দেশৰ শীৰ্ষ উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ মতে লকডাউন বৃদ্ধি কৰাটো হ’ব আত্মঘাতী

anand-mahindra-620x372

বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দ্ৰা।

দেশৰ এগৰাকী প্ৰসিদ্ধ উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ মতে লকডাউনৰ ম্যাদ দীৰ্ঘদিনৰ বাবে বৃদ্ধি কৰাটো দেশৰ অৰ্থনীতিৰ বাবে আত্মঘাতী প্ৰমানিত হ’ব পাৰে।

সোমবাৰে তেওঁ এলানি টুইটৰ জৰিয়তে কয় যে লকডাউন বৃদ্ধি কৰিলে সমাজৰ নিম্ন স্তৰৰ লোকসকলৰ বাবে ভীষণ সমস্যাৰ সৃষ্টি কৰিব।

তেওঁ কয় যে লকডাউন আগলৈ বৃদ্ধি কৰিলে অৰ্থনীতিৰ বাবে আত্মঘাতী প্ৰমানিত হ’ব পাৰে।

‘’অৰ্থ ব্যৱস্থা চলি থকা আৰু আগবঢ়াই নিয়াটো লোকৰ জীৱিকাৰ বাবে প্ৰতিৰক্ষা ব্যৱস্থাটোৰ দৰে।লকডাউনৰ ফলত প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল হৈ পৰে আৰু আমাৰ সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীটোক ক্ষতিগ্ৰস্ত কৰে,’’-তেওঁ কয়।

উল্লেখ্য যে আনন্দ মহিন্দ্ৰাই বহুদিনৰ পৰাই লকডাউন খোলাৰ সপক্ষে মত ব্যক্ত কৰি আহিছে। তেওঁ ৱৰ্ক ফ্ৰম হোমতকৈ অফিচলৈ গৈ কাম কৰাটো অধিক ভাল বুলিও কৈছিল।

বিশিষ্ট উদ্যোগপতিগৰাকীয়ে কয়,’’যোৱা কিছুদিনত নতুন ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। আমাৰ জনসংখ্যা আৰু বাকী বিশ্বৰ তুলনাত কম আক্ৰান্তৰ ঘটনালৈ চাই পৰীক্ষা বৃদ্ধি হৈ যোৱাৰ লগে লগে নতুন সংক্ৰমণ বৃদ্ধি পোৱাটো অপৰিহাৰ্য। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে লকডাউনে সহায় কৰা নাই। ভাৰতে ইয়াৰ ঐক্যবদ্ধ যুঁজেৰে লক্ষাধিক মৃত্যু ৰোধ কৰিছে।‘’

দেশত তৃতীয় পৰ্যায়ৰ লকডাউন ৪মে’ৰ পৰা ১৭ মে’লৈকে বাহাল আছে। প্ৰথম পৰ্যায়ত লকডাউন ২৫ মে’ৰ পৰা বলবৎ হৈছিল।

তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে সোমবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সঙৰ জৰিয়তে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক কামকাজ কেনেকৈ আগবঢ়াই নিব পাৰি সেই বিষয়ে মুখ্য মন্ত্ৰীসকলৰ পৰা পৰামৰ্শ বিচাৰিছে।