• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৌৰৱ গগৈঃ এগৰাকী নতুন ৰাজনৈতিক নেতাৰ আবিৰ্ভাব

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 16, 2024 1:01 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা বহু বছৰ আগৰ কথা। তেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ। অসমতো বিজেপি চৰকাৰ। ইতিমধ্যে সাংবিধানিক মূল্যবোধ ধূলিসাৎ কৰি বিজেপিয়ে দেশৰ গণতান্ত্ৰিক অনুষ্ঠান সমূহত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। সেই ছৱিখন সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰী নহয় যদিও তৰুণ গগৈ তেতিয়াও কইনাধৰাৰ ৰাজ্যিক অতিথিশালাতে আছে। কইনাধৰাত আগৰ ব্যস্ততা নাই। এক নিমাওমাও পৰিবেশ। জনপ্ৰাণী শূন্য। ঠিক তেনে এটা পৰিবেশতে এদিন সন্ধিয়া অকলশৰীয়াকৈ মই গৌৰৱ গগৈক লগ পাইছিলোঁ তাত। তেতিয়া তেওঁ লোকসভাৰ সদস্য।

গৌৰৱ গগৈয়ে সেইদিনা সমসাময়িক ৰাজনীতিৰ বিষয়ে মোৰ লগত বহু কথাই পাতিছিল। আমি প্ৰায় বোৰ বিষয়তে সমমৰ্মিতা প্ৰকাশ কৰিছিলোঁ। তেওঁ নাগৰিক সমাজৰ ভূমিকাৰ ওপৰত বৰকৈ জোৰ দিছিল। তাৰপিছত, এতিয়ালৈ মই ব্যক্তিগতভাৱে গৌৰৱ গগৈক লগ পোৱা নাই। কিন্তু এগৰাকী ৰাজনীতিক হিচাপে গৌৰৱ গগৈয়ে  সংসদৰ ভিতৰত কি কৈছে , সংসদৰ বাহিৰত কি কৰি আছে সেইবোৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিছোঁ।

যোৱা লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। গৌৰৱ গগৈক হৰুৱাবলৈ বিজেপিৰ সকলো ৰথী-মহাৰথী যোৰহাট সমষ্টিত উবুৰি খাই পৰিছিল। কোটি কোটি টকা খৰচ কৰিছিল। বিজেপিৰ কাৰণে যোৰহাটত গৌৰৱ গগৈক হৰুৱাটো এটা সন্মানৰ বিষয় হৈ পৰিছিল। তাৰ বিপৰীতে অলপীয়া বাজেটেৰে একাণপতীয়াকৈ গৌৰৱ গগৈয়ে স্থিতপ্ৰজ্ঞৰ দৰে তৃণমূল কৰ্মীসকলক লগত লৈ তেওঁৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

Apply Now

ক্ৰমে গৌৰৱৰ বাক্য-বচন, আচাৰ-ব্যৱহাৰে ৰাইজৰ মন মুহিছিল। গৌৰৱে বিশাল বিশাল জনসভা কৰা নাছিল। কিন্তু তেওঁ লাহে লাহে মানুহৰ মাজলৈ সোমাই গৈছিল।তেওঁলোকৰ লগত এক সংযোগ স্থাপন কৰিব বিচাৰিছিল। সময়ত পৰিস্থিতি এনে হৈছিল যে গৌৰৱ গগৈ নহয়, কংগ্ৰেছ নহয়, যোৰহাট সমষ্টিৰ ৰাইজেহে যেন গৌৰৱ গগৈৰ হৈ নিৰ্বাচন খেলিছিল। গৌৰৱ গগৈ নিৰ্বাচনত জয়ী হৈছিল। গৌৰৱ গগৈৰ জয়ে বিজেপি বিৰোধী শিবিৰটোৰ মাজত নতুন এক উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰিছিল।

গৌৰৱ যে এজন দক্ষ সাংসদ তাত কাৰো কোনো সন্দেহ নাছিল। সেই কথা ইতিমধ্যে সকলোৱে মানি লৈছিল। হিন্দী, ইংৰাজীত অতি নিৰ্ভিকভাৱে যুক্তি, তথ্যৰে সংসদত নিজৰ বক্তব্য দাঙি ধৰি গৌৰৱে সমগ্ৰ দেশৰে সমাদৰ লাভ কৰিছিল। কিন্তু এইবাৰ লোকসভাৰ নিৰ্বাচনত জিকি তেওঁ যে এজন দক্ষ সংগঠক আৰু নেতা গৌৰৱে সেইটোও প্ৰমাণ কৰিছিল।

তাৰপিছত আহিল বিহালীৰ উপ-নিৰ্বাচন। বিহালীৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী শিবিৰৰ মাজত হোৱা ভুল বুজাবুজি সকলোৱে জানে। কিন্তু বিহালীত গৌৰৱ গগৈয়ে কি কৰিলে? বিহালীত কোন জিকে কোন হাৰে সেইটো ক’বলৈ নাযাওঁ। কিন্তু বিহালীত গৌৰৱ গগৈয়ে যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলালে সেইটো কিন্তু আমি মানিব লাগিব। তেওঁ যেন তাত সাধাৰণ মানুহৰ মাজত এটা বিজেপি বিৰোধী জাগৰণ আনিলে। লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ যোৰহাট সমষ্টিৰ মানুহৰ মাজলৈ যেনেকৈ সোমাই গৈছিল, বিহালী উপ-নিৰ্বাচনৰ সময়তো তেওঁ ঠিক সেইটোৱে কৰিলে।

নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ আগে আগে বিৰোধী ঐক্যমঞ্চৰ নেতা সকলে গৌৰৱ গগৈৰ বিষয়ে নানা কটু কথা কৈছিল। তেওঁ পৰাপক্ষত সেই বিতৰ্কবোৰৰ পৰা আঁতৰি থাকিছিল। অগত্যা কিবা এষাৰ ক’লেও সকলোৰে প্ৰতি সন্মানেৰে কৈছিল। সকলোৰে অলক্ষিতে সেই বিতৰ্ক এদিন নোহোৱা হৈছিল। শেহতীয়াভাৱে গৌৰৱ গগৈৰ দুটা কামে গৌৰৱ গগৈ আৰু অইন ৰাজনীতিক সকলৰ মাজৰ পাৰ্থক্যটো অতি স্পষ্ট কৰি তুলিছে।

তাৰে এটা হ’ল নিৰ্বাচনী প্ৰচাৰ সামৰি বিহালীৰ ৰাইজক উদ্দেশ্য কৰি ফেইচবুক লাইফৰ যোগেদি তেওঁ কোৱা কথাখিনি। অলপ চাবচোন তেওঁ কি কৈছিল। এইবোৰ কথা আজিকালি আমি কোনো ৰাজনীতিকৰ মুখত শুনোনে? এজন ৰাজনীতিকৰ মুখত এইবোৰ নতুন কথা, নতুন ভাষা নহয়নে? এটা কথা অন্তৰেৰে উপলব্ধি নকৰিলে কোনোবাই এনেকৈ কথা ক’ব পাৰেনে? ৰাহুল গান্ধীক বাদ দি আমি কোনো ৰাজনীতিকৰ মুখত এনে অৰাজনৈতিক কথা বা ভাষা শুনিছোঁনে? অৰাজনৈতিক মানে ৰাজনীতিত এইবোৰ কথাই গুৰুত্ব পোৱা উচিত নহয় জানো? ৰাজনীতি কেৱল শঠতা, ভুৱা, ভণ্ডামি আৰু প্ৰৱঞ্চনাৰ খেল নেকি?

তাৰপিছৰ ঘটনাটো হ’ল বিহালীত চৰাইদেউ কংগ্ৰেছৰ সভাপতিক আটক কৰাক লৈ হোৱা উত্তপ্ত পৰিস্থিতিত গৌৰৱ গগৈৰ ভূমিকা। সেই ভিডিওটোও আপোনালোকে অলপ চাই ল’বচোন। দেখিছে নিজৰ দলৰ কৰ্মী সকলক সম্বোধন কৰি গৌৰৱ গগৈয়ে কি কৈছে? কেনেকৈ  শান্তি, শৃংখলা আৰু অনুশাসন মানি চলিবলৈ দলীয় কৰ্মী সকলক বাৰে বাৰে তেওঁ আহ্বান জনাইছে! আচৰিত কথা সকলোৱে কিন্তু গৌৰৱৰ কথা শুনি সময়ত শান্ত হৈ পৰিছিল আৰু তেওঁ পৰিস্থিতিটো সম্পূৰ্ণৰূপে নিজৰ আয়ত্তলৈ আনিব পাৰিছিল।

আমি, ৰাজনৈতিক নেতাই মানুহক উত্তেজিত কৰাহে দেখা পাওঁ। এনেকৈ এচাম উত্তেজিত জনতাক শান্ত কৰা আমি আজিকালি ক’ৰবাত দেখোঁনে? এইবোৰ ৰাজনীতিৰ নতুন পৰিভাষা নহয়নে? বৰ্তমানৰ প্ৰদূষিত ৰাজনীতিত এইবোৰ এচাটি সুগন্ধি মলয়া বতাহ নহয়নে? কোনোবাই কৈছিল নহয় -স্পৰ্শ নকৰাকৈ ৰেখা এডাল কেনেকৈ চুটি কৰিব পাৰি, তাৰ কাষত এডাল দীঘল ৰেখা টানি দি। কলুষিত ৰাজনীতিক পৰিষ্কাৰ কৰাৰো একমাত্ৰ উপায় হ’ল পৰিষ্কাৰ ৰাজনীতিৰ অনুশীলন। 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd