NORTHEAST NOW (Assamese)

তামুলপুৰৰ নাগ্ৰীজুলিত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

October 12, 2018 2:32 pm · এন ই নাও নিউজ

তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্ত এলেকাত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত। শুকুৰবাৰে পুৱা তামুলপুৰ ৰেঞ্জৰ অধীনৰ নাগ্ৰীজুলিৰ ১ নং বগৰীখুটিত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে আজি পুৱাই স্থানীয় লোকে হাতীটোৰ মৃতদেহ দেখা পাই। লগে লগে অঞ্চলবাসীয়ে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলত নাগ্ৰীজুলি আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো উদ্ধাৰ কৰে।

ইফালে বন কৰ্মীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰৰ নিশাও তামুলপুৰ ৰেঞ্জৰ  অধীনৰ  নাগ্ৰীজুলিৰ  ১ নং বগৰীখুটিৰ বৰনদীৰ পাৰত বনৰীয়া হাতী পোৱালীৰ কৰুণ মৃত্যু হৈছিল।

হাতী-মানুহৰ সংঘাতে এতিয়া তামুলপুৰৰ বৃহত্তৰ অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। সেয়ে প্ৰকৃতি প্ৰেমী ৰাইজে বনৰীয়া হাতীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে নাগ্রীজুলি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী জনায়।

Related News