লাচিত দিৱস আগেয়েও উদযাপিত হৈছিল। কিন্তু, এইবাৰ লাচিত দিৱসকলৈ যি হুলস্থুল কৰা হৈছে সেইটো আগতে কেতিয়াও হোৱা নাছিল।লাচিত দিৱসকলৈ কিয় এই চৰকাৰী খদমদম ? কথাটো অতি স্পষ্ট। লাচিতৰ লগত সাঙোৰ খাই থকা আন এটা কথা হ’ল মোগল।লাচিতৰ জয় আৰু মোগলৰ পৰাজয়।এতিয়া যে চৰকাৰ লাচিতকলৈ ইমান মুখৰহৈ পৰিছে তাৰ কাৰণ হ’ল চৰকাৰে এফালে লাচিতক বৰ্তমানৰ ৰাজনৈতিক পটভূমিত হিন্দু বীৰ হিচেপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু আনফালে মোগলক মুছলমানৰ সমাৰ্থক হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছে।
এফালৰ পৰা চাবলৈ গ’লে কথাটো হয়ো।সেই সময়ৰ মোগল বাদশ্বাহ ঔৰংজেৱ আছিল এজন মুছলমান আৰু লাচিত বৰফুকন আছিল এজন আহোম সেনাপতি।এতিয়া প্ৰশ্নটো হ’ল মোগল সম্ৰাট ঔৰংজেৱৰ উদ্দেশ্য কি আছিল? মোগলৰ সাম্ৰাজ্য বিস্তাৰ নে ইচলাম ধৰ্মৰ প্ৰচাৰ? আনহাতে, লাচিত বৰফুকনে ধৰ্মীয় উদ্দেশ্যেৰে মোগলৰ বিৰোধিতা কৰিছিল নে আহোম ৰাজত্বৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখিবলৈ মোগলৰ সৈতে যুঁজ দিছিল? আচলতে দুয়োটা ফৈদৰ কাৰণে তেওঁলোকৰ ধৰ্মীয় পৰিচয়টো গুৰুত্বপূৰ্ণ নাছিল। আক্ৰমণকাৰী মোগলৰ উদ্দেশ্য আছিল সাম্ৰাজ্য বিস্তাৰ আৰু সম্পদ আহৰণ আৰু মোগলৰ আক্ৰমণ প্ৰতিহত কৰা আহোমৰ উদ্দেশ্য আছিল নিজৰ ৰাজ্য সুৰক্ষিত কৰা।
আৰু এটা কথা। অতীতক বৰ্তমানত প্ৰক্ষেপ কৰোতে আমি প্ৰায়ে কিছুমান ভুল কৰোঁ।ইতিহাস অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে Historical Insight বা Historical Imagination যাক আমি অসমীয়াত ‘ঐতিহাসিক অন্তৰ্দৃষ্টি’ বা ‘ঐতিহাসিক কল্পনা’ বুলি কওঁ।ইতিহাস হ’ল অতীত অধ্যয়ন।আজি আমি লাচিতৰ ৪০০ বছৰীয় জন্ম জয়ন্তী পাতিছোঁ।কিন্তু, লাচিতৰ সময়, সেই ৪০০ বছৰৰ আগৰ দৃষ্টিৰে চাব পাৰিছোঁনে? সেই সময়লৈ আমি যাব পাৰিছোঁনে? সেই সময়ৰ প্ৰাকৃতিক পৰিবেশ আৰু জনসংখ্যাৰ কথাটো আমি কল্পনা কৰি চাইছোনে? নে অতীতলৈ উভতি চাওতে বৰ্তমানে বাৰে বাৰে আমাৰ চকু ছানি ধৰিছে? অতীত অধ্যয়ন কৰিবলৈ হ’লে আমি অতীতৰ পুনৰ্নিৰ্মাণ কৰিব লাগিব।অতীতৰ পুনৰ্নিৰ্মাণৰ একমাত্ৰ উপায় হ’ল পৰীক্ষিত আৰু প্ৰমাণিত ঐতিহাসিক তথ্যৰ ভিত্তিত ঐতিহাসিক অন্তৰ্দৃষ্টি বা ঐতিহাসিক কল্পনাৰ সহায় লৈ কৰা অতীত অধ্যয়নৰ প্ৰয়াস।
কিন্তু, ইতিহাসৰ ক্ৰূৰ পৰিহাস এইটোৱে যে ঐতিহাসিক সত্য নিৰ্দ্ধাৰণৰ সলনি প্ৰায়ে বৰ্তমানৰ তাগিদাত, তাকো ৰাজনৈতিক প্ৰয়োজনত মতাদৰ্শগত অৱস্থানৰ পৰাহে ইতিহাস অধ্যয়ন কৰা হয়।ৰাজনৈতিক মতাদৰ্শৰে অনুপ্ৰাণিতহৈ ৰাজনৈতিক মতাদৰ্শৰ প্ৰিজমেৰে কৰা ইতিহাস অধ্যয়নৰ উদ্দেশ্য ইতিহাসৰ পুনৰলিখন, বিক্ৰিতকৰণ। উদাহৰণ স্বৰূপে ঔপনিবেশিক ঐতিহাসিক সকলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থতে যেনেকৈ অতীত ভাৰত সময়ৰ খোলাত আবদ্ধ এক সংঘাত জৰ্জৰ সমাজ বুলি বৰ্ণনা কৰিছিল, ঠিক তেনেকৈ তাৰ বিপৰীতে জাতীয়তাবাদী ঐতিহাসিক সকলে কোনো ধৰণৰ সংঘাতহীন এক সোণালী অতীতৰ ভাৰত এখন কল্পনা কৰছিল। ঔপনিবেশিক ঐতিহাসিক সকলে সময়ৰ জোখেৰে, যেন প্ৰাচীন,মধ্য আৰু আধুনিক যুগ নিৰ্দ্ধাৰণ কৰাৰ সলনি হিন্দু,মুছলিম আৰু বৃটিছ যুগৰ নামত ইতিহাসৰ সাম্প্ৰদায়িক ব্যাখ্যা আগবঢ়াইছিল।ইতিহাসৰ বিকৃতকৰণ কিমান শক্তিশালী হ’ব পাৰে তাৰ উদাহৰণ কাল্পনিক দ্বিজাতি তত্ত্ব,যাৰ ভিত্তিত ভাৰতক দুভাগ কৰা হৈছিল। এতিয়াও অমিত শ্বাহে অনবৰতে ইতিহাস পুনৰলিখনৰ ওপৰত গুৰুত্ব দি থকা নাই জানো?
ৰাজনীতিকে কিয় ইতিহাস অধ্যয়নৰ ওপৰত ইমান গুৰুত্ব দিয়ে? তেওঁলোকে ঐতিহাসিক সত্যৰ আধাৰত তেওঁলোকে লোৱা বৰ্তমানৰ ৰাজনৈতিক কাৰ্যসূচী যে সঠিক তাক প্ৰতিপন্ন কৰি ৰাইজক তেওঁলোকৰ ফলীয়া কৰিব বিচাৰে।সেইটোৱেই হ’ল- প্ৰকৃত ইতিহাস অধ্যয়ন আৰু উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিক ইতিহাস অধ্যয়নৰ মাজৰ পাৰ্থক্য।কিয় আজিৰ পৰা ৪০০ বছৰৰ আগৰ শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে? তাক অতি সুন্দৰকৈ ব্যাখ্যা কৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টাই।শিক্ষা উপদেষ্টা গৰাকীয়ে তেতিয়াৰ মোগলৰ আক্ৰমণক এতিয়াৰ স্বাধীনোত্তৰ প্ৰব্ৰজনৰ লগত তুলনা কৰিছে। তাক তেওঁ নতুন শৰাইঘাটৰ ৰণ বুলি কৈছে আৰু লগতে এই ইংগিতো দিছে যে অসমীয়া জাতিত সকলো আছে, কিন্তু মোগলৰ বংশধৰ, মুছলমান সকলহে নাই।সকলোকে লৈ অসমীয়া সংখ্যাগুৰু। মুছলমান নাথাকিলেও সমস্যা নাই। সংখ্যাগুৰুৰ ভোট পালেই হ’ল।তাৰবাবে ইতিহাসৰ পৰা আমি কি আনিব পাৰোঁ কি সমৰ্থন গোটাব পাৰোঁ সেইটোহে গুৰুত্বপূৰ্ণ।
সেয়ে, আলোচনাচক্ৰত অইন কোনে কি ক’লে সেইটো গুৰুত্বপূৰ্ণ নহয়, তাত চৰকাৰ আৰু চৰকাৰী মুখপাত্ৰই কি কৈছে সেইটোহে গুৰুত্বপূৰ্ণ।বাকীবোৰেও কৌশল কৰি নিজৰ আত্মপক্ষ সমৰ্থন কৰি কথা ক’ব পাৰে।কিন্তু চৰকাৰী ভাষ্যৰ বিৰুদ্ধাচাৰণ কৰাৰ সাহস তেওঁলোকৰ নাই।দেখদেখ কথা, লাচিত দিৱস পতাৰ নামত এই উৎসাহ, এই উদযাপনৰ মূলতে আছে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি গভীৰতৰ কৰি তোলা।সেই কামটো কৰা হৈছে চৰকাৰী উদ্যেগত সৰ্বস্তৰত, সকলোকে জড়িত কৰি। উৰাজাহাজ ভৰাই দিল্লীলৈ মানুহ নি।
পৰিতাপৰ কথা হ’ল কৌশলপূৰ্ণভাবে কৰা এই ৰাজনৈতিক প্ৰচাৰত হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছে কলেজ বিশ্ববিদ্যালয়ৰ অধ্যাপক সকলক।তেওঁলোকে বাৰু ইতিহাস অধ্যয়নৰ অজুহাতত শাসকীয় দলৰ ৰাজনৈতিক ৰণকৌশলৰ অংশীদাৰহৈ তেওঁলোকৰ শিক্ষাসদী পেছাৰ লগত আপোচ কৰা নাইনে? আমাৰ ইতিহাস অধ্যয়নৰ পাঠেয় হ’ব সত্যনিষ্ঠ নিৰলস গৱেষণা নে ৰাজনৈতিক নেতাৰ আশিসধন্য দিল্লীৰ বিজ্ঞানভৱনৰ চিকমিকনি?