মহানগৰীৰ পাঞ্জাবাৰীত বন্যহস্তীৰ বিচৰণ : বনাঞ্চললৈ খেদি পঠিয়ালে বন বিভাগে

44025494_1993324977399938_465560384573538304_n

মহানগৰীৰ পাঞ্জাবাৰীৰ বতাহঘুলিত দেওবাৰে পুনৰ এটা বন্যহস্তীৰ বিচৰণ প্ৰত্যক্ষ কৰে ৰাইজে। পাঞ্জাবাৰীৰ ৰাজপথত দীৰ্ঘসময় ধৰি হাতীটোৱে অৱস্থান কৰে আৰু স্থানীয় লোকসকল আতংকিত হৈ পৰে।

বনৰীয়া হাতীটোৰ অৱস্থানৰ ফলত পাঞ্জাবাৰীত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। ইপিনে বন্যহস্তীৰ বিচৰণৰ খৱৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত আহি উপস্থিত হয়। বন বিভাগৰ লোকে ফটকা ফুটাই হাতীটোক বনাঞ্চললৈ খেদি পঠিয়ায়।

উল্লেখযোগ্য যে যোৱা ১৩ ছেপ্টেম্বৰৰ নিশা পাঞ্জাবাৰী অঞ্চলত তিনিজনীয়া বনৰীয়া হাতীৰ এটা দলে আক্ৰমণ চলাই চাৰিজন লোকক গুৰুতৰভাৱে আহত কৰিছিল। হাতীৰ আক্ৰমণত কাবেৰী শইকীয়া বৰা নামৰ মহিলা এগৰাকীও গুৰতৰভাৱে আহত হৈছিল।

উল্লেখ্য যে খাদ্যৰ সন্ধানত আমচাঙ বনাঞ্চলৰ পৰা ওলাই অহা হাতী তিনিটাৰ এটা হাতী হাবিলৈ যোৱাৰ পথ বিচাৰি নোপোৱাত হাতীটোৱে সমগ্ৰ অঞ্চলটোতে তাণ্ডৱৰ সৃষ্টি কৰিছিল। আনহাতে হাতীটোৱে অঞ্চলটোৰ কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বহু কেইখন বাহনৰো যথেষ্ট ক্ষতিসাধন কৰিছিল।

আনহাতে,ৰাজ্যৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে দেওবাৰে পুনৰ মহানগৰীত বনৰীয়া হাতীৰ বিচৰণে হাতী-মানুহৰ সংঘাতক লৈ সচেতন লোকৰ মাজত চিন্তাৰ উদ্ৰেক কৰিছে।