লিফ্টত গৈ থাকোতে, কাৰেন্ট গ’লে, হঠাৎ লিফ্টো ৰৈ দিলে, আমাৰ কেনে লাগে? উশাহ-নিশাহ বন্ধ হৈ আমাৰ অৱস্থা কাহিল নহয় জানো? কিন্তু, আজি দুসপ্তাহ ধৰি ৪১ জন শ্ৰমিক উত্তৰাখণ্ডৰ সুৰংগ এটাত আৱদ্ধ হৈ আছে। তেওঁলোকৰ অৱস্থাটো ভাবকচোন। তেওঁলোকৰ আত্মীয় সকলৰ কথা ভাবকচোন।আচৰিত কথা যে এই শ্ৰমিক সকল ভাৰতৰ বিভিন্ন ঠাইৰ পৰা যোৱা। সুখে-দুখে আমি যেন সকলো একেলগে ভাৰতীয়।এই শ্ৰমিক সকল কি অৱস্থাত আছে আমি জানিব পাৰিছোঁনে?
এতিয়ালৈকে তেওঁলোকৰ বিষয়ে যিখিনি খবৰ ওলাইছে, তাৰ পৰা আমি বৰ বিশেষ একো জানিব পৰা নাই। আমি জানো তেওঁলোকক খাদ্য, ঔষধ আদি নিয়মিতভাবে যোগান ধৰা হৈছে। শুনিছো তাত হেনো পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনো আছে। পোহৰো আছে। কিন্তু, তেওঁলোকে ক’ত শুইছে, পেচাব, পায়খানা ক’ত কৰিছে? তেওঁলোকৰ স্বাস্থ্য কেনে আছে? তেওঁলোক মানসিকভাবে কি অৱস্থাত আছে- সেইবোৰ আমি নাজানো। তেওঁলোকৰ ঘৰৰ মানুহৰ লগত কিবা যোগাযোগ হৈছেনে নাই সেইটোও আমি ভালকৈ নাজানো।মুঠৰ ওপৰত তেওঁলোক কেনে অৱস্থাত আছে তাৰ সবিশেষ আমি নাজানোঁ।
কেৱল এটা কথা আমি জানো যে তেওঁলোকক সুৰংগৰ পৰা উলিয়াই অনাৰ বাবে উদ্ধাৰ অভিযান চলি আছে। কিন্তু, সেই প্ৰচেষ্টা কি অৱস্থাত আছে সেইটোও আমি বৰ ভালকৈ জানো বুলি ক’ব নোৱাৰোঁ। আজি তিনিদিন আগতে খবৰ ওলাইছিল যে ৪৮ ঘন্টাৰ পিছতে সুৰংগত আৱদ্ধ শ্ৰমিক সকল বাহিৰলৈ ওলাই আহিব। কিন্তু, কি হ’ল যিটো যন্ত্ৰৰ দ্বাৰা শ্ৰমিক সকলক উদ্ধাৰ কৰাৰ কাৰণে এটা বাট উলিয়াবলৈ চেষ্টা কৰি থকা হৈছিল সেই যন্ত্ৰটোৰ আগটোৱেই ভাঙি থাকিল।এতিয়া মানুহে হাতেৰে সুৰংগ খান্দি আছে।ক’ব নোৱাৰো কিয় এনে হৈছে।আমি অনবৰতে প্ৰযুক্তিৰ কথা কৈ থাকো, অথচ, এতিয়া যন্ত্ৰৰ কাম হাতেৰে কৰিবলগীয় হৈছে। শ্ৰমিক সকল কেতিয়া মুকলিলৈ ওলাই আহিব পাৰিব সেই লৈ আকৌ এক নতুন অনিশ্চয়তা আৰম্ভ হৈছে।
এই গোটেই ঘটনাটো সম্পৰ্কে কেইটামান প্ৰশ্ন আমাৰ মনত জাগিছে। আজি দুসপ্তাহ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ৪১ জন শ্ৰমিক উত্তাৰখণ্ডৰ সুৰংগ এটাত আৱদ্ধ হৈ আছে।এই ঘটনাটোক আমি যিমান গুৰত্ব আৰু গভীৰতাৰে ল’ব লাগে সিমান গুৰুত্ব আৰু গভীৰতাৰে লৈছোঁ নে? চৰকাৰলৈ মই পিছত আহিম। আমি সাধাৰণ মানুহে এই বিষয়টো কেনেকৈ লৈছোঁ বা প্ৰচাৰ মাধ্যমে ইয়াক কেনেকৈ লৈছে? বিষয়টো লৈ সমগ্ৰ দেশতে যেনে হুলস্থূল হ’ব লাগিছিল তেনে হুলস্থূল হৈছেনে? নাই হোৱা। আপোনালোকৰ মনত আছেনে ২০১০ চনত চিলিত যে ২০৩০০ ফুট তলত ৩৩ জন শ্ৰমিক কয়লা খনিত আৱদ্ধ হৈ পৰিছিল, তেতিয়া কেনে অৱস্থাৰ সৃষ্টি হৈছিল? ঠিক তেনেদৰে, ২০১৮ চনত ফুটবল খেলিবলৈ যাওতে থাইলেণ্ডৰ গুহা এটাত যে ১২ জন খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকজন হঠাত অহা বৰষুণৰ বাবে গুহাটোৰ বহু ভিতৰলৈ গৈ তাত আৱদ্ধ হৈ পৰিছিল, তেতিয়া কি অৱস্থাৰ সৃষ্টি হৈছিল?
এই দুয়োটা ঘটনাই তেতিয়া কেৱল যে চিলি আৰু থাইলেণ্ডতে হুলস্থূলৰ সৃষ্টি কৰিছিল এনে নহয়; সমগ্ৰ পৃথিৱীতে এক আলোড়ণৰ সৃষ্টি কৰিছিল। আৱদ্ধ সকলক বচাবলৈ এটা আন্তৰ্জাতিক উদ্যোগ গা কৰি উঠিছিল।সকলোৰে সহযোগত চিলিৰ কয়লা শ্ৰমিক সকল আৰু থাইলেণ্ডৰ ফুটবল খেলুৱৈৰ দলটোক উদ্ধাৰ কৰা হৈছিল।কিন্তু, অতি পৰিতাপৰ কথা যে আমি ভাৰতত তেনে এটা আলোড়ণ আৰু উত্তেজনা দেখা নাই। সেই আলোড়ণ আৰু উত্তেজনা সাধাৰণ মানুহৰ মাজতো নাই, চৰকাৰৰ মাজতো নাই। তেনে এটা আলোড়ণ হ’লে কি হ’লহেঁতেন? শ্ৰমিক সকলৰ উদ্ধাৰত সহায় হ’লহেঁতেন।এতিয়া যিটো পৰিস্থিতিত শ্ৰমিকসকল সুৰংগত আৱদ্ধ হৈ আছে, সেইটো আমাৰ এটা জাতীয় সংকট নহয় জানোঁ? কিন্তু, এতিয়া কোনে ইয়াক এটা জাতীয় সংকট হিচাপে লৈছে? না চৰকাৰে লৈছে,না প্ৰচাৰ মাধ্যমে লৈছে না ৰাইজে লৈছে?
সেয়ে, ইয়াক লৈ কোনো আন্তৰ্জাতিক উত্তেজনা,উৎকণ্ঠাও নাই। কিন্তু, আজি দুসপ্তাহতকৈ বেছি সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ কথা ভাবক আৰু তেওঁলোকৰ পৰিয়ালৰ কথা ভাবকচোন।পৰিয়ালক মানুহ সুৰংগৰ সন্মুখত অসহায়ভাবে ৰৈ আছে।এতিয়া দুখীয়া, গৰীৱৰ দুখ বুজে কোনো? আমি বৰ অদ্ভূত সময়ত বাস কৰিছো।মণিপুৰত কেনে এক অচলাৱস্থা চলি আছে? কিন্তু, সেইটো এতিয়া চৰকাৰৰ অগ্ৰাধিকাৰ নহয়। ক’ৰবাত যদি কিবা বেয়া হয় সেইফালে প্ৰধানমন্ত্ৰীয়েও চকু নিদিয়ে।কিন্তু,ক’ৰবাত যদি কিবা ভাল হয়, উদযাপন কৰিবলগীয়া থাকে তাত কিন্তু প্ৰধানমন্ত্ৰী সকলোৰে আগত। আমি ভাবো সুৰংগত শ্ৰমিক আৱদ্ধ হৈ থকা ঘটনাটো এটা জাতীয় সংকট হিচাপে ঘোষণা কৰক আৰু চৰকাৰে দেশীয়, আন্তৰ্জাতিক সংস্থাৰ সহায় লৈ শ্ৰমিক সকলক উলিয়াই অনাৰ বাবে যৎপৰোনাস্তি কৰক।