NORTHEAST NOW (Assamese)

গুজৰাটলৈ হাতী যোগান: উদ্বেগ প্ৰকাশ চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছৰ

April 26, 2023 8:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 26, 2023 1:06 am
প্ৰতিনিধিত্বমূলক ছবি

অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈ মুঠ ৩০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি কেইবাখনো বাহনত ২০ টাকৈ হাতী স্থানান্তৰিত কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে পশু অধিকাৰ সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছে।

সংস্থাটোৱে এক বিবৃতিত কয়, “স্বাধীন ভাৰতৰ ৭৫ বছৰত সম্ভৱত এনে ঘটনা কেতিয়াও দেখা ঘটা নাই। ১৯ শতিকাত যুদ্ধৰ বাবে আমাৰ সীমান্তলৈ হাতী জাহাজেৰে পঠিওৱাৰ পিছত এনেদৰে হাতী স্থানান্তৰিত কৰা ঘটনা কেতিয়াও দেখা পোৱা নাই।”

বিভিন্ন বন্যপ্ৰাণী সংগঠনে প্ৰতিবাদ কৰাৰ পিছতো শুকুৰবাৰে পুৱা অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ পৰা ২০ টা হাতী গুজৰাটৰ অভিমুখে লৈ যোৱা হৈছিল।

খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া হাই-পাৱাৰ কমিটীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সহযোগত জামনগৰৰ ৰাধা কৃষ্ণ মন্দিৰ এলিফেণ্ট ট্ৰাষ্টলৈ হাতী যোগানৰ অনুমতি প্ৰদান কৰে।

পশু অধিকাৰ সংস্থাটোৱে জানিবলৈ দিয়া মতে, অৰুণাচল প্ৰদেশ আৰু উজনি অসমত হাতী পোৱালি ধৰা হয় আৰু তাৰ পিছত সমগ্ৰ ভাৰততে ব্যৱহাৰৰ বাবে নৃশংস প্ৰশিক্ষণ দি হাতীৰে ব্যৱসায় কৰা হয়।

ইয়াৰ উপৰিও যোৱা দুবছৰত অৰুণাচল প্ৰদেশৰ পৰা হাতী পোৱালি বদলিৰ বহু ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে বুলিও চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছে দাবী কৰে।

হাতীকেইটা পৰিবহণৰ সন্দৰ্ভত তদন্ত বিচাৰি সংস্থাটোৱে কয়, “আমি জানো যে হাতীৰ মালিকসকলে বনৰীয়া হাতী পোৱালিক পোহনীয়া হাতীৰ পোৱালি বুলি দেখুওৱাটো অতি সাধাৰণ কথা।

“সেয়ে হাতী স্থানান্তৰৰ যিকোনো আদেশৰ বাবে গভীৰ নিৰীক্ষণ, প্ৰসূতিৰ ডি এন এ পৰীক্ষাৰ দৰে বৈজ্ঞানিক অনুসন্ধান আৰু উত্তৰ-পূবৰ পৰাই বন্যপ্ৰাণী বিশেষজ্ঞৰ অংশগ্ৰহণৰ প্ৰয়োজন।”— বিবৃতিটোত লগতে এইদৰে কয় সংস্থাটোৱে।

এই সৰবৰাহে বন্যজীৱ সুৰক্ষা আইন, ১৯৭২ৰ লক্ষ্যক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিব বুলি উল্লেখ কৰি চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনিমেল ৰাইটছে লগতে উচ্চ ক্ষমতাসম্পন্ন সমিতিক এই সন্দৰ্ভত হোৱা উদ্বেগৰ অন্ত পেলাবলৈ নিজৰ কাৰ্য্যবিধি ৰাজহুৱা কৰিবলৈ আহ্বান জনায়।

Related News