নকল উপায়ুক্ত! তেজপুৰত আটক হোৱা মহাপ্ৰৱঞ্চক অংকুৰ শইকীয়াই কি কৰিব বিচাৰিছিল?

নকল উপায়ুক্ত!৷ জিলা উপায়ুক্তকে সলনি কৰি নিজে হৈ ল’লে স্বয়ম্ভু উপায়ুক্ত ৷ বিলাসী বাহনত ঘুৰি ফুৰোতে আটক হ’ল এই স্বয়ম্ভু উপায়ুক্ত। কেবল নকল উপায়ুক্তই নহয়, লগতে আটক হ’ল নকল দেহৰক্ষী, চালকসহ ১০ জনীয়া এটা দল।

শোণিতপুৰৰ উপায়ুক্তৰ পৰিচয় দি তেজপুৰত আৰক্ষীৰ হাতত আটক হোৱা ১০ জনীয়া এই চক্ৰৰ মূল নায়ক হৈছে অংকুৰ শইকীয়া। অংকুৰৰ ঘৰ গোলাঘাটৰ পাঁচআলিত৷ ২৯ বছৰীয়া অংকুৰ শইকীয়াই কিছুদিন ধৰি তিনিখনকৈ বিলাসী বাহনত ব্যক্তিগত দেহৰক্ষী লৈ ঘূৰি ফুৰিছিল৷ বিগত তিনি দিন ধৰি দলটো তেজপুৰতে আছিল।

লগতে পঢ়ক: কাজিয়াৰ সময়ত ‘অণ্ডকোষ চেপি ধৰাটো হত্যাৰ প্ৰচেষ্টা নহয়’; অভিযুক্তৰ শাস্তি হ্ৰাস কৰিলে আদালতে

ইতিমধ্যে আৰক্ষীয়ে চক্ৰটোৰ তথ্য লাভ কৰাৰ পিছত তেওঁলোকক অনুসৰণ কৰিছিল। নিজকে শোণিতপুৰৰ নতুন উপায়ুক্ত হিচাপে পৰিচয় দি তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাবলৈ যাওঁতে চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে ৷ অৱশেষত আৰক্ষীয়ে ১০ জনীয়া দলটোক আটক কৰে ৷

গোলাঘাটৰ যুৱক অংকুৰ শইকীয়া কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী বুলি কোৱা হৈছে। কিন্তু তেওঁ কিয় এনেকৈ এক প্ৰৱঞ্চনা কাণ্ডত জড়িত হৈ পৰিল সেয়া আৰক্ষীৰ তদন্তই স্পষ্ট কৰিব। প্ৰশ্ন হয়, এনেকুৱা এক আত্মঘাতী পৰিকল্পনাৰ বাবে শিক্ষিত যুৱক অংকুৰ শইকীয়া কিয় প্ৰৰোচিত হ’ল?

লগতে পঢ়ক: ভৰ দুপৰীয়া মুকেশ আম্বানী, আনন্দ মহিন্দ্ৰাই মাতিব লগা হৈছিল Uber; কিন্তু কিয় জানেনে?

তেজপুৰ সদৰ থানাত প্ৰৱঞ্চকৰ দলটোক মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে৷ অংকুৰ শইকীয়াৰ লগত আটক কৰা সকল হৈছে ক্ৰমে জামুগুৰিহাটৰ বিশাল হাজৰিকা, তেওঁৰ ভাতৃ বিকি হাজৰিকা আৰু তেওঁলোকৰ পিতৃ সোণটি হাজৰিকা, নগাঁও শিমলুগুৰিৰ নিতুমণি দাস আৰু অজিত দাস, কামৰূপ হাজোৰ কৌশিক কলিতা, হিমল ভৰালী আৰু ৰিংকু কলিতা৷

বাতৰি অনুসৰি, অংকুৰৰ লগত আটক হোৱা জামুগুৰিহাটৰ ভাতৃদ্বয় বিশাল হাজৰিকা আৰু বিকি হাজৰিকাক চাকৰি দি মহাপ্ৰৱঞ্চক অংকুৰে তেজপুৰত নতুন উপায়ুক্ত হিচাপে যোগদানৰ কথা সদৰী কৰিছিল। দুই পুত্ৰক লৈ তেজপুৰলৈ অহা পিতৃ সোণটি হাজৰিকাও দলটোৰ লগতে আটক হয়।

লগতে পঢ়ক: দিল্লীত গাড়ী ৰখাই মূৰত বন্দুক থৈ মাত্ৰ ৩৮ ছেকেণ্ডতে লুটি নিলে লক্ষাধিক টকা; চাওক ভিডিঅ’

শোণিতপুৰ আৰক্ষীয়ে গোটেই বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। এনে ঘটনাৰ আঁৰত আন কোনো অভিসন্ধি লুকাই আছে নেকি তাৰো অনু সন্ধান কৰি থকা হৈছে।