যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ড: গ্ৰেপ্তাৰ হোৱা টীয়কৰ সুভাষ বৰাক ৫০ দিনৰ পাছত নিৰ্দোষী ঘোষণা

ৰাজ্য কঁপোৱা অনিমেষ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা টীয়কৰ জেলেঙীটুপৰ যুৱ ব্যৱসায়ী সুভাষ বৰাৰ নাম আৰক্ষীয়ে কালি দাখিল কৰা চাৰ্জশ্বিটত নথকাত অঞ্চলটোৰ ৰাইজৰ মাজত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে অনিমেষ ভূঞাক যোৰহাট নগৰৰ মাজ মজিয়াত ক’লা লৰাৰ নেতৃত্বত সংঘটিত এই ঘটনাৰ সময়ত সুভাষে ঘটনাস্থলীৰ কাষৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত নিজৰ দোকানৰ বাবে সামগ্ৰী ক্ৰয় কৰি আছিল ।

উক্ত স্থানৰ পৰাই সুভাষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় । ইয়াৰ পাছতে এই ঘটনাৰে সুভাষ বৰা কোনো কাৰণতে উক্ত জঘন্য কাণ্ডৰে জড়িত নহয় বুলি দাবী কৰি সুভাষৰ গাঁৱৰ ৰাইজে ভগামুখ আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে  যোৰহাট জিলাৰ আৰক্ষী অধীক্ষককো স্মাৰক পত্ৰ প্ৰদান কৰিছিল ।

কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে যোৱা ৫০ টা দিনে সুভাষক মুকলি কৰি দিয়া নাছিল ।কিন্তু কালি যোৰহাটৰ আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বিটত  সুভাষৰ নাম নথকাত শীঘ্ৰে তেওঁ মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হোৱাত এতিয়া নিজ পিতৃ-মাতৃৰ লগতে গাঁও বাসী উৎফুল্লিত হৈ পৰিছে ।