আজিৰ পৰা বহু বছৰ আগৰ কথা। তেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ। অসমতো বিজেপি চৰকাৰ। ইতিমধ্যে সাংবিধানিক মূল্যবোধ ধূলিসাৎ কৰি বিজেপিয়ে দেশৰ গণতান্ত্ৰিক অনুষ্ঠান সমূহত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। সেই ছৱিখন সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰী নহয় যদিও তৰুণ গগৈ তেতিয়াও কইনাধৰাৰ ৰাজ্যিক অতিথিশালাতে আছে। কইনাধৰাত আগৰ ব্যস্ততা নাই। এক নিমাওমাও পৰিবেশ। জনপ্ৰাণী শূন্য। ঠিক তেনে এটা পৰিবেশতে এদিন সন্ধিয়া অকলশৰীয়াকৈ মই গৌৰৱ গগৈক লগ পাইছিলোঁ তাত। তেতিয়া তেওঁ লোকসভাৰ সদস্য।
গৌৰৱ গগৈয়ে সেইদিনা সমসাময়িক ৰাজনীতিৰ বিষয়ে মোৰ লগত বহু কথাই পাতিছিল। আমি প্ৰায় বোৰ বিষয়তে সমমৰ্মিতা প্ৰকাশ কৰিছিলোঁ। তেওঁ নাগৰিক সমাজৰ ভূমিকাৰ ওপৰত বৰকৈ জোৰ দিছিল। তাৰপিছত, এতিয়ালৈ মই ব্যক্তিগতভাৱে গৌৰৱ গগৈক লগ পোৱা নাই। কিন্তু এগৰাকী ৰাজনীতিক হিচাপে গৌৰৱ গগৈয়ে সংসদৰ ভিতৰত কি কৈছে , সংসদৰ বাহিৰত কি কৰি আছে সেইবোৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিছোঁ।
যোৱা লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। গৌৰৱ গগৈক হৰুৱাবলৈ বিজেপিৰ সকলো ৰথী-মহাৰথী যোৰহাট সমষ্টিত উবুৰি খাই পৰিছিল। কোটি কোটি টকা খৰচ কৰিছিল। বিজেপিৰ কাৰণে যোৰহাটত গৌৰৱ গগৈক হৰুৱাটো এটা সন্মানৰ বিষয় হৈ পৰিছিল। তাৰ বিপৰীতে অলপীয়া বাজেটেৰে একাণপতীয়াকৈ গৌৰৱ গগৈয়ে স্থিতপ্ৰজ্ঞৰ দৰে তৃণমূল কৰ্মীসকলক লগত লৈ তেওঁৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
ক্ৰমে গৌৰৱৰ বাক্য-বচন, আচাৰ-ব্যৱহাৰে ৰাইজৰ মন মুহিছিল। গৌৰৱে বিশাল বিশাল জনসভা কৰা নাছিল। কিন্তু তেওঁ লাহে লাহে মানুহৰ মাজলৈ সোমাই গৈছিল।তেওঁলোকৰ লগত এক সংযোগ স্থাপন কৰিব বিচাৰিছিল। সময়ত পৰিস্থিতি এনে হৈছিল যে গৌৰৱ গগৈ নহয়, কংগ্ৰেছ নহয়, যোৰহাট সমষ্টিৰ ৰাইজেহে যেন গৌৰৱ গগৈৰ হৈ নিৰ্বাচন খেলিছিল। গৌৰৱ গগৈ নিৰ্বাচনত জয়ী হৈছিল। গৌৰৱ গগৈৰ জয়ে বিজেপি বিৰোধী শিবিৰটোৰ মাজত নতুন এক উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰিছিল।
গৌৰৱ যে এজন দক্ষ সাংসদ তাত কাৰো কোনো সন্দেহ নাছিল। সেই কথা ইতিমধ্যে সকলোৱে মানি লৈছিল। হিন্দী, ইংৰাজীত অতি নিৰ্ভিকভাৱে যুক্তি, তথ্যৰে সংসদত নিজৰ বক্তব্য দাঙি ধৰি গৌৰৱে সমগ্ৰ দেশৰে সমাদৰ লাভ কৰিছিল। কিন্তু এইবাৰ লোকসভাৰ নিৰ্বাচনত জিকি তেওঁ যে এজন দক্ষ সংগঠক আৰু নেতা গৌৰৱে সেইটোও প্ৰমাণ কৰিছিল।
তাৰপিছত আহিল বিহালীৰ উপ-নিৰ্বাচন। বিহালীৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী শিবিৰৰ মাজত হোৱা ভুল বুজাবুজি সকলোৱে জানে। কিন্তু বিহালীত গৌৰৱ গগৈয়ে কি কৰিলে? বিহালীত কোন জিকে কোন হাৰে সেইটো ক’বলৈ নাযাওঁ। কিন্তু বিহালীত গৌৰৱ গগৈয়ে যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলালে সেইটো কিন্তু আমি মানিব লাগিব। তেওঁ যেন তাত সাধাৰণ মানুহৰ মাজত এটা বিজেপি বিৰোধী জাগৰণ আনিলে। লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ যোৰহাট সমষ্টিৰ মানুহৰ মাজলৈ যেনেকৈ সোমাই গৈছিল, বিহালী উপ-নিৰ্বাচনৰ সময়তো তেওঁ ঠিক সেইটোৱে কৰিলে।
নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ আগে আগে বিৰোধী ঐক্যমঞ্চৰ নেতা সকলে গৌৰৱ গগৈৰ বিষয়ে নানা কটু কথা কৈছিল। তেওঁ পৰাপক্ষত সেই বিতৰ্কবোৰৰ পৰা আঁতৰি থাকিছিল। অগত্যা কিবা এষাৰ ক’লেও সকলোৰে প্ৰতি সন্মানেৰে কৈছিল। সকলোৰে অলক্ষিতে সেই বিতৰ্ক এদিন নোহোৱা হৈছিল। শেহতীয়াভাৱে গৌৰৱ গগৈৰ দুটা কামে গৌৰৱ গগৈ আৰু অইন ৰাজনীতিক সকলৰ মাজৰ পাৰ্থক্যটো অতি স্পষ্ট কৰি তুলিছে।
তাৰে এটা হ’ল নিৰ্বাচনী প্ৰচাৰ সামৰি বিহালীৰ ৰাইজক উদ্দেশ্য কৰি ফেইচবুক লাইফৰ যোগেদি তেওঁ কোৱা কথাখিনি। অলপ চাবচোন তেওঁ কি কৈছিল। এইবোৰ কথা আজিকালি আমি কোনো ৰাজনীতিকৰ মুখত শুনোনে? এজন ৰাজনীতিকৰ মুখত এইবোৰ নতুন কথা, নতুন ভাষা নহয়নে? এটা কথা অন্তৰেৰে উপলব্ধি নকৰিলে কোনোবাই এনেকৈ কথা ক’ব পাৰেনে? ৰাহুল গান্ধীক বাদ দি আমি কোনো ৰাজনীতিকৰ মুখত এনে অৰাজনৈতিক কথা বা ভাষা শুনিছোঁনে? অৰাজনৈতিক মানে ৰাজনীতিত এইবোৰ কথাই গুৰুত্ব পোৱা উচিত নহয় জানো? ৰাজনীতি কেৱল শঠতা, ভুৱা, ভণ্ডামি আৰু প্ৰৱঞ্চনাৰ খেল নেকি?
তাৰপিছৰ ঘটনাটো হ’ল বিহালীত চৰাইদেউ কংগ্ৰেছৰ সভাপতিক আটক কৰাক লৈ হোৱা উত্তপ্ত পৰিস্থিতিত গৌৰৱ গগৈৰ ভূমিকা। সেই ভিডিওটোও আপোনালোকে অলপ চাই ল’বচোন। দেখিছে নিজৰ দলৰ কৰ্মী সকলক সম্বোধন কৰি গৌৰৱ গগৈয়ে কি কৈছে? কেনেকৈ শান্তি, শৃংখলা আৰু অনুশাসন মানি চলিবলৈ দলীয় কৰ্মী সকলক বাৰে বাৰে তেওঁ আহ্বান জনাইছে! আচৰিত কথা সকলোৱে কিন্তু গৌৰৱৰ কথা শুনি সময়ত শান্ত হৈ পৰিছিল আৰু তেওঁ পৰিস্থিতিটো সম্পূৰ্ণৰূপে নিজৰ আয়ত্তলৈ আনিব পাৰিছিল।
আমি, ৰাজনৈতিক নেতাই মানুহক উত্তেজিত কৰাহে দেখা পাওঁ। এনেকৈ এচাম উত্তেজিত জনতাক শান্ত কৰা আমি আজিকালি ক’ৰবাত দেখোঁনে? এইবোৰ ৰাজনীতিৰ নতুন পৰিভাষা নহয়নে? বৰ্তমানৰ প্ৰদূষিত ৰাজনীতিত এইবোৰ এচাটি সুগন্ধি মলয়া বতাহ নহয়নে? কোনোবাই কৈছিল নহয় -স্পৰ্শ নকৰাকৈ ৰেখা এডাল কেনেকৈ চুটি কৰিব পাৰি, তাৰ কাষত এডাল দীঘল ৰেখা টানি দি। কলুষিত ৰাজনীতিক পৰিষ্কাৰ কৰাৰো একমাত্ৰ উপায় হ’ল পৰিষ্কাৰ ৰাজনীতিৰ অনুশীলন।