কৰোনাতংকৰ মাজতে শিৱসাগৰত উদ্ধাৰ এটা অচিনাক্ত অৰ্ধ গলিত মৃতদেহ

Sivasagar

শিৱসাগৰত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ।

কোভিড পৰিস্থিতিৰ মাজতেই আজি পুৱা শিৱসাগৰত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শিৱসাগৰ বণিয়াবাৰীৰ দেউলীয়া খাটতৰ পথাৰৰ কলমৌৰ মাজত উদ্ধাৰ হয় এই অৰ্ধগলিত মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো কেৱল কংকালটোহে আছে।

আজি পুৱা পথাৰলৈ মাছ মাৰিবলৈ যোৱা দুজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো। লগে লগে শিৱসাগৰ আৰক্ষীক খবৰ দিয়ে ব্যক্তি দুজনে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লুঙি আৰু এটী চাৰ্ট পৰিধান কৰা অৰ্ধ গলিত মৃদেহটো বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই।

আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তৰ অন্ততহে অধিক তথ্য জানিব পৰা যাব।