উদ্যোগ স্থাপনৰ বাবে ক্ৰয় কৰা কৃষিভূমিৰ স্বয়ংক্ৰিয়ভাৱে শ্ৰেণী পৰিৱৰ্তনৰ উদ্দেশ্যে অধ্যাদেশ জাৰি কৰিবলৈ লোৱা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তত অসমৰ বিভিন্ন দল, সংগঠনৰ লগতে ৰাজ্যৰ আঞ্চলিক দলসমূহৰ ঐক্যবদ্ধ মঞ্চ আঞ্চলিক গণ মৰ্চাই কঠোৰতম ভাষাৰে গৰিহণা দিয়ে।
ঐক্যবদ্ধ মঞ্চ আঞ্চলিক গণ মৰ্চাই চৰকাৰৰ সিদ্ধান্তক অসম আৰু খিলঞ্জীয়া বিৰোধীৰ লগতে কৃষক বিৰোধী বুলি অভিহিত কৰি এনে সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি কয়।
সাংসদ তথা মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত আঞ্চলিক গণ মৰ্চাই এই কথা স্পষ্ট কৰি দিয়ে।
অসমৰ ৰাইজে খিলঞ্জীয়া মানুহ আৰু কৃষকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহাৰ পাছত ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ শ্ল’গান দি ক্ষমতা দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ পৰিৱৰ্তে এই হঠকাৰী সিদ্ধান্তৰ জৰিয়তে খিলঞ্জীয়া মানুহ আৰু কৃষকৰ ভূমি অনা-অসমীয়া বণিয়াচক্ৰৰ হাতত তুলি দিবলৈ আগবঢ়িছে আৰু সেই কথা অতি নিলৰ্জভাৱে ঘোষণাও কৰিছে বুলিও মৰ্চাই কঠোৰ সমালোচনা কৰে।
অসমৰ মানুহৰ অস্তিত্বৰ প্ৰশ্ন জৰিত হৈ থকা এনে এটা স্পৰ্শকাতৰ বিষয় বিধানসভাৰ মজিয়াত আলোচনাৰ বাবে নকৰি ইমান খৰতকীয়াকৈ ক’ৰ’নাৰ ভয়াৱহ পৰিস্থিতিৰ মাজত কিয় লোৱা হ’ল তাৰ উত্তৰ অসমৰ ৰাইজক অসম চৰকাৰে দিব লাগে বুলিও গণ মৰ্চাই দাবী জনায়।