• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰংগত আৱদ্ধ শ্ৰমিক

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 28, 2023 3:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিফ্টত গৈ থাকোতে, কাৰেন্ট গ’লে, হঠাৎ লিফ্টো ৰৈ দিলে, আমাৰ কেনে লাগে? উশাহ-নিশাহ বন্ধ হৈ আমাৰ অৱস্থা কাহিল নহয় জানো? কিন্তু, আজি দুসপ্তাহ ধৰি ৪১ জন শ্ৰমিক উত্তৰাখণ্ডৰ সুৰংগ এটাত আৱদ্ধ হৈ আছে। তেওঁলোকৰ অৱস্থাটো ভাবকচোন। তেওঁলোকৰ আত্মীয় সকলৰ কথা ভাবকচোন।আচৰিত কথা যে এই শ্ৰমিক সকল ভাৰতৰ বিভিন্ন ঠাইৰ পৰা যোৱা। সুখে-দুখে আমি যেন সকলো একেলগে ভাৰতীয়।এই শ্ৰমিক সকল কি অৱস্থাত আছে আমি জানিব পাৰিছোঁনে?

এতিয়ালৈকে তেওঁলোকৰ বিষয়ে যিখিনি খবৰ ওলাইছে, তাৰ পৰা আমি বৰ বিশেষ একো জানিব পৰা নাই। আমি জানো তেওঁলোকক খাদ্য, ঔষধ আদি নিয়মিতভাবে যোগান ধৰা হৈছে। শুনিছো তাত হেনো পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনো আছে। পোহৰো আছে। কিন্তু, তেওঁলোকে ক’ত শুইছে, পেচাব, পায়খানা ক’ত কৰিছে? তেওঁলোকৰ স্বাস্থ্য কেনে আছে? তেওঁলোক মানসিকভাবে কি অৱস্থাত আছে- সেইবোৰ আমি নাজানো। তেওঁলোকৰ ঘৰৰ মানুহৰ লগত কিবা যোগাযোগ হৈছেনে নাই সেইটোও আমি ভালকৈ নাজানো।মুঠৰ ওপৰত তেওঁলোক কেনে অৱস্থাত আছে তাৰ সবিশেষ আমি নাজানোঁ।

কেৱল এটা কথা আমি জানো যে তেওঁলোকক সুৰংগৰ পৰা উলিয়াই অনাৰ বাবে  উদ্ধাৰ অভিযান চলি আছে। কিন্তু, সেই প্ৰচেষ্টা কি অৱস্থাত আছে সেইটোও আমি বৰ ভালকৈ জানো বুলি ক’ব নোৱাৰোঁ। আজি তিনিদিন আগতে খবৰ ওলাইছিল যে ৪৮ ঘন্টাৰ পিছতে সুৰংগত আৱদ্ধ শ্ৰমিক সকল বাহিৰলৈ ওলাই আহিব। কিন্তু, কি হ’ল যিটো যন্ত্ৰৰ দ্বাৰা শ্ৰমিক সকলক উদ্ধাৰ কৰাৰ কাৰণে এটা বাট উলিয়াবলৈ চেষ্টা কৰি থকা হৈছিল সেই যন্ত্ৰটোৰ আগটোৱেই ভাঙি থাকিল।এতিয়া মানুহে হাতেৰে সুৰংগ খান্দি আছে।ক’ব নোৱাৰো কিয় এনে হৈছে।আমি অনবৰতে প্ৰযুক্তিৰ কথা কৈ থাকো, অথচ, এতিয়া যন্ত্ৰৰ কাম হাতেৰে কৰিবলগীয় হৈছে। শ্ৰমিক সকল কেতিয়া মুকলিলৈ ওলাই আহিব পাৰিব সেই লৈ আকৌ এক নতুন অনিশ্চয়তা আৰম্ভ হৈছে।

Apply Now

এই গোটেই ঘটনাটো সম্পৰ্কে কেইটামান প্ৰশ্ন আমাৰ মনত জাগিছে। আজি দুসপ্তাহ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ৪১ জন শ্ৰমিক উত্তাৰখণ্ডৰ সুৰংগ এটাত আৱদ্ধ হৈ আছে।এই ঘটনাটোক আমি যিমান গুৰত্ব আৰু গভীৰতাৰে ল’ব লাগে সিমান গুৰুত্ব আৰু গভীৰতাৰে লৈছোঁ নে? চৰকাৰলৈ মই পিছত আহিম। আমি সাধাৰণ মানুহে এই বিষয়টো কেনেকৈ লৈছোঁ বা প্ৰচাৰ মাধ্যমে ইয়াক কেনেকৈ লৈছে? বিষয়টো লৈ সমগ্ৰ দেশতে যেনে হুলস্থূল হ’ব লাগিছিল তেনে হুলস্থূল হৈছেনে? নাই হোৱা। আপোনালোকৰ মনত আছেনে ২০১০ চনত চিলিত যে ২০৩০০ ফুট তলত ৩৩ জন শ্ৰমিক কয়লা খনিত আৱদ্ধ হৈ পৰিছিল, তেতিয়া কেনে অৱস্থাৰ সৃষ্টি হৈছিল? ঠিক তেনেদৰে, ২০১৮ চনত ফুটবল খেলিবলৈ যাওতে থাইলেণ্ডৰ গুহা এটাত যে ১২ জন খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকজন হঠাত  অহা বৰষুণৰ বাবে গুহাটোৰ বহু ভিতৰলৈ গৈ তাত আৱদ্ধ হৈ পৰিছিল, তেতিয়া কি অৱস্থাৰ সৃষ্টি হৈছিল?

এই দুয়োটা ঘটনাই তেতিয়া কেৱল যে চিলি আৰু থাইলেণ্ডতে হুলস্থূলৰ সৃষ্টি কৰিছিল এনে নহয়; সমগ্ৰ পৃথিৱীতে এক আলোড়ণৰ সৃষ্টি কৰিছিল। আৱদ্ধ সকলক বচাবলৈ এটা আন্তৰ্জাতিক উদ্যোগ গা কৰি উঠিছিল।সকলোৰে সহযোগত চিলিৰ কয়লা শ্ৰমিক সকল আৰু থাইলেণ্ডৰ ফুটবল খেলুৱৈৰ দলটোক উদ্ধাৰ কৰা হৈছিল।কিন্তু, অতি পৰিতাপৰ কথা যে আমি ভাৰতত তেনে এটা আলোড়ণ আৰু উত্তেজনা দেখা নাই। সেই আলোড়ণ আৰু উত্তেজনা সাধাৰণ মানুহৰ মাজতো নাই, চৰকাৰৰ মাজতো নাই। তেনে এটা আলোড়ণ হ’লে কি হ’লহেঁতেন? শ্ৰমিক সকলৰ উদ্ধাৰত সহায় হ’লহেঁতেন।এতিয়া যিটো পৰিস্থিতিত শ্ৰমিকসকল সুৰংগত আৱদ্ধ হৈ আছে, সেইটো আমাৰ এটা জাতীয় সংকট নহয় জানোঁ? কিন্তু, এতিয়া কোনে ইয়াক এটা জাতীয় সংকট হিচাপে লৈছে? না চৰকাৰে লৈছে,না প্ৰচাৰ মাধ্যমে লৈছে না ৰাইজে লৈছে?

সেয়ে, ইয়াক লৈ কোনো আন্তৰ্জাতিক উত্তেজনা,উৎকণ্ঠাও নাই। কিন্তু, আজি দুসপ্তাহতকৈ বেছি সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ কথা ভাবক আৰু তেওঁলোকৰ পৰিয়ালৰ কথা ভাবকচোন।পৰিয়ালক মানুহ সুৰংগৰ সন্মুখত অসহায়ভাবে ৰৈ আছে।এতিয়া দুখীয়া, গৰীৱৰ দুখ বুজে কোনো? আমি বৰ অদ্ভূত সময়ত বাস কৰিছো।মণিপুৰত কেনে এক অচলাৱস্থা চলি আছে? কিন্তু, সেইটো এতিয়া চৰকাৰৰ অগ্ৰাধিকাৰ নহয়। ক’ৰবাত যদি কিবা বেয়া হয় সেইফালে প্ৰধানমন্ত্ৰীয়েও চকু নিদিয়ে।কিন্তু,ক’ৰবাত যদি কিবা ভাল হয়, উদযাপন কৰিবলগীয়া থাকে তাত কিন্তু প্ৰধানমন্ত্ৰী সকলোৰে আগত। আমি ভাবো সুৰংগত শ্ৰমিক আৱদ্ধ হৈ থকা ঘটনাটো এটা জাতীয় সংকট হিচাপে ঘোষণা কৰক আৰু চৰকাৰে দেশীয়, আন্তৰ্জাতিক সংস্থাৰ সহায় লৈ শ্ৰমিক সকলক উলিয়াই অনাৰ বাবে যৎপৰোনাস্তি কৰক।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd