• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: স্বমহিমাৰে উজলিল ৰাছেল, শেষ অভাৰত নায়ক হৰ্ষিত; হায়দৰাবাদৰ বিৰুদ্ধে ৰুদ্ধশ্বাস জয় কলকাতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2024 8:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাটকীয় মেচত শ্বাসৰুদ্ধকৰ জয়। পৰাজয়ৰ মুখৰ পৰা বিজয় কাঢ়ি আনিলে কলকাতা নাইট ৰাইডাৰ্ছে। নায়ক হিচাপে খেলপথাৰ এৰি যোৱাৰ সুযোগ হেৰুৱালে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাইনৰিখ ক্লাচেনে। কলকাতাৰ যুৱ পেচাৰ হৰ্ষিত ৰাণাই শেষৰ অভাৰত দুটা উইকেট দখল কৰি জয় নিশ্চিত কৰে।

নিশ্চিত পৰাজয়ৰ মুখৰ পৰাই ক্লাচেনে হায়দৰাবাদক জয়ৰ সপোন দেখুৱাইছিল। দক্ষিণ আফ্ৰিকাৰ বিখ্যাত অল ৰাউণ্ডাৰগৰাকীয়ে মিচেল ষ্টাৰ্কৰ শেষৰ অভাৰত বিশাল চাৰিটা ছয় মাৰি মেচখন নিয়ন্ত্ৰণলৈ আনে। শেষৰ অভাৰত ১৩ ৰানৰ প্ৰয়োজন হৈছিল। ক্লাচেন ফৰ্মত থকাৰ বাবে দেখা গৈছিল যে কলকাতাই ঘৰৰ মাটিত আৰম্ভণিতে হয়তো উজুটি খাব।

খেলখনৰ এনে অৱস্থাত অধিনায়ক শ্ৰেয়াছে অভিজ্ঞ আন্দ্ৰে ৰাছেলৰ পৰিৱৰ্তে হৰ্ষিতক বল তুলি দিলে। বহুতেই হয়তো বিশ্বাস হেৰুৱাইছিল। কিন্তু ২০ লাখ টকীয়া যুৱ পেচাৰগৰাকীয়ে মেচখনত জয় আনি দিলে। ড্ৰেছিং ৰুমৰ পৰা শ্লো বলিং কৰাৰ নিৰ্দেশনা আহিল। তাতেই সাফল্য। আশা কৰা মতে গৌতম গম্ভীৰৰ মগজুৱে পাৰ্থক্যৰ সৃষ্টি কৰিলে। তৃতীয় বলত শ্বাহবাজ আউট। তেতিয়াও ৪টা বলত ৬ ৰানৰ প্ৰয়োজন। পঞ্চম বলত ক্লাচেন আউট। অৱশেষত ৪ ৰানত জয়লাভ কৰে কলকাতাই।

আক্ৰমণাত্মক ৰাছেল। ফটো সৌজন্যঃ আইপিএল।

মূলতঃ ৰাছেলৰ দমনীয় প্ৰদৰ্শনৰ বাবেই ঘৰুৱা খেলপথাৰত কলকাতা নাইট ৰাইডাৰ্ছে আই পি এলত জয়লাভ কৰে। শনিবাৰে নিশা প্ৰথম বেটিং কৰি কেকেআৰে ৭ উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত হায়দৰাবাদে ৭ উইকেটত ২০৪ ৰানত ইনিংছ সামৰে। ২৫ বলত আন্দ্ৰে ৰাছেলৰ বেটৰ পৰা আহে ৬৪ ৰান। ফিল ছল্টৰ ৪০ বলত ৫৪ ৰান। শিথিল আৰম্ভণিৰ পিছতো দুই নাইট বেটছমেনৰ পৰাক্ৰমত কেকেআৰে ডাঙৰ জয় লাভ কৰে।

মায়াংক মাৰ্কাণ্ডৰ দুৰ্দান্ত কেচ। ফটো সৌজন্যঃ আইপিএল।

পেট কামিন্সে টছত জয়লাভ কৰি কলকাতা নাইট ৰাইডাৰ্ছক বেট কৰিবলৈ পঠিয়ায়। ইডেনৰ পিটচত পেচাৰসকলে সহায় পায়। নটৰাজনে মাত্ৰ এটা অভাৰতে ভেংকটেশ আয়াৰ (৭) আৰু শ্ৰেয়াছ আয়াৰ (০)ক ওভতাই পঠিয়ায়। তাৰ আগতে ৰান আউট হৈছিল সুনীল নাৰিনে (২)। ৩.৫ অভাৰত ৩২ ৰানত ৩ উইকেট হেৰুৱাই বিপদত পৰিছিল নাইটছ। কেকেআৰৰ অধিনায়ক শ্ৰেয়াছে অভিষেক মেচত শূন্য ৰানতে আউট হয়। নীতিশ ৰানাইও ৰাণ (৯) নাপালে।

কলকাতাৰ নতুন নায়ক হৰ্ষিত ৰানা। ফটো সৌজন্যঃ আইপিএল।

ছয় নম্বৰত বেটিং কৰিবলৈ আহে ছল্টৰ সৈতে ৰমনদীপ সিঙে। দলটোৰ বেয়া দিনত নাইটছৰ জাৰ্চি পিন্ধি জিলিকি উঠিল। পঞ্চম উইকেটত যুটিটোৱে ৫৪ ৰান সংযোজন কৰে। ৪০টা বলত ৫৪ ৰান সংগ্ৰহ কৰি আউট হয় ছল্ট। তেওঁৰ ইনিংছত আছিল ৩টা ছয় আৰু এটা চাৰি। ছল্টে কে কে আৰৰ ইনিংছৰ ভেটি স্থাপন কৰিলে, ৰাছেলে ইয়াৰ অন্ত পেলায়।

ক্লাচেনৰ বিধ্বংসী ইনিংছ। ফটো সৌজন্যঃ আইপিএল।

আঠ নম্বৰত নামি বিধ্বংসী ইনিংছ খেলিলে ৰাছেলে। এই ৰাছেলক চাবলৈ গোটেই কলিকতা ইডেনলৈ আহিছিল। যোৱা দুবছৰ ধৰি কেৰিবিয়ান তাৰকাগৰাকীয়ে নিৰাশ কৰিছিল। কিন্তু শনিবাৰে নিশা পুনৰ উজলিল পুৰণি ৰাছেল। তেওঁ মেচখনৰ ৰং সলনি কৰি দিলে।মায়াংক মাৰ্কাণ্ডৰ অভাৰত তিনিটা ছয় মাৰিলে আৰম্ভণিতে। ২০ ৰানৰ পিছত জান্সেনে হাতত ধৰা পৰে যদিও বল মাটিত স্পৰ্শ কৰাত বাচি যায়। কিন্তু ৰাছেলে ৰাছেলে ২৫টা বলত ৬৪ ৰান সংগ্ৰহ কৰে। ৰিংকু সিঙে ১৫টা বলত সংগ্ৰহ কৰে ২৩ ৰান।

শেষ অভাৰত নায়ক হৰ্ষিত ৰানা। ফটো সৌজন্যঃ আইপিএল।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি মেচখনত পৰাস্ত হয় ছানৰাইজাৰ্ছ। হায়দৰাবাদে ১১১ ৰানত ৪ উইকেট হেৰুৱাইছিল। মায়ংক আগৰৱালা (৩২), অভিষেক শৰ্মা (৩২), ৰাহুল ত্ৰিপাঠীয়ে (২০) ভাল আৰম্ভণি কৰিছিল যদিও বেছি সময় উইকেটত থাকিব নোৱাৰিলে। একমাত্ৰ দৰ্শনীয় প্ৰদৰ্শন হৈছে হাইনৰিখ ক্লাচেনৰ। মেচখন প্ৰায় কাঢ়ি লৈ গৈছিল। দক্ষিণ আফ্ৰিকাৰ অল ৰাউণ্ডাৰগৰাকীয়ে ২৫টা বলত ৫০ ৰান সম্পূৰ্ণ কৰে। ক্লাচেনে ষ্টাৰ্কৰ শেষ অভাৰত চাৰিটা ছয় মাৰে। অভাৰটোত ২৬ ৰান। মুঠ ৮টা ছয় মাৰে। কিন্তু শেষ ৰক্ষা নহ’ল। ক্লাচেনে ২৯টা বলত ৬৩ ৰান সংগ্ৰহ কৰি আউট হয়। ছানৰাইজাৰ্ছ স্তব্ধ হৈ পৰিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

September 8, 2025 3:55 pm
এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

September 8, 2025 3:09 pm
দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে

দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে

September 8, 2025 3:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

September 8, 2025 3:55 pm
এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd