NORTHEAST NOW (Assamese)

এইবাৰ বিশ্বনাথত ডকমকা কাণ্ডৰ পুনৰাবৃত্তি; উত্তেজিত ৰাইজৰ আক্ৰমণত নিহত এজন

August 16, 2018 12:28 pm · কাজি জেইদুল ইছলাম
Updated: August 16, 2018 3:01 pm

ৰাজ্য কঁপাই যোৱা কাৰ্বি আংলঙৰ ডকমকা হত্যাকাণ্ডৰ দৰে অনুৰূপ এক ঘটনা এইবাৰ সংঘটিত হৈছে বিশ্বনাথ জিলাত। একাংশ উন্মাদ লোকে  দা, লাঠি, লোৰ ৰ’ডৰে চাৰিজন যুৱকৰ ওপৰত অমানুষিক অত্যাচাৰ চলায়। যাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়।

উল্লেখযোগ্য যে গাহৰি ব্যৱসায় কৰা উক্ত লোককেইজনে পুৱতি নিশা গাহৰি ক্ৰয় কৰিবলৈ বুলি বিশ্বনাথৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত উপস্থিত হৈছিল। কিন্তু, গাঁৱৰ একাংশ উন্মাদ লোকে গৰুচোৰ বুলি অভিযোগ কৰি তেওঁলোকৰ ওপৰত জঁপিয়াই পৰাৰ লগতে উপৰ্যুপৰি আক্ৰমণ কৰে।

আহত সকলক আৰক্ষীয়ে বিশ্বনাথৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও বাতৰি লিখাৰ কিছু সময় পূৰ্বে দেৱেন ৰাজবংশী (৫০) নামৰ লোকজনৰ মৃত্যু হয়। আনহাতে চিকিৎসাধীন হৈ থকা আহত কেইজনক ক্ৰমে ফুলচন চাহু, বিজয় নায়ক আৰু পুজেন ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে।

 

Related News