NORTHEAST NOW (Assamese)

বিশ্বনাথৰ গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত আৰু এজন লোকক গ্ৰেপ্তাৰ

August 20, 2018 1:11 pm · এন ই নাও নিউজ
বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডিপলোঙা বাগিচাৰ গণ প্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত লোচন পাতৰ।

বিশ্বনাথৰ ডিপলোঙা বাগিচাত এদল উন্মত লোকৰ গণ প্ৰহাৰত এজন নিৰ্দোষী লোক নিহত হোৱা ঘটনাৰ সৈতে জড়িত আৰু এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকজন বাগিচাৰ ১৫ নং লাইনৰ লোচন পাতৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই পৰ্যন্ত ঘটনাটোৰ সৈতে জড়িত মুঠতে ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে ডকমকা কাণ্ডৰ পুনৰাবৃত্তি কৰি যোৱা ১৬ আগষ্টৰ পুৱতি নিশা বিশ্বনাথত এজন নিৰ্দোষী লোকক গৰু চোৰৰ সন্দেহত মৰিয়াই হত্যা কৰা হৈছিল। এই গণ প্ৰহাৰৰ ঘটনাত আন তিনিজন লোকো বেয়াকৈ আহত হৈছিল।একাংশ উন্মত্ত লোকে  দা, লাঠি, লোৰ ৰ’ডৰে চাৰিজন যুৱকৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰ ফলত লোকজনে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল।

ঘটনা অনুসৰি গাহৰি ব্যৱসায় কৰা উক্ত লোককেইজনে পুৱতি নিশা গাহৰি ক্ৰয় কৰিবলৈ বুলি বিশ্বনাথৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত উপস্থিত হৈছিল। কিন্তু, গাঁৱৰ একাংশ উন্মাত্ত লোকে গৰুচোৰ বুলি অভিযোগ কৰি তেওঁলোকৰ ওপৰত জঁপিয়াই পৰাৰ লগতে উপৰ্যুপৰি আক্ৰমণ কৰাৰ ফলত দেবেন ৰাজবংশী (৩৫) নামৰ লোকজন নিহত হয়।

উক্ত ঘটনাত ফুলচন চাহু, বিজয় নায়ক আৰু পুজেন ৰাজবংশী নামৰ আন তিনিজন লোক গুৰুতৰভাৱে আহত হৈছিল।

Related News