NORTHEAST NOW (Assamese)

উতলা আঞ্জাত পৰি বিদ্যালয়তে অন্ধ্ৰ প্ৰদেশত শিশুৰ মৃত্যু

November 14, 2019 10:46 pm · এন ই নাও নিউজ
Updated: November 14, 2019 10:51 pm
কণমানি পুৰুষোত্তম। ছবি সৌজন্য-- sakshi.com

শিশু দিৱস”ৰ মাজতে আহিছে এক হৃদয় বিদাৰক খবৰ। অন্ধ্ৰ প্ৰদেশৰ পুৰুষোত্তম ৰেদ্দি নামৰ এটি কণমানি ল’ৰাই বুধবাৰে স্কুলৰ হোষ্টেলত গৰম আঞ্জাৰ কেৰাহীত পৰি প্ৰাণ হেৰুৱাইছে।

কুৰ্নুল জিলাৰ পানয়ামৰ বিজয়নিকেতন ইংগ্লিশ্ব মিদিয়াম হাই স্কুলৰ হোষ্টেলত দুপৰীয়াৰ আহাৰৰ সময়তে ঘটনাটো সংঘটিত হয়।

ল’ৰাটোৱে নিজৰ থালখনত খাদ্য ল’বলৈ লৈ দৌৰি গৈছিল, পানয়ামৰ চক্ৰ বিষয়া জীৱনে সংবাদ মাধ্যমক জনায়।

উতলি থকা “চম্বৰ”ৰ কেৰাহীত পৰি যোৱা ল’ৰাটিক ততাতৈয়াকৈ স্কুলৰ কাষৰ চিকিৎসালয়লৈ আৰু পিছত উন্নত চিকিৎসাৰ বাবে কুৰ্নুল জেনেৰেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু, গৰম আঞ্জাই বেয়াকৈ পোৰা ল’ৰাটিৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

শিশুটোৰ ভয়ংকৰ মৃত্যুৰ পিছতে ভাগি পৰা মাক-দেউতাক কল্পনা, শ্যামসুন্দৰৰ লগতে অন্যান্য লোক আৰু স্থানীয় সংগঠন সমবেত হৈ বিদ্যালয়ৰ সন্মুখত ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ জনায়।

দেউতাকে স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে অৱহেলাৰ স্পষ্ট অভিযোগ তুলিছে। আৰু কৈছে, কৰ্তৃপক্ষই ঘটনাটোৰ পিছতে ফোনসমূহ বন্ধ কৰি দিয়ে।

“তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি স্কুলত এটকাও দৰদাম নকৰাকৈ ফীজ দিওঁ। এতিয়া আমাৰ ল’ৰাটো কোনে ঘূৰাই দিব?দেউতাক শ্যামসুন্দৰৰ মন্তব্য।

কুৰ্নুলৰ উপায়ুক্তৰ নিৰ্দেশত ঘটনাটোৰ তদন্তৰ বাবে জিলা শিক্ষা বিষয়াই এক সমিতি গঠন কৰিছে।

অভিভাৱকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০৪ ধাৰাত স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

২০১৬ চনতো ৰাজ্যখনত আন এটি পাঁচ বছৰীয়া ল’ৰা স্কুলত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত উতলা  “চম্বৰ”ত পৰি মৃত্যুমুখত পৰিছিল।

Related News