স্থানীয় লোকৰ দ্বাৰা নাজিৰা অ’এনজিচিৰ আৱাসিক এলেকাত উদ্ধাৰ ইণ্ডিয়ান বাৰ্ন আউল

WhatsApp Image 2018-12-28 at 12.34.53 PM

আজি ২৮ ডিচেম্বৰ শুকুৰবাৰে নাজিৰা অ’এনজিচিৰ আৱাসিক এলেকাত শিশু বৰুৱা আৰু কেইগৰাকীমান লোকে এটা আঘাতপ্ৰাপ্ত ফেঁচা (Indian Barn owl) উদ্ধাৰ কৰিছে। উদ্ধাৰকাৰীসকলৰ তত্বাৱধানত এই ফেঁচাটোক নাজিৰা পশু চিকিৎসালয়ত চিকিৎসা কৰোৱা হয়।

চিকিৎসকৰ যত্নত ইণ্ডিয়ান বাৰ্ন আউল প্ৰজাতিৰ এই ফেঁচাটো কিছু আৰোগ্যৰ পথলৈ আহিছে। পৰৱৰ্তী সময়ত ফেঁচাটোক বন বিভাগৰ হাতত গটাই দিয়া হয়। বনকৰ্মীসকলে আঘাতপ্ৰাপ্ত ফেঁচাটোক পৰ্যৱেক্ষণৰ মাজত ৰাখিছে। সম্পূৰ্ণভাৱে সুস্থ হোৱাৰ পাছত সময়ত ফেঁচাটোক অৰণ্যত মেলি দিয়া হ’ব বুলি বন কৰ্মীসকলে জনাইছে।

উল্লেখ্য যে, ক্ৰমে ক্ৰমে  হ্ৰাস পাই অহা আৱাসভূমিৰ বাবে অস্তিত্বৰ সংকটত ভোগা এই ফেঁচাবিধৰ সাহাৰ্যৰ বাবে এই পৰ্যন্ত কোনো চৰকাৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। একমাত্ৰ মহাৰাষ্ট্ৰৰ নাছিকত থকা হিৰভাল ফাউণ্ডেশ্যনে (Hirval foundation) অষ্ট্ৰেলিয়াৰ বাৰ্ন আউল ট্ৰাষ্টৰ ( Barn Owl Trust, Austrialia) সহযোগিতাৰে এই ফেঁচাৰ প্ৰজাতিটোৰ সংৰক্ষণৰ প্ৰচেষ্ট কৰি আছে। বেচৰকাৰী সংস্থাটোৱে এই বাৰ্ন আউল প্ৰজাতিৰ ফেঁচা বিধৰ বাবে উপযুক্ত বাহ নিৰ্মাণ কৰি সেই সমূহ বিভিন্ন ফাৰ্মলৈ সেই সমূহ যোগান ধৰি আছে।