উজনিত বাঙালী নেতাৰ পদত্যাগৰ ধুম; এইবাৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াৰ পদত্যাগ

অতি বাঙালীগিৰিত অতিষ্ঠ হৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যন এৰি যোগ দিলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চত

AABYSF

শেহতীয়াভাৱে অসমত দীৰ্ঘদিন ধৰি শান্তিৰে বাস কৰি অহা বাঙালী লোকসকলৰ জীৱনলৈ অশান্তি-উদ্বেগ নমাই আনিছে নেকি কিছুমান তথাকথিত বাঙালী সংগঠনে? অতি বাঙালী জাতীয়তাবাদ দেখুৱাবলৈ গৈ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰাৰ অভিযোগ উঠিছে বহুকেইটা সংগঠনৰ প্ৰতি।

আনকি বাঙালী লোকেই আনিছে তেনে অভিযোগ। আজি স্পষ্টকৈ তেনেকুৱা অভিযোগ তুলিলে এজন অসমীয়া বাঙালী নেতাই। বাঙালী সংগঠনৰ কাম-কাজত ক্ষুভিত হোৱা বুলি জনালে বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ চৰাইদেউ জিলা সমিতিৰ সহকাৰী সম্পাদক তথা সাপেখাতী আঞ্চলিক সমিতিৰ সভাপতি কিশলয় চক্ৰৱৰ্তীয়ে।

“সংগঠনটোৱে অসমীয়াৰ মাজত বিভেদ সৃষ্টি কৰিব বিচৰা কাৰ্যৰ প্ৰতিবাদ জনাই অব্যাহতিৰ সিদ্ধান্ত লৈছো।” এইদৰে কয় নেতাজনে।

চক্ৰৱৰ্তীয়ে কেৱল পদত্যাগ কৰাই নহয়, প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চত যোগদান।

উল্লেখযোগ্য যে তিনিচুকীয়াৰ নাৰকীয় হত্যাকাণ্ডৰ পিছতে আজি অসম বন্ধৰ আহ্বান দিয়া বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ উজনি অসমৰ দুজনকৈ বিষয়ববীয়াই পদত্যাগ কৰাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

চক্ৰৱৰ্তীৰ উপৰি আজি পুৱাৰ ভাগত শিৱসাগৰ জিলাৰ ডিমৌত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ ডিমৌ আঞ্চলিকৰ সম্পাদক ৰাজ ঘোষে নিজৰ দায়িত্বৰ পৰা পদত‍্যাগ কৰিছিল।