• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্তক্ষয়ী সংঘৰ্ষ, ১৯ জনৰ মৃত্যু! চাপত ছচিয়েল মিডিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 8:19 am
71
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ গণবিক্ষোভ, ৰক্তাক্ত সংঘৰ্ষ আৰু ব্যাপক চাপৰ পিছত অৱশেষত কে পি শৰ্মা অলি নেতৃত্বাধীন নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা উঠাই দিলে। সোমবাৰে নিশা কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। নেপালত ফেচবুক, এক্স, হোৱাটছএপ, ইউটিউবকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম পুনৰ আৰম্ভ হৈছে।

তিনিদিন পূৰ্বে নেপাল চৰকাৰে এই প্লেটফৰ্মসমূহৰ পঞ্জীয়নৰ নিৰ্দেশ দিছিল। সময়সীমা শেষ হ’লেও কোনো সংগঠনে আবেদন নকৰাত নিষেধাজ্ঞা জাৰি কৰা হয়। ইয়াৰ প্ৰতিবাদত দেশৰ যুৱসমাজে আন্দোলন আৰম্ভ কৰে। ক্ৰমান্বয়ে ই এক বৃহৎ গণবিক্ষোভলৈ পৰিণত হয়।

Apply Now

কাঠমাণ্ডুকে ধৰি বিভিন্ন চহৰৰ সংসদ ভৱনৰ সন্মুখত সমবেত হয় হাজাৰ হাজাৰ যুৱক-যুৱতী। স্কুল কলেজৰ ইউনিফৰ্ম পিন্ধা ছাত্ৰ-ছাত্ৰীৰ ভিৰত ভাঙি যায় আৰক্ষীৰ বেৰিকেড। কেইবাটাও স্থানত অগ্নিসংযোগ কৰা হয়।

এই সংঘৰ্ষত এতিয়ালৈকে ১৯ জন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাঠমাণ্ডুত সেনা মোতায়েন কৰিবলগীয়া হয়। আৰক্ষীৰ গুলীচালনাক লৈ পদত্যাগ কৰিছে গৃহমন্ত্ৰী ৰমেশ লখকাৰে।

উত্তেজনাৰ মাজতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে কয়, “চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। আশা কৰিছো এইবাৰ প্ৰতিবাদকাৰীসকল ঘৰলৈ উভতি যাব।” কিন্তু প্ৰতিবাদকাৰীসকলে কয় যে এই প্ৰতিবাদ কেৱল ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে নহয়, দুৰ্নীতি আৰু নীতিহীন শাসনৰ বিৰুদ্ধেও। তেওঁলোকৰ শ্লোগান হৈছে “ছ’চিয়েল মিডিয়া নহয়, দুৰ্নীতি বন্ধ কৰক।”

সোমবাৰে প্ৰতিবাদকাৰীয়ে সংসদ চৌহদত প্ৰৱেশ কৰি এখন গেট ভাঙি জুই লগাই দিয়ে। অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰিছিল। বিশ্লেষকসকলে ইয়াক ‘জেন জেড বিপ্লৱ’ বা নেপালৰ নতুন প্ৰজন্মৰ নাগৰিক অধিকাৰ আন্দোলন বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, অলি চৰকাৰৰ চেঞ্চৰশ্বিপৰ সিদ্ধান্তৰ জৰিয়তে দীৰ্ঘদিনীয়া ক্ষোভৰ বিস্ফোৰণ ঘটিছে। হোৱাটছএপ, লিংকডইন, ফেচবুকৰ দৰে সংস্থা অবিহনে বৰ্তমান যুগত জীৱন অস্থায়ী নহয় বুলি প্ৰতিবাদকাৰীসকলে বাৰ্তা প্ৰদান কৰে।

পৰিস্থিতি যদিও কিছু নিয়ন্ত্ৰণলৈ আহিছে, তথাপিও কাঠমাণ্ডুৰ ৰাজপথত অশান্তিৰ ছাপ দেখা গৈছে। মঙলবাৰে আৰু প্ৰতিবাদৰ আশংকা আছে বুলি কৰ্তৃপক্ষই ধাৰণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd