• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাধাৰণ নিৰ্বাচন আৰু মণিপুৰ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 21, 2024 2:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ সময়ত মণিপুৰৰ বিষয়ে আমি কিবা চিন্তা কৰিমনে? নে মণিপুৰত কি হৈ আছে সেইটো আমি পাহৰি থাকিবলৈ চেষ্টা কৰিম? ভাবিলে আচৰিত লাগে যে আজি এবছৰে আমাৰ চুবুৰীয়া ৰাজ্য এখন জ্বলি আছে অথচ আমি সেই বিষয়ে  নিৰ্বাক, নিমাত। মণিপুৰত কাৰ চৰকাৰ? বিজেপিৰ? কেন্দ্ৰত কাৰ চৰকাৰ? বিজেপিৰ। তেন্তে মণিপুৰৰ বৰ্তমান অৱস্থাৰ বাবে কোন জগৰীয়া? এই দুটা ইঞ্জিনৰ চৰকাৰখন  নহয়নে? এইখিনিতে এটা কথা কওঁ, এই দুটা ইঞ্জিনৰ চৰকাৰৰ ধাৰণাটো ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ সৈতে মিলে বা ৰজিতা খাইনে?

কেন্দ্ৰত যি দলৰ চৰকাৰ আছে ৰাজ্যতো সেই দলৰ চৰকাৰ হ’বই লাগিব বুলি কোনো কথা নাই। আমাৰ সংবিধান ফেডাৰেল অৰ্থাৎ যুক্তৰাষ্ট্ৰীয়।গতিকে কেন্দ্ৰত থকা দলটোৰ চৰকাৰ ৰাজ্যত নাথাকিলেও কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য চৰকাৰখনৰ সৈতে সম্পূৰ্ণ সহযোগিতা আৰু সমন্বয়েৰে কাম কৰিব লাগিব। ইয়াৰ অন্যথা কৰাটো অনুচিত, অসাংবিধানিক। অথচ বিজেপিয়ে সেইটোৱে কৈ আছে, কৰি আছে। সেইটোকে এটা নিৰ্বাচনী বিষয় কৰিছে। সেইটোতো সেইটো। কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত একে চৰকাৰ থকা মণিপুৰ যে পুৰি চাৰখাৰ হ’ল তাৰবাবে এতিয়া আমি কাক জগৰীয়া কৰিম?

এই ক্ষেত্ৰত কংগ্ৰেছৰ জয়ৰাম ৰমেশে উত্থাপন কৰা প্ৰশ্নবোৰ প্ৰাসংগিক। কালি মণিপুৰ পূৱৰ লোক সভা সমষ্টিৰ নিৰ্বাচনৰ এঠাইত প্ৰকৃত ভোটাৰ আহি পোৱাৰ আগতে কোনোবা দুষ্টচক্ৰ আহি জোৰ জবৰদস্তি সেই ভোটবোৰ দি গ’ল। আচল ভোটাৰ আহি ভোট দিবলৈ নাপাই খঙতে ইভিএম ভাঙি পেলালে। ইম্ফলৰ আন ঠাইতো বন্দুক বাৰুদ লৈ বুথ দখল কৰাৰ খবৰ আহিছে। এইবোৰ কি হৈছে? এইবোৰ চাবলৈ কোনোবা আছেনে?

আমি মনত পেলোৱা দৰকাৰ যে ২০২৩ৰ ৩ মে’ৰ দিনা মণিপুৰত হোৱা ভয়ানক সংঘৰ্ষৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী মোদী ৰাজ্যখনলৈ এবাৰো যোৱা নাই। তেতিয়াৰে পৰা এতিয়ালৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক লগ দিয়া নাই। তেওঁৰ লগত ফোনতো কথা পতা নাই। বা ৰাজ্যখনৰ বিজেপি বা আন দলৰ এম পি, এম এল এ এজনৰ লগতো কথা পতা নাই। আন কোনো ৰাজনৈতিক প্ৰতিনিধিকো  সাক্ষাৎকাৰৰ বাবে সময়  দিয়া নাই। এই কথাটোক লৈয়ে সংসদত এটা হুলস্থূলৰ সৃষ্টি হৈছিল যেতিয়া বিৰোধী সাংসদ সকলে লোক সভা আৰু ৰাজ্য সভাত মণিপুৰৰ বিষয়ে স্বয়ং প্ৰধানমন্ত্ৰীৰ পৰা এটা বিবৃতি বিচাৰিছিল। ইয়াৰ কাৰণে কিমান বিৰোধী সাংসদক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল! বাধ্যত পৰি প্ৰধানমন্ত্ৰীয়ে তিনি মিনিটৰ বাবে মণিপুৰৰ বিষয়ে যৎসামান্য কৈছিল।প্ৰধানমন্ত্ৰীয়ে কিয় তেনে কৰিলে?

মণিপুৰৰ অৱস্থাটো এতিয়া প্ৰায় গৃহযুদ্ধ সদৃশ। তাত আইন কানুন একো নাই।মণিপুৰত এতিয়ালৈকে ২০০ মানুহৰ মৃত্যু হৈছে, ৬০০০০ মানুহ গৃহহাৰা হৈছে। কিমান মহিলাক ধৰ্ষণ কৰা হৈছে। হাজাৰ হাজাৰ অস্ত্ৰশস্ত্ৰ চৰকাৰৰ জিম্মাৰ পৰা লুট কৰা হৈছে। পুলিচ, বি এছ এফৰ জোৱানক অপহৰণ কৰা হৈছে। মানে তাত কি নোহোৱাকৈ আছে? স্বয়ং উচ্চতম ন্যায়ালয়ে কৈছে যে মণিপুৰত এতিয়া চৰকাৰ বোলা কোনো বস্তু নাই। তৎসত্ত্বেও, এতিয়ালৈকে মণিপুৰত কি কাৰণে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হোৱা নাই? তাৰমানে কি? প্ৰধানমন্ত্ৰী মোদীয়ে বীৰেন সিঙে যি ধৰণে ৰাজ্যখন চলাইছে সেইটো সমৰ্থন কৰে নেকি?

মণিপুৰৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰ সংবাদপত্ৰৰ শিৰোনাম দখল কৰিছে।মোদীয়ে নিজকে বিশ্বগুৰু বুলি জহাই থাকে। তেৱেঁই হেনো ইউক্ৰেন যুদ্ধ বন্ধ কৰিছে।যুদ্ধ বন্ধ হৈছে নে নাই জনাই জানে।কিন্তু ভাৰতৰ অংগৰাজ্য এখন তিলতিলকৈ জ্বলি শেষ হৈ যোৱা সময়ত তেওঁ কিয় হাত সাৱটি বহি আছে? নিজৰ সুৰক্ষা, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাত চৰকাৰ ব্যৰ্থ হোৱাৰ প্ৰতিবাদত বহু কুকি যুৱক আৰু মহিলাই এই নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছে। গণতন্ত্ৰত ভোটৰ অধিকাৰ হ’ল এক বুনিয়াদী অধিকাৰ। সেইটোকে পূৰ্ণ কৰাত মোদী চৰকাৰ ব্যৰ্থ হোৱা নাইনে? যোৱা এবছৰে মণিপুৰত হৈ থকা ঘটনা সম্পৰ্কে আমি কেনেকৈ ইমান নীৰৱ হৈ থাকিব পাৰোঁ? নে মণিপুৰক ইতিমধ্যে সম্পূৰ্ণৰূপে বাদেই দিয়া হৈছে! আমি কেনেকৈ সেইটো কৰিব পাৰোঁ?

দেশৰ এক অন্যতম অংগৰাজ্য মণিপুৰত এইদৰে গৃহযুদ্ধ সদৃশ পৰিবেশ চলি থকাৰ কথাটো আমি  কেনেদৰে আওকাণ কৰি থাকিব পাৰোঁ! মণিপুৰ সমগ্ৰ দেশৰ বাবে এটা নিৰ্বাচনী বিষয় হ’ব নোৱাৰেনে? হোৱা উচিত নহয়নে?এইটোৱে  কেন্দ্ৰৰ মোদী চৰকাৰৰ সুশাসনৰ এটা উদাহৰণ নেকি? 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd