NORTHEAST NOW (Assamese)

বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটস্থিত দিল্লী পাব্লিক স্কুলৰ বাৰ্ষিক দিৱস উদযাপন

February 8, 2020 8:25 pm · এন ই নাও নিউজ

বৰ্ণাঢ্য কাৰ্যসূচীৰে শুকুৰবাৰে যোৰহাট দিল্লী পাব্লিক স্কুলৰ বাৰ্ষিক দিৱস পালন কৰা হয়। অনুষ্ঠানত যোৰহাট ৪১ ছাব এৰিয়া জি ও চি মেজৰ জেনেৰেল হৰিন্দৰ সিং মুখ্য অতিথি আৰু  CISR’ৰ সঞ্চালক জি নৰহৰি শাস্ত্ৰী হিচাপে থাকে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ অধক্ষ্য আইভান জে এফ ভাসে বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে চাৰিখনকৈ নাটক পৰিৱেশন কৰে।

নাটকৰ আলোকসজ্জা, কলা-কৌশল আৰু ছাত্ৰ-ছাত্ৰীৰ অভিনয়ে উপস্থিত সকলোকে আপ্লুত কৰি তোলে।

অনুষ্ঠানত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মুখ্য অতিথি মেজৰ হৰিন্দৰ সিং আৰু বিশিষ্ট অতিথি জি নৰহৰি শাস্ত্ৰীয়ে ভাষণ প্ৰদান কৰে। শেষত জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটি সামৰণি মৰা হয়।

Related News