ঘটনাটো ফাদিল হোৱাৰ পিছত তেওঁলোক আন্দোলনমুখী হৈছে? কিন্তু তাৰ আগতে তেওঁলোক ক’ত আছিল? তেওঁলোকে কিয় এনে ঘটনা এটা ঘটাৰ আগতে তাক বাধা দিব নোৱাৰিলে? এতিয়া এই বিষয়টো লৈ আন্দোলন কৰাৰ নৈতিক অধিকাৰ তেওঁলোকৰ আছেনে? আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক/অধ্যাপিকা সকলৰ একো কৰিবলগা নাছিলনে? তেখেতসকলে পঢ়ুৱা ছাত্ৰ সমাজৰ এচাম যে এই গৰ্হিত কামটোৰ লগত জড়িত হৈ পৰিল, সেই কথাটো তেওঁলোকে কেনেদৰে লয়? তেওঁলোকক এই অপৰাধে কিবা প্ৰকাৰে স্পৰ্শ কৰিবনে নকৰে? তেওঁলোক ইয়াৰ পৰা সম্পূৰ্ণ উৰ্দ্ধত নেকি? আমি একো নকওঁ তেওঁলোকে নিজে কথাটো ভাবি চওক। ছাত্ৰ-ছাত্ৰীৰ লগত তেওঁলোকৰ সম্পৰ্ক কেৱল শ্ৰেণীকোঠা আৰু শিক্ষাসদী আৱৰ্ততে সীমাবদ্ধ থাকিব নে তাৰ বাহিৰলৈও যাব? কৰ্মচাৰী সকল একা? ছাত্ৰ-ছাত্ৰীৰ দল বছৰে বছৰে আহি আছে বছৰে বছৰে গৈ আছে। কিন্তু, আপোনালোক অৱসৰ নোপোৱালৈকে বিশ্ববিদ্যালয়খনৰ বাসিন্দা নহয় জানো? বিশ্ববিদ্যালয়খনৰ ভাল বেয়া, তাৰ ছাত্ৰ সমাজৰ ভাল-বেয়া আপোনালোকৰো ভাল-বেয়া নহয়নে? বিশ্ববিদ্যালয়খনৰ সুকীৰ্তিৰ এটা অংশ আপোনালোকৰ প্ৰাপ্য নহয় জানো? তেনেহ’লে তাৰ কুকীৰ্তিৰ কিবা এটা অংশ আপোনালোকলৈও নাহিবনে?

এইবাৰ  আহোঁ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ। আপোনালোকে কি ভাবে? এই যে কেইগৰাকীমান পুৰণি ছাত্ৰই নতুনকৈ অহা ছাত্ৰ কেইজনক এনেকৈ অত্যাচাৰ কৰিলে তাত আপোনালোকৰ কিবা দায় দায়িত্ব আছে নে নাই? বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত এনে জঘন্য কাণ্ড এটা ঘটিছে। ঘটনাটো ৰাজহুৱা হোৱাৰ আগতে যে আপোনালোকে তাৰ কোনো উমঘামেই নাপালে বা কিবা শুংসুত্ৰ পাইছিল যদিও আপোনালোক যদি মনে মনে থাকিল তাৰ বাবে এতিয়া আপোনালোকে নিজক জগৰীয়া কৰে নে নকৰে? বিশ্ববিদ্যালয় প্ৰশাসনে কিয় এই ঘটনাটো ঘটাত বাধা দিব নোৱাৰিলে? মনত ৰাখিব আচাৰ্যৰ পদবীটো এটা পদেন পদবীহে, পঞ্জীয়ক আৰু উপাচাৰ্যহে বিশ্ববিদ্যালয়খনৰ মা, বাপ।বিশ্ববিদ্যালয় এখনৰ সকলো ভাল বেয়াৰ দায়িত্ব তেওঁলোকৰ।এটা অনুষ্ঠান ভিতৰৰ পৰা ঠিকে থাকিলে হাজাৰ চেষ্টা কৰিও বাহিৰৰ পৰা কোনোও তাৰ একো ক্ষতি সাধন কৰিব নোৱাৰে।দোষীৰ শাস্তি হ’বই লাগিব।কিন্তু বিশ্ববিদ্যালয় এখনত কেনেকৈ এনে ঘটনা এটা ঘটিবলৈ পালে সেই বিষয়ে সমগ্ৰ বিশ্ববিদ্যালয় সম্প্ৰদায়টোয়ে এটা আত্ম অবলোকন কৰা উচিত নহয়নে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd