অংকিতা দত্তই ল’লে পণ: যুৱ সমাজক কিদৰে আগুৱাই নিব অংকিতাই?

‘জাগ ডেকা তেজ জাগ’ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে চ্যুকাফা দিৱসৰ দিনাই অঞ্জন দত্তৰ জিয়ৰী অংকিতা দত্তক যুৱ কংগ্ৰেছৰ দায়িত্ব অৰ্পণ প্ৰদেশ কংগ্ৰেছৰ।

সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে কেতবোৰ পণ ল’লে প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ জিয়ৰী অংকিতা দত্তই।

তেওঁ কয় “নৱ প্ৰজন্মক স্বাৱলম্বী কৰি তোলাই যুৱ কংগ্ৰেছীৰ দায়িত্ব হ’ব। যুৱ কংগ্ৰেছৰ বেনাৰত স্বাৱলম্বিতাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব।”

ইপিনে, দেশ আৰু জাতিক ভালপোৱা প্ৰত্যেক যুৱক-যুৱতীৰ বাবে যুৱ কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলি সদৰী কৰি অংকিতা দত্তই কয়, কেৱল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ বাবে যুৱ কংগ্ৰেছ নহয়। ট্ৰেক্টৰ চলোৱা আৰু অটো চলোৱা যুৱকো যুৱ কংগ্ৰেছত যোগদান কৰিব পাৰে।

ইপিনে, যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ অসমীয়া খাদ্যভ্যাস সলনি কৰাৰ প্ৰচেষ্টা কৰিব বুলি মন্তব্য কৰে অংকিতা দত্তই।

ৰুটি-কৰ্ণফ্লেক্সৰ পৰিৱৰ্তে ধানৰ পৰা উৎপাদিত পৰম্পৰাগত খাদ্য যেনে সান্দহ, পিঠাগুৰিৰে পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ আহ্বান অংকিতা দত্তৰ।তেতিয়াহে অসমৰ জনসাধাৰণৰ টকা নিজৰ হাতত থাকিব বুলি মন্তব্য অংকিতা দত্তৰ।

অংকিতা দত্তৰ মতে কেৱল বৃক্ষ ৰোপন কৰিলেই নহ’ব পৰ্বত খনন ৰোধ কৰিব লাগিব।এখন ভাল পৃথিৱী উঠি অহা প্ৰজন্মক দি যোৱাৰ সংকল্প অংকিতা দত্তৰ।

তদুপৰি, বক্তৃতাৰ মাজতে পিতৃ অঞ্জন দত্ত যুৱ কংগ্ৰেছৰ সভাপতি থকাৰ সময়ৰ স্মৃতি সুঁৱৰি অংকিতা দত্তৰ সংকল্প
“৯০ দশকৰ দৰে কংগ্ৰেছৰ আজিও প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বান নেওচি আমি আগুৱাই যাব লাগিব।”

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰশ্ন কৰি অংকিতা দত্তই কয় “বছৰি ২ কোটি যুৱকৰ চাকৰিৰে ৭ বছৰত ১৪ কোটি চাকৰি ক’ত হেৰাল? ২০১৬ চনত সৰ্বানন্দ সোণোৱাল শাসনলৈ অহাৰ পাছত ২৫ লাখ যুৱক-যুৱতীক চাকৰি দিম বুলি কৈছিল। কেই লাখ যুৱক যুৱতীয়ে চাকৰি পালে?”

এনেদৰেই যুৱ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্ব লৈ তথা পিতৃৰ দিনৰ কংগ্ৰেছৰ অৱস্থাৰ কথা সুঁৱৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অংকিতা দত্ত।