NORTHEAST NOW (Assamese)

আশাৰ পোহৰ: ভাৰত বায়’টেকৰ ভেকচিন COVAXINৰ জন্তুৰ ওপৰত চলোৱা পৰীক্ষণ সফল

September 12, 2020 11:44 am · এন ই নাও নিউজ

কৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে ভাৰতীয় ভেকচিনকলৈ এটা ভাল খৱৰ আহিছে। হায়দৰাবাদৰ ভাৰত বায়’টেক কোম্পানীৰ ভেকচিনে দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলৰ বাবে অনুমোদন লাভ কৰিছে।

কোম্পানীটোৱে দাবী কৰিছে যে জন্তুৰ ওপৰত ইয়াৰ ভেকচিন COVAXINৰ ট্ৰায়েল সফল হৈছে।

কোম্পানীটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বান্দৰৰ চাৰিটা গ্ৰুপৰ ওপৰত ভেকচিনটোৰ পৰীক্ষা চলোৱা হয়।

পৰীক্ষণৰ সময়ত SARS-CoV-2 ভেকচিনৰ দুটা ড’জ দিয়া হয় আৰু ইয়াৰ পৰ্যবেক্ষণ কৰা হয়। এটা গ্ৰুপৰ প্লেছব’ৰ সৈতে চোৱাচিতা কৰা হৈছিল আৰু বাকী তিনিটা গ্ৰুপক ১৪ দিনত তিনিটা বেলেগ বেলেগ ভেকচিন দিয়া হৈছিল।

১৪দিনৰ পাছত সিঁহতক ভেকচিনৰ দ্বিতীয়টো ড’জ দিয়া হয়। ভেকচিনৰ বাবে ইয়াৰ ওপৰত পৰীক্ষণৰ সময়ছোৱাত কৰ’না ভাইৰাছ প্ৰভাৱহীন হৈ পৰে।

ফলাফল চাই দেখা গৈছে যে যিকেইটা বান্দৰক ভেকচিন দিয়া হৈছে সিঁহতৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে।

ভেকচিন প্ৰয়োগ কৰা বান্দৰকেইটাৰ হিষ্টোপেথ’লজিকেল টেষ্টত নিমোনিয়াৰ কোনো প্ৰমান দেখা নগ’ল। মুঠতে এই ভেকচিন ভাইৰাছটোৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত কাৰ্যকৰী দেখা গৈছে।

আইচিএমআৰৰ তথ্য মতে ভাৰতত কৰ’নাৰ তিনিটা ভেকচিনৰ ট্ৰায়েল চলি আছে। ছেৰাম ইনষ্টিটিউটৰ ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ টেষ্ট চলি আছে।

সেইদৰে ভাৰত বায়’টেকৰ দ্বিতীয় পৰ্যায়ৰ টেষ্ট আৰম্ভ হ’ব আৰু জেডছ কেডিলাৰ ভেকচিনৰ দ্বিতীয় পৰ্যায়ত ৫০জন লোকৰ ওপৰত টেষ্ট সম্পূৰ্ণ হৈছে।

আনহাতে, পুনেৰ ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই অক্সফ’ৰ্ডৰ কৰ’না ভাইৰাছৰ ভেকচিনৰ ট্ৰায়েল বন্ধ ৰাখিছে। ডিচিজিআইৰ পৰৱৰ্তী নিৰ্দেশ পোৱাৰ পাছতহে ইয়াৰ ট্ৰায়েল আৰম্ভ হ’ব।

Related News