অগপত চামিল হ’ল সুনীল ৰাজকোঁৱৰৰ নেতৃত্বৰ আঞ্চলিকতাবাদী অসম গণ পৰিষদ

kalpa's story AGP joining.photo

অগপত যোগদান কৰাৰ পূৰ্বে গুৱাহাটীত আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সমদল। ফটো : নৰ্থইষ্ট নাও

অগপত পুনৰবাৰ যোগদান কৰিলে আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ নেতা সুনীল ৰাজকোঁৱৰে। শনিবাৰে তেওঁৰ সৈতে আঞ্চলিকতাবাদী অগপৰ সকলো বিষয়ববীয়াই অসম গণ পৰিষদত যোগদান কৰে।

সুনীল ৰাজকোঁৱৰে অগপৰ আমবাৰীস্থিত ৰাজ্যিক কাৰ্য্যালয়ত পাঁচ শতাধিক সহযোগীৰ সৈতে আনুষ্ঠানিকভাৱে আঞ্চলিক দলটোত যোগদান কৰে। যোগদান কৰাৰ পূৰ্বে দীঘলী পুখুৰীৰ পাৰৰ পৰা ৰাজকোঁৱৰৰ নেতৃত্বত তেওঁলোকে বৃহৎ সমদল কৰি অগপ কাৰ্যালয়ত উপস্থিত হয় ।

উল্লেখযোগ্য যে আঢ়ৈ বছৰ পূৰ্বে অগপ ত্যাগ কৰি নতুন দল গঠন কৰিছিল সুনীল ৰাজকোঁৱৰে। বিজেপিৰ লগত অগপই যোৱা বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰাৰ বাবে নেতাজন ক্ষুব্ধ হৈ পৰিছিল।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপিৰে মিত্ৰতা ছেদ কৰা বাবে পুনৰ অগপলৈ ঘূৰি অহা বুলি মন্তব্য কৰে সুনীল ৰাজকোঁৱৰে। তদুপৰি তেওঁ যোৱা বিধানসভা নিৰ্বাচনত ১৭ টা সমষ্টিত অঞ্চলিকতাবাদী অগপৰ পৰা প্ৰাৰ্থিত্ব দিছিল যদিও কেতিয়াও অগপৰ বিৰোধিতা কৰা নাছিল বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

তেওঁ এতিয়াৰে পৰা আঞ্চলিকতাবাদী অগপ দলটো সম্পূৰ্ণ ৰূপে অসম গণ পৰিষদত বিলীন হোৱা বুলিও মন্তব্য কৰে। তেওঁৰ লগতে উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাইও আজি অগপত যোগদান কৰে।

ইপিনে, অগপৰ মজিয়ালৈ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু অগপৰ জ্যেষ্ঠ নেতৃত্বই সুনীল ৰাজকোঁৱৰক আদৰণি জনায়।