কৰিমগঞ্জত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত আৰক্ষীৰ দলক আক্ৰমণ উত্তেজিত যুৱকৰ

BADARPUR-POLICE

কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্ৰমণত আহত এজন আৰক্ষী জোৱান।

কৰিমগঞ্জৰ বদৰপুৰঘাটত নিৰ্বাচনৰ দায়িত্বত থকা কৰ্তব্যৰত আৰক্ষীৰ এটা দলক দুৰ্বৃত্তই আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত  আৰক্ষীৰ দলটোৰ দহগৰাকী জোৱান আহত হয়। দুই এজন আৰক্ষী জোৱানৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, আৰক্ষীৰ দলটোৱে ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ দায়িত্ব সম্পুৰ্ণ কৰি শুকুৰবাৰে উভতি আহি আছিল। গুৱাহাটী অভিমুখে আহি থকা দলটো কৰিমগঞ্জৰ বদৰপুৰৰ ওচৰ পাবৰ সময়ত যান-জঁটৰ ভিৰৰ বাবে বহু সময় ধৰি ৰ’বলগীয়া হয়। আৰক্ষীৰ জোৱান সকলে গাড়ীৰ পৰা নামি আহি যান-জঁট সমূহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে একাংশ উত্তেজিত যুৱকে দলটোক আক্ৰমণ কৰে।

লাঠি, শিল আদিৰে আৰক্ষীৰ দলটোক আক্ৰমণ কৰাৰ ফলত বহুকেইজন আৰক্ষী জোৱানৰ চকু, কঁপাল, মুৰ পৰ্য্যন্ত ফাটি যায়। উত্তেজিত যুৱকৰ দলটোৱে আৰক্ষী কঢ়িয়াই অনা এ এছ২০-১৮৭৯ নম্বৰৰ বাহনখনৰো বেয়াকৈ ক্ষতিসাধন কৰে।

আনহাতে, আহত আৰক্ষী জোৱান সকলক স্থানীয় বদৰপুৰ আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত মেহবুব আহমেদ (২৭) আৰু মহম্মদ আমিন ছুলতান (২১) নামৰ দুজন দুৰ্বিত্তক আটক কৰিছে। স্থানীয় একংশ ৰাইজে আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ বাবে দাবী জনাই।

নিৰ্বাচনৰ দায়িত্বত থকা অসম আৰক্ষীৰ জোৱান সকলক দায়িত্বৰ সময়ত কদৰ্য্য পৰিবেশত ৰখাৰ বাতৰি কিছুদিন পুৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে শুকুৰবাৰে আৰক্ষী দলক জনতাই এনেদৰে আক্ৰমণ কৰাৰ ঘটনাই জোৱান সকলৰ নিৰাপত্তা দিশটোৰ সোপাধিলা স্বৰূপ উদঙাই দিছে।