ভাৰতৰ ৰাজনীতি আজি কোন দিশে?

ভাৰতৰ ৰাজনীতি এতিয়া কোন দিশে? প্ৰথম কথা, যি নিৰ্বাচনী প্ৰক্ৰিয়াৰ দ্বাৰা চৰকাৰ এখন গঠন কৰা হয়, এতিয়া সেই নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেদৰে পৰিচালিত হয়? যি দলৰে নহওক,নিৰ্বাচনত নামিবলৈ এতিয়া এজন প্ৰাৰ্থীক কিমান টকাৰ প্ৰয়োজন? সেইটো জানিবলৈ বৰ বেছি কষ্ট কৰাৰ প্ৰয়োজন নাই, মনোনয়ন দাখিল কৰাৰ সময়ত প্ৰাৰ্থীবোৰে দিয়া তেওঁলোকৰ উপাৰ্জনৰ হিচাপটো চালেই হ’ল। দুই এটা সৰুসুৰা দলৰ প্ৰাৰ্থীৰ বাহিৰে বাকী যিবোৰ মূল মূল ৰাজনৈতিক দল আছে, সেইবোৰৰ সৰহ সংখ্যকেই আজিকালি কোটি কোটিপতি।

লোকসভাৰ নিৰ্বাচন দূৰৈৰ কথা, বিধানসভাৰ নিৰ্বাচন খেলিবলৈ হেনো এতিয়া কোটি টকাৰ প্ৰয়োজন।এই যে বিধানসভাৰ নিৰ্বাচন খেলিবলৈ কোটি টকাৰ প্ৰয়োজন; ই বাৰু দলীয় ৰাজনীতিৰ পৰিৱেশটো প্ৰভাৱিত নকৰিবনে? নিশ্চয় কৰিব।প্ৰথম কথা, টকা থকা মানুহৰ বাহিৰে এতিয়া অইন মানুহে ৰাজনীতি কৰিব নোৱাৰে।কৰিলেও তেওঁলোকে সাংগঠনিক দায়িত্বৰ বাহিৰে  অইন কোনো  গুৰুত্বপূৰ্ণ চৰকাৰী পদবীলৈ আহিব নোৱাৰে।এইটো হৈছে ব্যক্তিগত পৰ্যায়ৰ কথা।

আনহাতে ৰাজনৈতিক দলবোৰৰ অৱস্থা কেনে? ভাৰতীয় সংসদীয় ব্যৱস্থাটো হৈছে বহুদলীয় ব্যৱস্থা।কিন্তু, ২০১৪ চনত নৰেন্দ্ৰ মোদিৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত, ইয়াৰ আগতে কেতিয়াও নোহোৱা ধৰণে ভাৰতত ৰাজনৈতিক ক্ষমতা অতিকেন্দ্ৰীকৃত হৈ পৰে।দেশৰ স্বায়ত্ব শাসিত অনুষ্ঠান, প্ৰতিষ্ঠান (autonomous organisations)সমূহে নিজৰ স্বতন্ত্ৰতা হেৰুৱাই প্ৰায় সম্পূৰ্ণৰূপে চৰকাৰৰ বহতীয়া হৈ পৰে।

ৰাজনৈতিক ক্ষমতাৰ অতিকেন্দ্ৰীকৰণৰ অৰ্থনৈতিক প্ৰভাৱ স্বাভাৱিক।যাৰ হাতত ৰাজনৈতিক ক্ষমতা থাকে বহুজাতিক আৰু বনিক গোষ্ঠীয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থত সদায় তেওঁলোকৰ লগত তাল মিলাই চলে।তেওঁলোকৰ নিৰ্বাচনী পুঁজিলৈ আটাইতকৈ বেছি দান বৰঙণি আগবঢ়ায়।সেই কাৰণেই নিৰ্বাচনী ব’ণ্ডৰ পৰা আটাইতকৈ বেছি টকা আহিছে ভাৰতীয় জনতা পাৰ্টিৰ পুঁজিলৈ।নিৰ্বাচনী আয়োগৰ তথ্য মতে ২০১৯-২০ চনত নিৰ্বাচনী ব’ণ্ডৰ দ্বাৰা সংগৃহীত মুঠ ৩৩৫৫ কোটি টকাৰ ২৫৫৫ কোটি টকা গৈছে বিজেপিৰ পুঁজিলৈ, ই হ’ল মুঠ টকাৰ প্ৰায় ৭৬%।

এতিয়া কি হৈছে তিনিটা বস্তু এক হৈছে।সেই কেইটা হৈছে ৰাজনৈতিক ক্ষমতা,টকা আৰু সংখ্যাগুৰু মতাদৰ্শ।ভাৰতীয় জনতা পাৰ্টিত আপোনালোকে এই তিনিটা বস্তু দেখিছেনে নাই?এই তিনিটা একহৈ যি মহা শক্তি হৈছে, তাৰ আগত যেন কোনো তিষ্ঠি থাকিব নোৱাৰিব, ভাৰতবৰ্ষত এতিয়া তেনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে।সংখ্যাগৰিষ্ঠৰ মতাদৰ্শটোৱেও যেন এফালৰ পৰা সকলোকে গ্ৰাস কৰিছে।হিন্দু ভোট যিহেতু বেছি।হিন্দু ভোটাৰক নিজৰ ফলীয়া কৰি ৰাখিবই লাগিব যি কোনো প্ৰকাৰে।

আমি বিৰোধী ঐক্যৰ কথা কওঁ।সকলো বিৰোধী এক হোৱাৰ কথা কওঁ।কিন্তু,একেবাৰে শেহতীয়া দুটা ৰাজনৈতিক ঘটনালৈ মন কৰকচোন।একেবাৰে শেহতীয়া ৰাজনৈতিক ঘটনা দুটা হ’ল-মহাৰাষ্ট্ৰত কংগ্ৰেছ,এন চি পি আৰু শিৱসেনাৰ  এম ভি এ,অৰ্থাৎ মহাৰাষ্ট্ৰ বিকাশ আঘাৰী চৰকাৰৰ পতন আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।এইখিনিতে আমি এটা কথা মন কৰা উচিত,আচলতে মন কৰাই নহয় অনুধাৱন কৰা উচিত। সেইটো হ’ল এই যে বিৰোধী ৰাজনীতিকবোৰ, তেওঁলোকৰ আদৰ্শনো কি? মানে গৰিষ্ঠ সংখ্যকৰ? টকা আৰু ক্ষমতা নহয়নে?

অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে এই ৰাজনীতিকবোৰ যি যি দলত আছে সেই দলবোৰ গঠন হোৱাৰ যিবোৰ ঐতিহাসিক কাৰণ আছিল সেইবোৰ আমি সম্পূৰ্ণৰূপে উলাই কৰিম।চাবলৈ গ’লে সেইবোৰো কিন্তু মূলতঃ ক্ষমতাকেন্দ্ৰিক বিবাদ বা দ্বন্দ্বই আছিল।কিন্তু,সেই ক্ষমতাকেন্দ্ৰিক বিবাদ আছিল গোষ্ঠী বা সমূহৰ স্বাৰ্থকেন্দ্ৰিক, এতিয়া যেনিবা সি অধঃপতিত হৈছে ব্যক্তিলৈ বা বৰ বেছি পৰিয়াললৈ,অৰ্থাৎ এতিয়া ৰাজনীতিৰ চালিকা শক্তি হৈছে ক্ষমতা আৰু পইছা।ক্ষমতা আৰু পইছা,এই কাৰণে কিয়নো ক্ষমতা আৰু পইছা এটাৰ আনটো ইপিঠি সিপিঠি।

এনে এটা পৰিস্থিতিত, মহাৰাষ্ট্ৰ বিকাশ আঘাৰী চৰকাৰৰ পতনৰ বিষয়টো বিশ্লেষণ কৰিলে আমি দেখোঁ যে ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰি চৰকাৰৰ অধীনস্থ স্বায়ত্ব শাসিত অনুষ্ঠান ই ডিৰ যোগেদি যেতিয়া শিৱসেনাৰ ক্ষমতা আৰু ধনবলীয়া বিধায়কবোৰৰ হাত পকাই ধৰা হ’ল, তেওঁলোকে ৰাতাৰাতি তেওঁলোকৰ আনুগত্য সলনি কৰিলে।বিধায়ক সকলৰ উদ্দেশ্য যিহেতু টকা আৰু ক্ষমতা, যাৰ লগত থাকিলে তেওঁলোকে টকা আৰু ক্ষমতা পাব তেওঁলোক তাৰ লগতহে থাকিব।ৰাজনৈতিক আদৰ্শ- এইবোৰ মানুহক দেখুৱাই কোৱা কথাহে।আৰু তাতো তেওঁলোকৰ একো অসুবিধা হোৱা নাই।তেওঁলোকে হিন্দুত্বৰ নাম ধিয়াব পাৰিছে।ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কিয় বিৰোধীৰ মানুহে চৰকাৰক ভোট দিলে? কিয়, মহাৰাষ্ট্ৰৰ চৰকাৰ পতনেই জানো তাৰ আগজাননী নাছিল? সেই একেই টকা আৰু ক্ষমতাৰ তত্ত্ব আৰু আদৰ্শ।

আচৰিত কথা যে চৰকাৰৰ হাতোৰা যে বিৰোধীৰ ওপৰতে আছে তেনে নহয়, ই আনকি এতিয়া চৰকাৰ বিৰোধী আন্দোলনৰ ওপৰতো পৰিছে।অতিকেন্দ্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ পৰিণতি কি? স্বৈৰতন্ত্ৰ। কিয়? যেতিয়া ৰাজনৈতিক ক্ষমতাই চৰকাৰৰ অধীনস্থ সংস্থা সমূহক সম্পূৰ্ণৰূপে বশ কৰে,যেতিয়া ৰাজনৈতিক বিৰোধী থৰকবৰক হয়,যেতিয়া প্ৰচাৰ মাধ্যম চৰকাৰৰ মুখপত্ৰত পৰিণত হয়, যেতিয়া ন্যায়পালিকা চৰকাৰৰ অধীন হয়, তেতিয়া একতন্ত্ৰ, স্বৈৰতন্ত্ৰ নহৈ কি হ’ব? কিন্তু এই ক্ষমতাৰ মচনদ খহি পৰাৰ আগজাননী পালে লগে লগে আকৌ সকলোৰে শিবিৰ সলনিৰ ধুমো উঠিব।ইয়াৰ বিকল্প কি? সেই বিষয়ে পিছৰ প্ৰাসংগিক প্ৰশ্নত।