• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত পুনৰ কাজিৰঙাৰ দুজন বনকৰ্মীক আটক

উত্তম শইকীয়া by উত্তম শইকীয়া
November 3, 2020 7:52 pm
IMG-20201103-WA0014
1.6k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে বনকৰ্মী জড়িত থকা ঘটনাৰ চলি থকা অনুসন্ধানৰ আধাৰত আজি পুনৰ দুজন বনকৰ্মী আৰু দুজন গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ীক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই৷

পুৰ্বে আটক কৰা অস্থায়ী বনকৰ্মীৰ স্বীকাৰোক্তি আৰু অনুসন্ধানৰ তথ্যৰ আধাৰত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰীয়ে সোমবাৰৰ নিশা কাজিৰঙাত কৰ্মৰত বনকৰ্মী বিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰ উপৰিও কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক আটক কৰে৷

বনকৰ্মী বিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা সংগৃহীত গঁড়ৰ খৰ্গ কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক ধনৰ বিনিময়ত দিয়াৰ কথা স্বীকাৰ কৰে৷

বিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰৰ স্বীকাৰোক্তিৰ আধাৰতে কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক আটক কৰে অভিযানকাৰী দলে৷

ধৃত চাৰিজন ব্যক্তিকেই আজি বোকাখাতৰ আদালত হাজিৰ কৰাৰ পাচত আদালতে চাৰিওকে জেল হাজোতলৈ প্ৰেৰণ কৰে৷

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী নুৰ ইছলাম আৰু আব্দুল আলীৰ স্বীকাৰোক্তি মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ীৰ সৈতে আৰু বহু লোকৰ নামো সাঙুৰ খাই আছে৷ পৰৱৰ্তী অনুসন্ধানত আৰু বহু লোক আটক হোৱাৰ সম্ভাৱনা আছে৷

আজি  আদালতত হাজিৰ কৰোৱাৰ পিচত ধৃত চাৰিওজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷

কাজিৰঙাৰ ইতিহাসত অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত হোৱা এই অভিযানত এতিয়ালৈকে ২৫ গৰাকী লোকক গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অপৰাধত বন বিভাগে আটক কৰিছে৷ ইয়াৰে ৮ জনেই হ’ল ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অস্থায়ী আৰু দুজন স্থায়ী বনকৰ্মী৷

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd