NORTHEAST NOW (Assamese)

হাতী-মানুহৰ সংঘাতৰ মাজতে নাগ্ৰিজুলিত হাতী পোৱালীৰ মৃত্যু

October 4, 2018 4:22 pm ·

তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্ত এলেকাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷  ৩ অক্টোবৰৰ নিশা তামুলপুৰ ৰেঞ্জৰ  অধীনৰ  নাগ্ৰীজুলিৰ  ১ নং বগৰীখুটিৰ বৰনদীৰ পাৰত বনৰীয়া হাতী পোৱালীৰ কৰুণ মৃত্যু ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

নিশা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি বৰনদীৰ পাৰত ধান খেতি খাবলৈ আহি নিশা এনেদৰে কৰুণ মৃত্যুক সাৱটি ললে হাতী পোৱালিটোৱে৷

আজি পুৱা  স্থানীয় লোকে বৰনদীৰ পাৰত গৰু এৰাল দিব আহি নদীৰ পাৰত এটি  হাতী পোৱালীটোৰ মৃতদেহ মাটিত পৰি থকা দেখা পায়৷ হাতীৰ পোৱালীটোৰ মৃতদেহ চাবলৈ স্থানীয় ৰাইজ ঘটনাস্থলীয় উপস্থিত হয় আৰু মৃত হাতী পোৱালীটোলৈ শ্ৰদ্ধা নিবেদন কৰে। ৰাইজে পিছত নাগ্ৰীজুলি আৰক্ষী আৰু বন বিভাগৰ কৰ্মচাৰীক খবৰ দিয়ে ৷ আৰক্ষী আৰু বন বিভাগৰ  বিষয়া-কৰ্মচাৰী সকল আহি  হাতী পোৱালীটোৰমৃতদেহ প্ৰত্যক্ষ কৰে ৷

বৰনদীৰ পাৰত মৃত হাতীটোৰ মৃতদেহটো পশু চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰৰ ব্যৱস্থা কৰে৷ আনহাতে ৰাইজ আৰু বন বিভাগৰ লোকে তিনি বছৰীয়া হাতী পোৱালিটো খাদ্যত বিষক্ৰিয়া হৈ মৃত্যুৰ মুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে৷

Related News