• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতযোৰ কৰিছো, কন্যা সন্তান জন্ম নিদিব; কিয় আক্ষেপত জ্বলি উঠিছে অসম?

সাৰি যায় ধৰ্ষণকাৰী! কিমান বিচাৰিব ন্যায়? ছ’চিয়েল মিডিয়াত বহুতে উজাৰিলে ক্ষোভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 6, 2021 8:38 pm
gang-rape-750x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱশ্ৰেষ্ঠ মানৱৰূপী দানৱৰ নিৰ্লজ কাণ্ডই পুনৰবাৰ কঁপাই গৈছে অসম। চুমিলা ৰংহাংপীৰ পাছতে গোগামুখৰ চাউলধোৱাত ১৭ টা নৰপিশাচৰ কামনাৰ বলি হ’ল দ্বীপশিখা শইকীয়া।

আনকি ধৰ্ষণ কৰি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিলে ধৰ্ষণকাৰীকেইটাই। গোগামুখৰ চাওলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত থেকেৰা গুৰিৰ শংকৰদেৱ শিশু নিকেতনত অধ্যয়নৰত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৯ বছৰীয়া কনমানিজনী যেন ঘৰত অকলে থকাটোৱেই পাপ হ’ল। ঘৰত কোনো নথকাৰ সুযোগ লৈ মঙ্গলবাৰে কনমাণিজনীক ধৰ্ষণ কৰি গামোচাৰে ঘৰতে ওলোমাই থৈ যায় আৰু আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।

অৱশ্যে, চাউলধোৱা আৰক্ষীয়ে কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমান যেন ছ’চিয়েল মিডিয়াত বিষয়টোক লৈ তীব্ৰ ক্ষোভ উজাৰিছে সচেতন মহলে। সকলোৰে কেৱল এটাই দাবী ‘ধৰ্ষণকাৰীক ফাঁচি দিয়ক।‘

ইপিনে, চুমিলা ৰংহাংপিৰ দোষীয়ে উচিত শাস্তি লাভ নকৰাকৈ বা পৰিয়ালে ন্যায় নৌপাওতেই এনে এটা পাশৱিক ঘটনা সংঘটিত হোৱাৰ পাছতে একাংশ মহিলাই ফেচবুকত পোষ্ট দিবলৈ আৰম্ভ কৰিছে ‘হাতযোৰ কৰিছো, কন্যা সন্তান জন্ম নিদিব।‘

কিছু সংখ্যকে ইয়াৰ কাৰণ বাখ্যা কৰি লিখিছে, ‘কিমান আৰু নিজৰ কন্যা সন্তানক কিছুমান নৰপিশাছৰ কামনাৰ বলি হ’বলৈ এৰি দিম? কন্যা সন্তান জন্ম দিয়াটোৱেই পাপ নেকি?’

এই সন্দৰ্ভত কন্ঠশিল্পী সুৱাসনা দত্তইয়ো ফেচবুকত ক্ষোভ উজাৰি লিখি কয়, ‘এই নৰপিশাচকেইটাৰ ফাঁচীৰ দাবী জনাইছো ৷ পুলিচ প্ৰশাসন আৰু ন্যায়পালিকালৈ কাতৰ অনুৰোধ- কণমাণি দ্বীপশিখাৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত কোনো এজন অপৰাধীয়ে যাতে সাৰি যাব নোৱাৰে ৷’

আনহাতে, এই সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱাইয়ো ক্ষোভ উজাৰি ফেচবুকত লিখি কয়, ‘প্ৰতিবাদ কৰিবলৈ, ন্যায় বিচাৰি Hashtag Justice for বুলি লিখিবলৈ দুখ লগা হৈছে। ইমান বছৰে ইটোৰ পাছত সিটো ধৰ্ষণ হৈয়েই আছে, আমি সামাজিক মাধ্যমত প্ৰতিবাদ কৰি আছোঁ, ক্ষোভ উজাৰিছো, কিন্তু সমাধান ক’ত ! শিপাৰ পৰাই যেন ক্ৰমাৎ বিকৃতি ঘটিছে মানুহৰ মানসিকতাত।‘

‘ধৰ্ষণকাৰীক কৰায়ত্ত কৰিলেই সেই নিস্পাপ প্ৰাণবোৰে ন্যায় পাবনে ? দুই এটা ঘটনাৰ বাবে দোষীক শাস্তি দিয়া পৰিলক্ষিত হয়। কিন্তু স্থায়ী সমাধান ক’ত ? কেতিয়া আমাৰ সমাজৰপৰা এই পিশাচবোৰ নিৰ্মূল হ’ব। হৈ যোৱা ঘটনাটোৱে কঁপাই আছে এতিয়াও, সুস্থিৰ হ’ব পৰা নাই। এই সময় ,মানুহৰ মানসিকতাত সঁচাকৈয়ে ঘূণে ধৰিছে। প্ৰয়োজন স্থায়ী সমাধানৰ। এনে ঘটনাবোৰ সংঘটিত হোৱাৰ কাৰণসমূহ ফঁহিয়াই চাই তাৰ যুক্তিযুক্ত সমাধানসূত্ৰ লাগে আমাক, সমাজখন, মানুহৰ মানসিকতাবোৰ নিকা কৰা প্ৰয়োজন। ঈশ্বৰৰ ওচৰত কাতৰ প্ৰাৰ্থনা, এনে ঘটনা আৰু সংঘটিত নহওক। মানুহৰ মনৰ কলুষতাবোৰ নিৰ্মূল হওক।‘ আইমী বৰুৱাই এইদৰে লিখি কয়।

178006397_483529862959265_4541977925041873456_n
গোগামুখৰ জঘন্য কাণ্ডত জড়িতৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকল।

 

সেইদৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে কয়, “আৰক্ষী আৰু ন‍্যায়পালিকালৈ অনুৰোধ যে অতি শীঘ্ৰে এক দৃষ্টান্তমূলক শাস্তি দি কনমানিটোৰ আত্মাক শান্তি দিয়ক। এটা কথা সত্য যে এনে ঘটনাৰ বাবে দোষীবোৰ প্ৰায়ে অশিক্ষিত নাইবা শিক্ষিত হৈও কাণ্ডজ্ঞান নোহোৱা মানুহ। এনে লাগে যে এই নৰ পিশাচবোৰ আমাৰ সমাজে ঢুকি পোৱা অৱস্থাত নাই। এজন ধৰ্ষণকাৰীক শাস্তি দিয়াৰ পাছতো এই তিঘিল ঘিলাই থকা কিছুমান নৰখাদকে শাস্তিৰ খবৰেই নাপায়। ইহঁতে চিকাৰ বিচাৰি ঘুৰ্মূটিয়াই ফুৰে। ধৰ্ষণকাৰীক শাস্তি দিয়াৰ লগতে সমাজত লুকাই থকা এনে সম্ভাৱনাপূৰ্ণ ধৰ্ষণকাৰী বা হত্যাকাৰীবোৰকো চিনাক্ত কৰা এক পদ্ধতি বা উপায় বিচাৰিব লাগিব। বিপদ হৈ যোৱাৰ পাছত হাহাকাৰ কৰি থকাতকৈ সমাজে একগোট হৈ সময়ে সময়ে এই বিষয়ক কাম কৰিব লাগিব। চৰকাৰেও এনে ঘটনা নিয়ন্ত্ৰণৰ বাবে এক পৃথক বিভাগ (ৰাষ্ট্ৰীয় স্তৰত) বনাব লাগিব। হয়তো ইয়াতকৈও বহুত ভাল সমাধান ওলাব; কেৱল এই ঘটনাই শেষ হ’ব লাগে!’’

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে অৰ্থ্যাৎ ২২ এপ্ৰিলত ৰহা খাইগড়ত প্ৰকাশ বৰঠাকুৰৰ ঘৰত বনকৰা ছোৱালী চুমিলা ৰংহাংপীৰ মৃতদেহ উদ্ধাৰৰ পাছতে দোষীক উচিত শাস্তি দাবী কৰি বহু জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

তাৰ পাছতে একেই ধৰণে কণমানি দ্বীপশিখাক হত্যা কৰাৰ পাছত এতিয়া যেন ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই আন একাংশই লিখিছে ‘ৰঙাঘৰত আৰামৰে আমাৰ টকাৰে নৰপিশাচ কেইটাক পোহপাল দি থকাতকৈ ৰাজপথত ৰাজহুৱাভাৱে ফাঁচি দিয়ক, ধৰ্ষণৰ মাত্ৰা নাইকিয়া হ’ব।‘

মানৱ সমাজক কলুষিত কৰা এনে নিৰ্ল্লজ্জ ঘটনা যাতে পুনৰ সংঘটিত নহওঁক সেয়াই এতিয়া সকলোৰে কামনা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am
প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd