• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শক্তিশালী, ধাৰাবাহিক আৰু ঐক্যৱদ্ধ সংগ্রামৰ বিকল্প নাই

অসমৰ জাতীয় সংগঠনসমূহলৈ অখিল গগৈৰ এখন মুকলি চিঠি

অখিল গগৈ by অখিল গগৈ
March 7, 2020 5:35 pm
WhatsApp Image 2019-11-17 at 1.16.42 PM

প্ৰতিনিধিত্বমূলক ফ'টো

20k
VIEWS
Share on FacebookShare on Twitter

সংগ্রামী অভিনন্দন গ্ৰহণ কৰিব। দ্বিতীয়বাৰৰ বাবে আপোনালোকলৈ এনে চিঠি লিখিলো। মই যদিও যথেষ্ট শাৰীৰিক অসুস্থতাৰ মাজত আছো, তাতোকৈ বেছি মানসিক উদ্বিগ্নতাই পীড়া দি আছে। এই উদ্বিগ্নতাৰ কাৰণ হ’ল- অসমবাসীৰ ঐতিহাসিক গণ আন্দোলন ক্ৰমে ক্ৰমে দুৰ্বল আৰু শক্তিহীন হৈ অহাটো। সেইবাবে এই চিঠিৰ জৰিয়তে ‘কা’ প্ৰত্যাহাৰৰ দাবীত এক শক্তিশালী, ধাৰাবাহিক আৰু চৰকাৰক বাধ্য কৰিব পৰা গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ মুকলি অনুৰোধ জনাবলৈকে এই পত্ৰখন লিখিলো। কেৱল শক্তিশালী গণ আন্দোলন গঢ়ি তুলিবৰ বাবেই নহয়, অসমৰ জাতীয় স্বাৰ্থ বিৰোধী, সাম্প্ৰদায়িক, মৌলবাদী আৰু ফেচীবাদী বিজেপি দলক ২০২১ৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে উৎখাত কৰাৰ আশাৰে এই পত্ৰখন আপোনালোকলৈ প্ৰেৰণ কৰিলো।

মই মোৰ কথাখিনি লিখাৰ আগতে আপোনালোকলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কতৃজ্ঞতা জনাই ল’ব খুজিছো। এই ধন্যবাদ আৰু কৃতজ্ঞতা আমি কাবাগাৰত বন্দী হৈ থকা অৱস্থাত আপোনালোকে গঢ়ি তোলা আন্দোলনসূচীৰ কাৰণে। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, অসম শিল্পী সমাজ, অসমৰ জনজাতীয়-জনগোষ্ঠীয় সংগঠনসমূহ, নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ, অসম নাগৰিক সমাজ, অসমৰ অধিবক্তা সমাজ, অসমৰ ছাত্র সমাজ, অসম মহিলা সমাজ আৰু অন্যান্য বিশিষ্ট ব্যক্তি, নাগৰিক, অসমৰ জনগণে যোৱা সময়খিনিত যিসমূহ আন্দোলন গঢ়ি তুলিলে তাৰ বাবে তেওঁলোক সকলোৱেই ধন্যবাদৰ পাত্ৰ। কিন্তু আমি অনুভৱ কৰিছো যে অসমৰ খিলঞ্জীয়া জনগণৰ স্বা্ৰ্থ অধিক সুৰক্ষিত কৰিবলৈ আৰু অসমবাসীৰ জাতীয় আন্দোলনক অধিক গতি দিবলৈ আমি অসমৰ জাতীয় সংগঠনসমূহে এক উমৈহতীয়া মঞ্চ গঠনৰ প্রয়োজনীয়তা আহি পৰিছে। জাতিধ্বংসী ‘কা’ বাতিলৰ বাবে আৰু সাম্প্ৰদায়িক তথা মৌলবাদী শক্তিসমূহৰ পৰা অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ আমি অসমৰ সকলো জতীয়, জনগোষ্ঠীয় আৰু আন আন সংগঠনসমুহে আমাৰ মাজত থকা মতানৈ্ক্য আৰু বাদ-বিবাদবোৰ পৰিহাৰ কৰি ঐক্যৱদ্ধ হোৱাটো সময়ৰ আহ্বান। সেইবাবেই অলপতে সদৌ অসম ছাত্র সন্থাই কাৰ্যনির্বাহক আৰু প্রতিনিধি সভা অনুষ্ঠিত কৰি এখন জাতীয় অভিৱর্তন পাতিবলৈ আয়োজন কৰাটো আমি আদৰণি জনাইছো। আমি দৃঢ়তাৰে ঘোষণা কৰিব খোজো যে জাতীয় সংকটৰ এই সময়খিনিত আমি সকলোধৰণৰ বিভেদ পৰিহাৰ কৰি ঐক্যৱদ্ধ হ’বলৈ অতিকে আগ্ৰহী। আনহাতে উক্ত অভিৱৰ্তনত অসমত এক বিকল্প ৰাজনৈতিক শক্তি গঢ়ি তুলিবলৈ যি ইংগিত দিয়া হৈছে সেই কাৰ্যৰ প্ৰতিও আমাৰ সমৰ্থন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। এনে সময়ত অসমৰ সকলো জাতীয়-জনগোষ্ঠীয় আৰু অন্যান্য সংগঠনসমূহৰ নেতৃত্বক আমি তলত উল্লেখ কৰা দিশসমূহ আঙুলিয়াই দিলো—

১) স্বতঃস্ফূৰ্ত গণ আন্দোলনৰ পর্যায় সামৰণিৰ পাছত হ’বলগীয়া সংগঠিত আন্দোলনৰ বাবে আমি আটায়ে এক জাতীয় কার্যসূচী প্রস্তুত কৰিব লাগিব। গণ আন্দোলনৰ এই কৰ্মসূচীয়ে জাতীয় জাগৰণক সংগঠিত কৰি এক ধাৰাবাহিক, শক্তিশালী আৰু চৰকাৰক বাধ্য কৰিব পৰা এক আন্দোলনসূচী গঢ় দিব।

২) সংগঠিত আন্দোলনৰ এই পর্যায়ত আমি অসমৰ সকলো জাতীয়-জনগোষ্ঠীয় আৰু অন্যান্য ‘কা’ বিৰোধী সকলো শক্তিয়ে মিলি এখন ঐক্যমঞ্চ গঢ়ি তুলিব লাগিব। আমি সকলোৱে মনত ৰখা দৰকাৰ যে ১০, ১১ আৰু ১২ ডিচেম্বৰ ২০১৯ৰ জাতীয় গণ জাগৰণৰ পাছত অসমবাসীক ৰাজপথলৈ উলিয়াই আনি চৰকাৰক জাতিধ্বংসী ‘কা’ বাতিল কৰোৱা এক ঐতিহাসিক শক্তিশালী আন্দোলন গটি তুলিবলৈ এক ঐকাবদ্ধ সংগ্রামৰ ৰূপৰেখা নেদেখিলে অসমবাসী পুনৰ ঐতিহাসিক আন্দোলনৰ বাবে ওলাই অহাৰ সম্ভাৱনা কম।

৩) সদৌ অসম ছাত্র সন্থা আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ ঐক্যৱদ্ধ সংগ্রাম সময়ৰ আহ্বান। ‘কা’ৰ দৰে জাতিধ্বংসী আইন বাতিল কৰোৱাৰ ক্ষেত্রতো আমি ঐক্যবদ্ধ হ’ব নোৱাৰিলে আমাক সময়ে ক্ষমা নকৰিব। তেতিয়া এই ঐক্যৱদ্ধ সংগ্রামৰ অভাৱেই জাতীয় পৰাজয়ৰ কাৰক বুলি অসমবাসীয়ে চিহ্নিত কৰিব।

৪) আমি কৃষক মুক্তি সংগ্রাম সমিতিয়ে যিকোনো ত্যাগৰ বিনিময়ত আজিৰ এই সংকটৰ মুহর্তত জাতীয় ঐক্যমঞ্চ গঢ়ি তোলাটো বিচাৰো।

৫) যদিহে সর্বশেষত সদৌ অসম ছাত্র সন্থাই কৃষক মুক্তি সংগ্রাম সমিতিৰ লগত ঐক্যৱদ্ধ সংগ্রামৰ বাবে প্রস্তুত নহয় তেন্তে কৃষক মুক্তি সংগ্রাম সমিতিক বাদ দি হ’লেও জাতীয় ঐক্যমঞ্চ গটি তুলি এক শক্তিশালী, ধাৰাবাহিক আৰু চৰকাৰক বাধ্য কৰিব পৰা আন্দোলন গঢ়ি তুলিবলৈ আমি সকলোকে আহ্বান জনালো।

এইখিনিতে উল্লেখ কৰো যে কৃষক মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় নেতৃবৰ্গ আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় নেতৃবর্গৰ বৃহৎ অংশ এটাক চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰাই নহয়; আমাৰ এক বৃহৎ সংখ্যক জিলা সমিতিৰ নেতৃত্বকো কাৰাৰুদ্ধ কৰা হৈছে। তাতেকৈ ডাঙৰ কথা সমগ্ৰ অসমৰ কোনো জিলাতেই কৃষক মুক্তি সংগ্রাম সমিতিক নিজাববীয়াকৈ আন্দোলান/সমাৱেশ সংগঠিত কৰিবলৈ অসম চৰকাৰে অনুমতি প্রদান কৰা নাই। আমাৰ অন্যান্য কেন্দ্ৰীয় নেতৃত্ববৰ্গক পুলিচ, প্ৰশাসনে প্রবল হেঁচাৰ মাজত ৰাখি আন্দোলনসূচী আগবঢ়াই নিয়াত বাধা প্রদান কৰি আহিছে। তাৰপাছতো আমি পাছ হুহুকি যোৱা নাই, ঐক্যৱদ্ধ আন্দোলন চলাই থকাৰ উপৰিও বিশাল আন্দোলনৰ পৰিকল্পনা কৰা হৈছে বুলি আমাক অৱগত কৰে। সৰ্বশেষত আমি এই কথা কওঁ যে ২০২১ৰ নি্ৰ্বাচনত বিজেপি, আৰ এছ এছক অসমৰ ৰাজনীতিৰ পৰা উৎখাত কৰিব নোৱাৰিলে অসমীয়া জাতি নাবাচিব। কিন্তু ১০, ১১ আৰু ১২ ডিচেম্ববৰ পাছত বিজেপি, আৰ এছ এছে অসমৰ জাতীয় জীৱনত হেৰুৱাই পেলোৱা গণভিত্তি উদ্ধাৰ কৰিবলৈ যি সর্বোতপ্রকাৰৰ প্রচেষ্টা কৰিছে সেই প্রচেষ্টা আন্দোলনকাৰীসকলে প্রতিৰোধ কৰিব পৰা নাই। আমি বিজেপি-আৰ এছ এছৰ এই সর্বগ্রাসী অভিযান বন্ধ কৰিব লাগিব আৰু তেওঁলোকক অসমৰ জনগণৰ পৰা গণবিচ্ছিন্ন কৰিব লাগিব।

অচিৰেই এক ঐক্যৱদ্ধ, শক্তিশালী, ধাৰাবাহিক আৰু চৰকাৰক বাধ্য কৰিব পৰা ‘কা’ বিৰোধী আন্দোলনৰ আশা কৰিলো।

(৭ মার্চ, ২০২০ তাৰিখে ‘নিয়া’ৰ আদালতত হাজিৰ হোৱাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে তেওঁৰ সতীৰ্থৰ আগত প্রদান কৰা মৌখিক বক্তব্যৰ লিখিত ৰূপ)

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd