বাংলাদেশত ৰহিঙিয়া শৰণাৰ্থীৰ কাষত হলীউড অভিনেত্ৰী এঞ্জেলিনা জ’লি

ৰহিঙিয়া শৰণাৰ্থীৰ কাষত এঞ্জেলিনা জ'লি। ফটো : বিডিনিউজ২৪

ম্যানমাৰৰ পৰা বিতাৰিত হৈ বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰি থকা ৰহিঙিয়া শৰণাৰ্থীসকলৰ কাষত উপস্থিত হৈছে হলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এঞ্জেলিনা জ’লি। যোৱা সোমবাৰে তেওঁ বাংলাদেশত উপস্থিত হৈছিল।

‘দ্যা গাৰ্ডিয়ান’ত প্ৰকাশিত এক বাতৰি মতে অভিনেত্ৰী গৰাকীয়ে ২০১৭ চনৰ আগষ্টৰ পৰা বাংলাদেশৰ কক্স বজাৰত আশ্ৰয় লৈ থকা শৰণাৰ্থীসকলৰ আগত ভাষণ প্ৰদান কৰে।

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ বিশেষ দূত হিচাপে দায়িত্বত থকা জ’লিয়ে ৰহিঙিয়া শৰণাৰ্থীসকলক সসন্মানেৰে আৰু নিৰাপদে ওভতাই ল’বলৈ ম্যানমাৰ চৰকাৰক হেঁচা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সাংবাদিকৰ আগত তেওঁ কয় যে হাজাৰ হাজাৰ ৰহিঙিয়া মুছলমানে তেওঁলোকৰ গৃহভূমি এৰি বাংলাদেশত আশ্ৰয় ল’বলৈ বাধ্য কৰোৱা হিংসাক অন্ত পেলাই তেওঁলোক নিৰাপদে উভতি যোৱাটো সম্ভৱ কৰি তোলাৰ সম্পূৰ্ণ দায়িত্ব ম্যানমাৰ চৰকাৰৰ।

ইয়াৰ পিছতে অভিনেত্ৰী গৰাকীয়ে ঢাকাত অৱস্থিত বংগবন্ধু স্মৃতি সংগ্ৰহালয়ত উপস্থিত হৈ বাংলাদেশৰ পিতৃপুৰুষ হিচাপে পৰিচিত দেশখনৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি শ্বেইখ মুজিবুৰ ৰহমানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

শ্বেইখ মুজিবুৰ ৰহমানৰ নাতি ৰাডৱান মুজিব ছিদ্দিকে এঞ্জেলিনা জ’লিক বংগবন্ধু স্মৃতি সংগ্ৰহালয়টোৰ পৰিদৰ্শন কৰোৱাই।