NORTHEAST NOW (Assamese)

এইবাৰ এডিন’ভাইৰাছ! মৃত্যুক সাৱটিলে ভাইৰাছ আক্ৰান্ত ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত ছাত্ৰীয়ে

February 23, 2023 5:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 23, 2023 5:18 pm

ক’ভিদৰ সংক্ৰমণে দেশত সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পিছত শেহতীয়াকৈ আন এক ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। শেহতীয়া বৃদ্ধি পাইছে এই নতুন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা। এডিন’ভাইৰাছ নামৰ এই ভাইৰাছে প্ৰাণ কাঢ়িলে এগৰাকী ৰাষ্ট্ৰপতি পুৰষ্কাৰপ্ৰাপ্ত ছাত্ৰীৰ।

পশ্চিম বংগৰ পশ্চিম মিদনাপুৰত এডিন’ভাইৰাছৰ চিকাৰ হৈছে ছাত্ৰীগৰাকী। এডিন’ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা ছাত্ৰীগৰাকীৰ নাম উৰ্জাসতী ৰায় চৌধুৰী। এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে মৃত্যু হয় যুৱতীগৰাকীৰ।

জানিব পৰা মতে, মৃত্যুৰ সময়ত ছাত্ৰীগৰাকীৰ বয়স আছিল ১৩ বছৰ। উল্লেখ্য যে এই প্ৰতিভাৱান ছাত্ৰীগৰাকী বিশেষভাবে সক্ষম। সংগীত বিষয়ত থকা প্ৰতিভা আৰু সংগীতৰ প্ৰতি থকা অৱদানৰ বাবে উৰ্জিসতীয়ে ২০১৯ চনত ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিছিল।

মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, ২০১৯ চনত উৰ্জাসতী ৰায়চৌধুৰীক সংগীতৰ বিশেষ কৃতিত্বৰ বাবে ৰাষ্ট্ৰপতি বঁটা প্ৰদান কৰা হৈছিল। কেৱল ৰাষ্ট্ৰপতিৰ বঁটাই নহয়, বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৰ্জাসতীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে, এডিন’ভাইৰাছৰ লক্ষণসমূহ মূলতঃ জ্বৰ-চৰ্দি-কাহ আৰু উশাহ-নিশাহৰ সমস্যা। এই ভাইৰাছৰ দ্বাৰা মূলত: শিশুসকল অত্যধিক আক্ৰান্ত হৈছে। কিছু বিশেষজ্ঞ চিকিৎসকে ২ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছৰ সংক্ৰমণ বেছি হ’ব পাৰে বুলি সকীয়াই দিছে।

ইতিমধ্যে দেশত এডিন’ভাইৰাছত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। কেৱল পশ্চিম বংগতে এডিন’ভাইৰাছত আক্ৰান্ত হোৱা ১২ টি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Related News