পুৰণিগুদামত এহাল ভাতৃ-ভগ্নীয়ে দাঙি ধৰিলে কাঠফুলা খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন

কেৱল যুৱকেই নহয়, এতিয়া একাংশ যুৱতীয়েও স্বাৱলম্বিতাৰ দিশত পথ প্ৰশস্ত কৰি লৈছে। কাঠফুলাৰ খেতিৰে নৱপ্ৰজন্মৰ সন্মুখত স্বাৱলম্বিতাৰ উপযুক্ত নিৰ্দশন দাঙি ধৰিছে নগাঁও জিলাৰ পুৰণিগুদামৰ এহাল ভাতৃ-ভগ্নীয়ে।

পুৰণিগুদামৰ দেউৰীগাঁৱৰ এই দুজন উদীয়মান ভাতৃ-ভগ্নী এতিয়া সকলোৰে বাবে হৈ পৰিছে আৰ্দশ স্বৰূপ। এইখন অসমতে চৰকাৰী চাকৰিৰ অভাৱত যি সময়ত একাংশ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিছে ঠিক তেনে সময়তে দেউৰীগাঁৱৰ শিক্ষিত যুৱক-যুৱতীদ্বয়ে নিজৰ ঘৰতে আৰম্ভ কৰিছে কাঠ ফুলাৰ খেতি।

অকল নিজেই স্বাৱলম্বী হোৱায়ে নহয় বৈজ্ঞানিক পদ্ধতিৰে কৰা কাঠফুলাৰ খেতিৰ জৰিয়তে পুৰণিগুদাম দেউৰীগাঁৱৰ চয়নিকা গায়ন আৰু ৰাজদ্বীপ শইকীয়াই নিজৰ পৰিয়ালটোকো আৰ্থিক দিশত যথেষ্টভাবে সকাহ প্ৰদান কৰিবলৈ সক্ষম হৈছে।

নূন্যতম ব্যয় সাপেক্ষে বাৰীৰ পাছফালে থকা এটা বিশেষ কুটিৰত মাত্ৰ ১০০ টাকৈ বিশেষ অত্যাধুনিক মোনাত বীজ ৰোপণ কৰি আৰম্ভ কৰা এই খেতিৰ জৰিয়তে মাহেকত প্ৰায় পোন্ধৰৰ পৰা বিশ হাজাৰ টকালৈকৈ উপাৰ্জন কৰিব পৰা যায় বুলি জানিবলৈ দিছে অতি কৰ্মঠ যুৱক-যুৱতী দ্বয়ে।

উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ ভিতৰতে শিক্ষিত যুৱক-যুৱতী দ্বয়ে ব্যতিক্ৰমী ধৰণৰে আৰম্ভ কৰা এই কৃষিকাৰ্যত তেওঁলোকক বিশেষভাৱে সহায়ৰ হাত আগবঢ়াইছে পৰিয়ালৰ আন-আন সদস্য সকলৰ লগতে সুৰজীৎ দেৱনাথ নামৰ এগৰাকী শিক্ষাগুৰুৱেও।

বিশেষকৈ অতি গুৰুত্বপূৰ্ণ কথাতো হ’ল এইয়ে যে, মাত্ৰ আঠ মাহৰ পূৰ্বে পৰা বৈজ্ঞানিক পদ্ধতিৰে ঘৰতে কাঠফুলাৰ উৎপাদন কৰি আশানুৰূপ ভাবে লাভান্বিত হোৱাৰ পিছত এতিয়া দেউৰীগাঁৱৰ যুৱক-যুৱতী দ্বয়ে তিনি জন বন্ধুসহ শিক্ষক সুৰজীৎ দেৱনাথৰ সহযোগত মধ্য অসমৰ বিভিন্ন ঠাইত প্ৰায় তিনি শতাধিক যুৱ কৃষকৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত কাঠফুলাৰ খেতি আৰম্ভ কৰাত এক বিশেষ উদ্যোগ হাতত লৈছে বুলি গৌৰৱৰৈ জানিবলৈ দিছে চয়নিকা-ৰাজদীপে।

ইফালে হাবি-জংঘলৰ পৰা কাঠফুলা বুটলি খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ অনাকাংক্ষিত বিপদত পৰাৰ বিপৰীতে ঘৰতে বৈজ্ঞানিক ভাবে কাঠফুলাৰ খেতি কৰিলে আহাৰ হিচাবে তাক নিশ্চিন্ত মনে গ্ৰহণ কৰাৰ উপৰি ব্যৱসায়ীক ভিত্তিত অনুকূল পৰিবেশত ইয়াৰ খেতি কৰিলে লাভান্বিত হোৱাতো প্ৰায় নিশ্চিত বুলি জানিবলৈ দিয়ে চয়নিকা-ৰাজদীপক আৰম্ভনিৰে পৰা উৎসাহিত কৰি অহা পৰিয়ালৰ লোক সকলে।